পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ সৰ্গ!
⸺·×·⸺
(স্বপ্ন)
সপোন ঐ!        

মিছাতে খন্তেক মাথোঁ
দেখুৱালি সেই মূৰ্ত্তি
অতীত প্ৰাণৰ দুখ কৰিলি দুগুণ!
সপোন! এনুৱা তই কিয় নিদাৰুণ?
বহু দিনাৱধি হায়!
নেদেখি নেদেখি মোৰ
প্ৰায় সহিছিল প্ৰাণে বিৰহ যাতনা
কত ভাবি, কত কান্দি
অনকে বুজাই কত
প্ৰায় শেষ হইছিল প্ৰেমৰ ভাবনা!
সুন্দৰ লাৱণ্য ছবি,
মউ সনা, মৃদু হাঁহি,
মিছাতে খন্তেক মাথোঁ কিয় দেখুৱালি?
অনন্ত চিন্তাত পৰি