পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮১
ষষ্ঠ সৰ্গ

হদয়ৰ ভিতৰত সেয়ে মাথোঁ যাতনা!
অন্তৰত (হাৰে হাৰে)
তেওঁৰেই ছবি অঁকা
হিয়া মন্দিৰত মোৰ তেওঁৰেই অৰ্চনা॥

অতীতৰ যত সুখ

গ’ল এটি ছুটি কই
আছে মৰু-সমনীয়া পৰাণৰ বেদনা!
নিৰাশা বলুকা তাত
চাৰু ফালে দেখা যায়!
তথাপিও কিয় মোৰি ই দাৰুণ কামনা!

দেৱ তেওঁ স্বৰগৰ

মই কীট নৰকৰ,
বুজিও নুবুজোঁ হায়! নিজে মাথোঁ দুৰাশা!
প্ৰণয়ৰ ফাঁহ পাটি
বান্ধিব তেওঁক খোজোঁ
চকুৰ আগত মোৰ, এয়ে মাথোঁ আকাঙ্খা॥


*  *  *
*  *  *
তেওঁৰ পাৱতে মই
ই জীবন দিম ঢালি,