সমললৈ যাওক

কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য

ৱিকিউৎসৰ পৰা

বিৰহিণী বিলাপ।
(কাব্য)।
 

শ্ৰীহিতেশ্বৰ বৰবৰুৱা।
প্ৰণীত।

 
যোৰহাট, আসাম।
 

 
ইং ১৯১২ সন।

উছৰ্গা।


আছিল যি ঘৰে পৰে সঙ্গিনী প্ৰাণৰ,
অৰ্ন্ধঙ্গিনী, অৰ্ন্ধভাগী দুখ বিপদত,
ফুলে স'তে ফুল মধু সৌরভ মধুৰ,
আশ্ৰিত যিৰূপে লতা তৰুৰ দেহত;
শোওঁতে খাওঁতে, কিম্বা কৰোঁতে ভ্ৰমন
ছয়াঁৰূপে যি আছিল শিতেশ -সঙ্গিনী,
মৰু সমনীয়া এই সংসাৰ মাজত।
হিতেশৰ, যাৰ মূৰ্ত্তি প্ৰফুল্ল নলিনী।
শোক দুখ বিষাদৰ ক'লা মেঘ খনি
আবৰি যেতিয়া ধৰে হিয়া দুভাগাৰ
সি কালত যাৰ সেই মউ-সনা হাঁহি
কৰিছিল অন্তৰৰ দুৰ অন্ধকাৰ।
সেই প্ৰিয়া প্ৰাণ প্ৰিয়া প্ৰাণ-সখী নামে
উছৰ্গিলো “বিৰহিণী” এক-চিত্ত-প্ৰাণে।



ইতি ২২ জুলাই *৯*২।



যোৰহাট
কটকীপুখুৰী
   }
হিতেশ।
 

পাঠিকা সকললৈ।
কমতাপুৰ ধ্বংস কাব্য (page 175 crop)
কমতাপুৰ ধ্বংস কাব্য (page 175 crop)


আছে যদি কোনো মোৰ কোমল পাঠিকা
জ্বলি পুৰি বিৰহত, কান্দিছে শোকত
হেৰুৱাই হৃদয়ৰ সাঁচতীয়া ধন
“বিৰহিণী” দিলো আজি তেঁওৰে হাতত॥
টুকিছে চকুলো যদি কোনোক পাঠিকা
নিৰাশা ঢউত ভাহি প্ৰেম-সাগৰত,
বিৰহ-ব্যাকুলা দীনা “বিৰহিণী” মোৰ
সাদৰে অৰ্পিলো আজি তেঁওৰে হাতত॥
প্ৰণয়ৰ প্ৰতিদান অলপো নাপাই,
কোনো দুৰ্ভাগিনী যদি দেখিছে আন্ধাৰ
উন্মাদিনী “বিৰহিণী” চিৰ হতভাগী
সৰ্পিলো হাতত আজি সেই পাঠিকাৰ॥
কান্দা আজি, হে পাঠিকা!
কান্দাহে খন্তেক উলিয়াই দুচকুত চকুলো দুধাৰ॥

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)
কমতাপুৰ ধ্বংস কাব্য (page 3 crop)