পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এতিয়াও দিয়ে শান্তি
সেই গছৰ ছঁয়াই।

সেই একেদৰে, হায়!—

এতিয়াও আছে নই
‘কুল্-কুল্-কুল্’ কৰি
সেই ধীৰে ধীৰে বই।

আগৈয়ে আছিল যি যি

আছে সেয়ে এতিয়াও;
সলনা-সলনি ক’তো
একো হোৱা নাই!
কিম্তু মাথোঁ অভাগিনী,—
মই চিৰ দুৰ্ভাগিণী
আপোন অৱস্থা, হায়!—
আনিলো সলাই!

১০
শোকাকুল হই মাথোঁ

কান্দিছোঁ নিতউ মই।
দুয়োটি চকুৰে পানী

সদাই ধাৰেৰে বই।
⸺·×·⸺