পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


প্ৰায় হইছিল শেষ
আভা ফেৰি মাথোঁ হায় আছিল উজ্জ্বলি॥

কিন্তু যে সপোন তই

এখন্তেক দেখুৱাই
এটি দুটি কৰি হায় সকলোটি জগালি।
মিছাতে ছঁয়াৰ দৰে কিয়নো যে দেখালি?

বহুত দিনৰ পাছে

দেখা হ'ল তেঁৱে সতে
দেখা হ’ল, সঁছা,-কিন্তু দেখাও নহ'ল।
অক্ষয় অনন্ত কাল
প্ৰাণে চাব খোজে যাক
খন্তেক দেখিতো হায় হেপাহ নগ’ল?

নি দাৰুণ হেপাহত

সাগৰ শুহিব খোজে,
গুছে কি পিয়াহ তাৰ এটোপা পানীত?
পূৰ্ণিমাৰ ৰঙ্গা জোন
চাব খোজ প্ৰাণে যাৰ,
তাৰ কি হয় শাত হয় জোনাকীত?

   সপোন ঐ!

দেখা শেষ হই গ’ল
যি হবৰ সেয়ে হ’ল,