সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
বিৰহিণী বিলাপ কাব্য

ক’লা দাৰৰ গাত বিজুলীৰ হাৰ?
কিয় মধুময় সুৰে
মাতে পুনু জুৰে জুৰে?—
“আঁহা আঁহা” বাজে কিয় আশাৰ ঝঙ্কাৰ?

কন্দা মাথোঁ সাৰ হ'ল!

হিয়! মাথোঁ ভাগি গ’ল!
নীৰৱে চিগিল মাথোঁ তাঁৰ হৃদয়ৰ।
শূন্য মৰুভূমি, হায়!
মৰিচিকা দেখা পাই
সহিলে পিয়াহে মাথোঁ মানস অন্তৰ!

হৃদয়ৰ মন্দিৰত

“বেদি” তুলি মানসত,
এক ধ্যানে থাপিছিলো “দেৱ” হেপাহত!
ই মোৰ পৰাণ লই
চকুপানী মিহলাই,
উছৰগ কৰিছিলো সেই চৰণত॥

গোটেই জীৱন ভৰি,

অশেষ কামনা কৰি,
এক মনে সাধিছিলো “দেব” তুল্য ভাবি!
কায়মনে,⸺এক প্ৰাণে