ফুলৰ কোমল হিয়া, মিছা কথা তেনে। মিছা সৰলতা ছবি, মিছা মিচিকীয়া হাঁহি সকলােটি হ’ল বেয়া আজি দুৰ্দ্দিনত! ভাল মাথোঁ থাকে ভাল সম্পদ কালত॥ * * * * * * থাক বাৰু, সন্ধ্যা হ’ক বেলিটিও মাৰ য’ক কান্দিব লাগিব তয়ো পৰি বিৰহত! এতিয়া হাঁহিছ মােক, জানিবি পাছত॥