সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
বিৰহিণী বিলাপ কাব্য।

নিৰাশাৰ বজ্ৰপৰে
যি দৰে শিৰত,—মোৰো তেনেকুৱা হ’ল!
খতে কীয়া স্বপ্ন,—আহা! ভাগি চিগি গ’ল!

ক’ত গ’ল, হায়! মোৰ

সুখৰ সপোন?
যি স্বপ্নত তেঁৱে স’তে
অতি হৰষিত মনে
খন্তেক সাতৰিছিলো প্ৰেম সাগৰত,
ক’ত গ’ল সেই স্বপ্ন এনুৱা কালত?
*  *  *
*  *  *
কিয়নো সপোন সেই
উলটি নাহিল পুনু?
পদুম! সি কথা মই
নিতে দিনে ৰাতি গুণো।

সেই কথা যেই হোক,

কিয়নো, পদুম!
মোৰ কান্দোনত তই
মিচিকি মিচিকি হাঁহ?
নালাগেনে বেয়া তোৰ? তোৰ হিয়া খনি
শিলেৰে বন্ধোৱা? নাই চেনেহ একনি!