কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/পঞ্চম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২৩০ ]

পঞ্চম সৰ্গ।
⸺<>⸺
(মাধৈ লতাৰ পৰা নিয়ৰৰ টোপা সৰি
থকা দেখি
)

কিয়নো, মাধই লতা
কান্দ এই শেহ নিশা।
কাৰ বিৰহত? তোৰ আছেনো বা কোন।
টপ-টপ-টপ কৰি
পৰিছে চকুলো তোৰ।
কিয় কান্দ? কাত লাগি সছাঁই কছোন।


মাটীয়ে বালীয়ে শুই,
চকুৰ পানীৰে তোৰ
তিয়াৱ তলৰ ঠাই কাৰ বিৰহত?
কাকননা নাপাই তই
বিণাৱ ইদৰে আজি।
কছোন, লাহৰী লতা নাৰাখি কপট।


তৰুৰ বিহনে তোৰ
ওলাইছে চকুপানী,
নাপাই তৰুক তই বাগৰ মাটীত

[ ২৩১ ]

নিৰাশাৰ সাগৰত
ফুৰিছ ওপঙ্গি তই,
তিতিছে সি বুলি মাটী চকুৰ পানীত?

তৰুৰ বিহনে তোৰ

কান্দিছে পৰাণ মন?
মোৰ চকু দুটা তেন্তে কিয় নাকান্দিব?
চাওঁতে চাওঁতে বাট
বিষালে দুচকু মোৰ,
ইমানতো নেকি মোৰ স্বোৱামী নাহিব?

আৰু কতদিন, লতা!

কান্দি কান্দি বাট চাম?
কতদিন আৰু মই জপিম যি নাম?
যি নাম জপিলে হায়!
জ্বলে হদয়ত জুই

বিয়াকুল হয় মন, অথিৰ পৰাণ॥
⸺·×·⸺
(নই)

বিৰহৰ জ্বালা তুমি জানা ভালকই, নদি?
সিকাৰণে সদা তুমি সাগৰ-সঙ্গমে,
কোনো ফালে চকু নিদি, নামানি বাধা-বুধলি
দিন ৰাতি যোৱা তুমি আকুল পৰাণে॥

[ ২৩২ ]

সি মহা জ্বালাতে আজি মইও তাপিত, নদি!
ময়ো যে ব্যাকুল আজি স্বামীক বিচাৰি!
বিৰহৰ তুহ জুয়ে পুৰিছে হৃদয় মোৰো
স্বামীৰ বিৰহে ময়ো
কান্দিছোঁ বাগৰি॥
*  *  *

হেজাৰ হেজাৰ ঢউ থই থই আঁতৰাই

সমুদ্ৰে তোমাক, নদি!
কৰে আলিঙ্গন!
তুমি দুয়ো হাত মেলি সুখে আলিঙ্গন কৰি
পতিয়ে সইতে হোৱা
আনন্দে মিলন॥

কিন্তু মোৰ দশা নদি! চোৱাছোঁন ভাবি তুমি

টোপনীত কত দিন
দেখোতে সপোন,
হাত দুটি মেলি মেলি তেওঁক ধৰিব খোজোঁ,
নাপাওঁ ধৰিব হায়!
নহয় মিলন॥

সাৰ পাই কান্দো কাটোঁ চকুৰ চকুলো টোকোঁ

পুৰি মৰোঁ বিৰহৰ

[ ২৩৩ ]

জ্বলা অগনিত!
কোৱাছোঁন কোবা নদি! পাম কি তেওঁক মোৰ?
পাম জানো মিলনৰ

সুখ পৃথিবীত?
⸺·×·⸺

(শোৱনী কোঠাত সোমাই)
কাৰ নিমিত্তেনো আৰু
ধাৰী-পাটী পাৰি থম?
থাক পৰি ধাৰী-পাটী!
মাটীতেই পৰি ৰ’ম!

নাই মোৰ প্ৰাণপতি

বিহ যেন ধাৰী-পাটী
শিমলু তুলাৰ তুলি যেন কাঁয়েটীয়া!
থাক্ পৰি ধাৰী-পাট
তোতকই ভাল মাটী,
মাটী যে শীতল,—তাত বিহ নাইকিয়া .

বিৰহৰ তুহ জুই

বুকুৰ মাজত লই
এনেই হইছোঁ মই পুৰি দেই ছাই॥
তাতে তয়ো, ধাৰী-পাটী
আছ কালকূট সানি
তুলি!—তয়ো আছ লই কাঁইট ভৰাই॥

[ ২৩৪ ]
কমোৱা তুলাৰ গাৰু

কোমলতা নাই আৰু
শিলাময় হ’লি তই শুম কেনেকই?
আঠুৱা তয়ো যে ঐ
উঠিলি শতুৰু হই;
সুখৰ শোৱনী ঘৰ জুই-শাল তই॥

দাপোন-কাকই যোৰ

কিবা কাজ আৰু মোৰ?
গুছি যোৱা তোমা-দুয়ো আনৰ কাষত।
কোনে চাব খোঁপা মোৰ
সেন্দুৰৰ ফোঁট যোৰ
চাই যিটে ধুন মোৰ নাই যে ঘৰত॥

শোৱনী কোঠাৰ চাকি

কিয়নো জ্বলিছ তই?
জ্বলিছ,—কিন্তু যে নাই অলপো পোহৰ।
বিৰহ এন্ধাৰ খেদি
কোঠাটো পোহৰ ভৰা
পাৰ কি কৰিব তই বিহনে নাথৰ?

মিছা কথা, ছাকি! তই

নালাগে জ্বলিব আৰু

[ ২৩৫ ]

স্বোৱামী নাহিলে ঘৰ নহয় পোহৰ!
কি কাজ মিছাতে জ্বলি;
সুমা সুমা ছাকি তই
জ্বল গই আছে যাৰ স্বোৱামী প্ৰাণৰ॥

⸺·×·⸺
(গোলাপ)
গোলাপ ঐ        

স্বামী থকা হলে হায় এনুৱা কালত
আঁচুৰি মুৰৰ চুলি
সুন্দৰ খোঁপাটী বান্ধি
পিন্ধিলো তোমাক হয় আনন্দ মনত!

গোলাপ তোমাক চিঙ্গি

সুন্দৰ দোলেৰে গাঁথি
সজালো হেতেন ৰঙ্গে ধাৰি পাটী মই!
নাই হায়! কিন্তু মোৰ আজি সি সময়॥

স্বোৱামী যে নাই আজি

কি কাজ তোমাক পিন্ধি
কোনে চাব আজি মোৰ ফুলময় বেশ?

সি হেতু গোলাপ! মই পাওঁ বৰ ক্লেশ॥
⸺·×·⸺
(পৰ্ব্বত।)

শিলেৰে বন্ধোৱা দেহ!
কঠিন পৰ্ব্বত

[ ২৩৬ ]

কি ৰূপে বুজিবি তই
প্ৰাণৰ যাতনা ঐ
অন্তৰৰ দুখ মোৰ? তোৰ যে হৃদয়
লোহাতো অধিক টান, তই শিলাময়!

কঠিনতা ছবি লই

আছ থিয় হই তই
কঠোৰ ভাবেৰে হায় দেখাইছ মুখ
পাৰ কি বুজিব তই অভাগীৰ দুখ?

কঠিন পদাৰ্থ লই

বন্ধাইছ হিয়া তই
পিন্ধি কঠিনতা-সাজ আছ থিয় হই
কিৰূপে বুজিবি দুখ বিৰহৰ তই?

কি দিন কি ৰাতি তোক

সহিব নোৱাৰি দুখ,
কান্দি কান্দি চকুলোৰে দিছোঁ ওপঙ্গাই,
চকুলোৰ নই হায়! পঠালো বোৱাই॥

তথাপি নহ’ল দয়া,

নাই নেকি তোৰ মায়া?
নুমুছিলি চকু-পানী মোৰ দুচকুৰ।
কঠিন পৰ্ব্বত! তোৰ হৃদয় কঠোৰ॥

[ ২৩৭ ]

(নইৰ দাতিত)
দেহি ঐ।       

পৰোঁ-পৰোঁ-হোৱা ৰঙ্গা বেলিটীয়ে
ঢালিছে কিৰণ ৰ’দ্।
সোনালী সাজেৰে হাঁহে নই খনি
বজাই সুৱলা গদ্॥*

সোনালী মুকুট পিন্ধিছে মুৰত

ঠউকী-বাঠুকী ঢউ!
কুল কুল কৰি গীত গাই নদী
ঢালিছে অমিয়া মউ॥

সাগৰৰ ফালে উত্ৰাৱল নদী

একান্ত মনেৰে যায়।
শুনাব খুজিছে জানো প্ৰেমকথা
আজি মিঠা গীত গাই॥

ৰ’বাছোঁ অলপ ৰই যোবা, নদি!

শুনি যোৱাঁ মোৰ দুখ।
পাইছোঁ যেনুৱা সন্তাপ মনত
নেদেখি স্বামীৰ মুখ॥


“গদ্” বা গৎ।

[ ২৩৮ ]

বধ লাগে নদি! ৰ’বাছোঁ খন্তেক

চকুলো এধাৰি নিবা।
যদি ক’ৰবাত পোৱা স্বোৱামীক
তেওঁৰ পাৱতে দিবা॥

নাৰী জনমৰ শেষ উপহাৰ

চকুৰ চকুলো ধাৰি।
লই যোৱা নদি! দিবা স্বোৱামীক,
মাতিছোঁ কাকুতি কৰি॥


কমতাপুৰ ধ্বংস কাব্য (page 238 crop