কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/অষ্টম সৰ্গ

ৱিকিউৎসৰ পৰা

[ ৭৬ ]
অষ্টম সৰ্গ।
⸻⸺

“There Is no union here of hearts
That finds not here an end :
*   *   *
Beyond the flight of time.
Beyond this vale of death,
There surely is some blessed clime
Where life is not a breath,
There is a world above
where parting is shown :
A whole eternity of love,
Form'd for the good alone.
                ⸻Montgomery.

“ক’ত! সখি। এতিয়াও নাহিলে পমিলী?
পুৱাতেই গ’ল বুঢ়ী, কিয় অত বেলি?”
কমতাপুৰৰ পৰা বহুত দূৰই
এখন বনত ধীৰে গোলাপীয়ে কয়।
"এৰা সথি। অত বেলি পাব লাগিছিল,—"
ধীৰে ধীৰে কুঁৱৰীয়ে গোলাপীক কয়,—

[ ৭৭ ]

“জানোঁ সখি! আহি নন্দ নাই পােৱাহি বা?
সি কাৰণে, জানো বুঢ়ী আছে তাতে ৰই?”
“কিয় সখি! নাপাবহি তেওঁ আহি ঘৰ?
কে’বা দিনো হ’ল আজি, দেখিছিলে হেনো
তেওঁক বহুতে সখি! বাটত এদিন;—
কিয় বুঢ়ী অহা নাই? তাকে মাতোঁ গুণো।
নে, সখি! খুজিছে তেওঁ আহি সন্ধীয়া
পমিলীৰে স’তে দুয়ো এই বনলই?
দেখা নাই বাট-পথ ক’ত আছোঁ আমি,—
সি বুলি বা বুঢ়ী সখি! আছে তাতে ৰই।”
“জানো সখি! ৰ'বাছােন” কলে কুঁৱৰীয়ে,—
“গধূলি হ'লেতো বুঢ়ী আহিব উলটি?
উতলা নহ'বা সখি! থিৰভাৱে ৰােৱা,—
নহবা মিছাতে তুমি বিয়াকুল অতি।”
এই বুলি কুঁৱৰীয়ে ৰ'ল মনে মনে;—
সৰুক চাই খুঙ্গে গােলাপীয়ে কয়;—
“যােৱাঁ দেৱ! যোৱাঁ তুমি, লুকুৱাঁ আঁৰত
আকাশ পথৰপৰা বেগা বেগি কই।
তোমাৰ ৰথৰ ঘােৰা খেদোৱাঁ বেগাই—
জুই বৰনীয়া ছঁয়া পৰােক মেম্বত;
যোৱাঁ দেৱ। যােৱা তুমি, নাথাকিবা আৰু
আকাশ মাৰ্গত; যোৱাঁ অস্ত-অচলত।
ৰথৰ সাৰথী তুমি নিজেই, অৰুণ!—
কোবাই কোবাই ঘােৰা কিয় নেখেদোৱাঁ?

[ ৭৮ ]

পলম কিয়নো কৰা? বেগা-বেগি কই
সুৰুযক লই তুমি কিয়নো নোযোৱা?
নিতে নিতে তুমি পখি! চলাইছা ৰথ,—
বিষালে বা হাত ঘোৰা খেদোতে-খেদোতে?
অৰুণ! তোমাৰ নে কি লাগিছে ভাগৰ
সুৰুযে সইতে নিতে ফুৰোতে-ফুৰোতে?
এদিনো আজৰি নাই,—নিতে পুঁৱা হ'লে,
এহাতেৰে দোল ধৰা,—এহাতে আচাৰি;—
‘এক চক্ৰ ৰথ’ খনি নিতউ চলোৱাঁ
আকাশে দি,-পশ্চিমৰ ফালে মুখ কৰি ।
সি বুলি অৰুণ! যদি লাগিছে ভাগৰ,—
সোনকালে যোৱাঁ আজি অস্ত গিৰিলই,—
জুড়োৱা খন্তেক তাতে, পলোৱাঁ ভাগৰ,
আকউ আনিবা ৰথ ৰাতিপুৱা কই!
আহাঁ হে সন্ধিয়া সখি! দিয়া ঢালি তুমি
ধোৱা বৰণীয়া আহা! শীতল কিৰণ!
দেশ-এৰা প্রবাসীয়ে ভূলক খন্তেক
হৃদয়ৰ শোক, তাপ, বিৰহ দহন!”
এনে সময়তে আহি পালেহি পমিলা
শোকত চকুলো টুকি কান্দো কান্দোঁ হই—
পমিলীক এনে লেখি শুধিলে গোলাপী,—
“কিয়, বাই! চকু-পাণী টোকা এনেকই?
সৰ্ব্বনাশ নে কি, বাই ঘটিছে তেওঁৰ?
আহি তেও নেকি হায়! পোৱাহিয়ে নাই?

[ ৭৯ ]

অথিৰ-অবিৰ মোৰ হইছে হৃদয়,—
কি ঘটিছে? কিয় কান্দা? কোৱা মোক বাই!
“অদৃষ্ট তোমাৰ আই!" ক’লে পমিলীয়ে,—
“মুখত নোলায় কথা, তেওঁ আৰু নাই!
সাৰিলে সংসাৰ-হাত! তেওৰ শোকত
নাকান্দিবা মিছামিছি আৰু তুমি আাই!
ফাটি বা হৃদয় কান্ধি গোলাপীয়ে কয়,
ঈশ্বৰো কি হায় বাই! এনুৱা নিৰ্দ্দয়?
আধাফুলা ঢোপাকলি চিঙ্গে বতাহত,
দয়া মায়া, বাই! তাৰ নাইনে মনত?
“নহয় ঈশ্বৰ আই! মানুহে কৰিলে!"
চকু পাণী টুকি টুকি পমিলীয়ে কয়,
“অকাল মৃত্যুত তেও এৰিলে সংসাৰ!
কিৰূপেনো কওঁ আই! পৰানে নসয়।"
পমিলীৰ কথা শুনি কয় গোলাপীয়ে
হৰিনীৰ চকু তেন দুচকু পকাই;
“পিশাচিনি! দিছ কিয় দুখ নৰকৰ!
দয়া, মায়া, সেই তোৰ একোৱে কি নাই!
নন্দনে কি আত্মাঘাতী হল তেনে বুৰি?
কছোঁ মোক মাথোঁ হায়! হয়নে নহয়?
যদি কৱ হয় বুলি, তেনেহলে তোৰ
বিন্দু মাত্ৰো নাই দয়া, নিৰ্দ্দয় হৃদয়॥
হয় কথা বিষময়, তক্ষকৰো বিষ
অতি তুচ্ছ তাৰ ঠাই নানিবি মুখত।

[ ৮০ ]

যদি কৱ হয় বুলি, পিশাচিনী তই।
জিবা জ্বলি যাব তােৰ দাৰুন বিষত॥”
“কিয় কৰা খঙ্গ মােক, কয় পমিলীয়ে
“কিবা দোষ মােৰ আই? যদি খঙ্গ কৰা
নকঁও একোকে আৰু মনে মনে থাকা;
মিছাতে ফুৰিলে মাথোঁ ৰাতি-পুৱা পৰা॥
“বেজাৰত কও কিবা, নালাগিবা তাত”
ইনাই বীনাই কান্দি গােলাপীয়ে কয়,
কোৱাঁ তেওনে কি, বাই হল আত্মঘাতী?
নকৰিবা বেলি, মােৰ দহিছে হৃদয়।
“আত্মঘাতী নাই হােৱা” কয় পমিলীয়ে,
“কিবা দোষ পাই হায়! কটালে ৰজাই,
কিন্তু কি দোষত হায়! নাপালাে শুনিব!
শুনা হলে, ক'লো হয় তাকো মই আই।”
এই বুলি পমিলীয়ে টুকিলে চকুলাে!
হিয়ামূৰ ভূকুৱাই গোলাপী কান্দিলে!
বাৰিষা কালত যেন বৰষুন পাণী,
চকু পাণী দুচকুত সিদৰে সৰিলে!
“ফাটি যা হৃদয়!” কান্দি কয় গােলাপীয়ে
“ফাটি যা দুচিটা হই! হতভাগ্য প্ৰাণ
সৰ্বস্ব ধুকালি তই কালৰ চক্ৰত!
যা বাহিৰ হই! তোৰ নলওঁ যে নাম!
অসাৰ অনিত্য দেহা! যা মিহলি হই
মাটীৰে সইতে! আৰু কি থাক তই

[ ৮১ ]

বল শক্তি শৰীৰৰ? শ্মশান মাজত
যা অ দেহা! তেৰে স’তে অনন্দ-মনত!
বিষাদত কান্দি কান্দি ক’লে কুঁৱৰীয়ে
সখীলই চাই ধীৰে, নাকান্দিবা সখি!
কান্দিলে নোপোৱা আৰু দেখি সি মুখ;
এই জগতত আৰু তেওঁক নেদেখি!
নেদেখা ৰাজত সখি তেওঁ আছে গই
কান্দিলে নুশুনে তেওঁ নোপোৱা তেওঁক!
যেনুৱা তাগাত, সখি! তেনেকুৱা হ’ল!
নাকান্দা মিছাতে, আৰু নকৰিবা শোক!
সখীক ইদৰে বুলি সাদৰী কুঁৱৰী
পমিলীৰ ফালে চাই শোধে ধীৰে ধীৰে,
“টুকি কথা বাই! হায়! হিল ৰজাৰ?
হিতাহিত নিবিচাৰি ব্ৰহ্মা বধ কৰে?
উস! কোনে জানে কালসৰ্প থাকিব ফুলত?
ৰাক্ষসে কৰিব বাস দেব মন্দিৰ ত!
মুখনি নুন্দৰ যাৰ-হিয়া এনেকুৱা?
কোনে জানে জুই-দ হব ৰাতি-পুৱা?
“কেৱলে কি ব্ৰহ্মবধ?” কয় পমিলীয়
তাভো কেছি পাপ আই কৰিলে ৰজাই,
হৰিনাৰ মাংস বুলি মাংস পূতেকৰ
মন্ত্ৰীক খুৱালে উস! ছখ কৰি আই!
খাই-বই উঠিলত অমোৱালে মান্তি
ৰজাই মন্ত্ৰীক হেনো ৰাজ সভাই

[ ৮২ ]

পুতেকৰ মুৰ আনি দেখালে মন্ত্ৰীক
মাংসৰো যে কথা হেনাে দিলে ভাঙ্গি কই!
কান্দিলে মন্ত্ৰীয়ে হেনো বহুত বীনাই;
বহু ধনভাঙ্গি বােলে হল পৰাচিত!
এতিয়া ৰাজ্যত নাই, গ'ল তীৰ্থলই;
নাহিব উলটি; হেনো থাকিব কাশীত!”
পমিলীৰ কথা শুনি, শুধিলে গােলাপী
কান্দি কান্দি,-“কছো বাই। সছাঁ-সঁছি কই
আছেনে তেঁওৰ মুৰ ৰজাৰ হাতত?
এতিয়া তালই গ'লে দেখিমনে মই?”
“এতিয়াও আছে আই। ৰজাৰ হাততে”
চকুপানী টুকি টুকি পমিলীয়ে কয়,
“যদি যোৱা, পাবা দেখা, যদি চাব খােজা,
সােনকালে যােৱাঁ আই! ৰজাৰ তালই।”
কথা শুনি পমিলী, ইনাই-বীণাই
গােলাপীয়ে কলে কান্দি ৰাণীলই চাই
“দশা বেয়া মােৰ সখি! যিহ'বৰ হ’ল!
দুপৰ নউ হওতে বেলি মাৰ গ'ল!
যি আছিলে সেয়ে হ’ল! কান্দিছো মিছাতে!
পমিলীয়ে স'তে আজি থাকাছোঁ বনত।
আহোঁছোঁ মই এবাৰ নগৰৰ পৰা,
আকউ আহিম; চিন্তা নানিবা মনত।”
“এনে বেজাৰত সখি! মনৰ বেগত
নালাগে তালই যাব, যদি যােৱাঁ সখি!

[ ৮৩ ]

হৃদয়ৰ জ্বলাজুই উজ্বলি উঠিব
(ভাবিলে পৰণ কালে!) সেই দৃশ্য দেখি!
যােৱা যদি, পাছে যাবা আন দিনলই;
এতিয়া নালাগে যাব, কথা শুনা, সখি!
কটাঘাত চেঙ্গা তেল দিলে কি লাভ?
জ্বলিব পৰাণ মাথো, হ’বা মাথোঁ দুখী।”
“আতােকই আৰু সখি কি জ্বলিব জুই
কান্দি কান্দি গােলাপীয়ে কুঁৱৰীক কয়,
“জ্বলিবৰ আছে যদি, চাওঁ জ্বলায়েই;
নাবাধিবা সখি! মােৰ জ্বলিছে হৃদয়।”
এই বুলি গােলাপীয়ে নগৰৰ ফালে
বেগেৰে ধৰিলে খােজ, সন্ধীয়া লগাত
পালেহি নগৰ আহি, দেখিলে ৰজাক
বহি থকা দুখ মনে অকলে চৰাত!
“মহাৰাজ। পতি ঘাতী তুমি অভাগীৰ?”
কান্দি কান্দি গােলাপীয়ে বুলিহে ৰজাক,
“ফুলতে কৰি মােক অনাথ বিধৱা;
শিলেৰে গঢ়িলে নেকি ঈশ্বৰে তােমাক?
এপাত পাণৰ বহ নউ পাওতেই
স্বোৱামীক বধি মােক বিধবা কৰিলা।
এমে কি ৰজাৰ ধৰ্ম্ম? ব্ৰহ্মবধ কৰি
পবিত্ৰ বংশত কিয় কলঙ্ক আনিলা?
সেই যেই হক ৰাজা! কৰিছোঁ মিনতি,
দিয়া অভাগীক মােক মুৰটী স্বামীৰ

[ ৮৪ ]

হেপাহ পূৰাই লই হিয়াৰ মাজত,
জুড়াও হৃদয় মোৰ অথিৰ-অবিৰ।
বেলি নকৰিবা, ৰাজা! মাতিছোঁ তোমাক
মুৰটী তেওঁৰ মোক দিয়া উলিয়াই।
শেষ চোৱা লওঁ চাই এই জনমত
লও দেখি আজি মই হেপাহ পূৰাই।”
“কি কইছা সখি! তুমি একো বুজা নাই।”
গোলাপীক ধীৰেধীৰে বুলিলে ৰজাই,
বিয়া নউ দিওতেই, বাৰী হলা তুমি।
মানে কি ইয়াৰ, সখি ? নাপালো যে গুণি!”
নাই দিয়া বিয়া সছা! বিয়া দেশাচাৰ
নিদিলেও বিয়া; তেওঁ স্বামী অভাগীৰ
বৰিছিলো মনে মনে মিলিছিলে মন
অন্তৰে অন্তৰে ৰাজা! আমি দুয়োটীৰ!
দেশাচাৰ মতে হায়! দেখনিয়া বিয়া
যদিও নহল ৰাজা আমা দুয়োটীৰ,
ইটে সিটে দুয়োটীকে ভাল পাইছিলো,
নহলেও বিয়া, তেঁবে স্বামী অভাগীৰ!
তেওঁকেই ভাবি ভাবি নিয়াম জীৱন,
বেলি নকৰিবা, দিয়াঁ মূৰ উলিয়াই;
হিয়াৰ মাজত লই শাঁত কৰো প্ৰাণ,
হেপাহ পুৰাই হায়! লওঁ আজি চাই ।
‘ইকি আচৰিত সখি?” বুলিলে ৰজাই
“তোমা দুয়ো সখী নেকি একেই বিধীয়া?

[ ৮৫ ]

গুপ্ত প্ৰেম তাৰে সতে দুয়ােৰে আছিলে?
আছিলে কি নন্দ হায়! এনুৱা পপীয়া।
একে কলঙ্কৰে নেকি দুয়াে কলঙ্কিনী?
দুয়ো সখী একে দৰে পাপত মজিলা?
চিৰ পবিত্ৰতা ভৰা কমতা পুৰত ,
কলঙ্কৰ পানী দুয়াে সখীয়ে ঢালিলা?”
“কি কইছা তুমি ৰাজা! দুয়াে সখী বুলি?
একো নুবুজিলোঁ হায়।” গোলাপীয়ে কয়,
মই বাৰু কলঙ্কিনী আৰু কোন সখী
আছে এই নগৰত কলঙ্কিনী হই?
মােৰ সতে ভাল পোৱা আছিলে তেওঁৰ,
গুপ্ত প্ৰেম তেঁৱে সতে আৰু কাৰো নাই!
তােমা দুয়ো সখী বুলি কোৱাঁ কি ভাবত
একো বুজা নাই মই দিয়াঁছোঁ বুজাই।
“কিয় কোৱা মিছা কথা”? বুলিলে ৰজাই
"জানা তুমি সকলোটী নন্দৰ লগত
কুৱৰীৰো গুপ্ত প্ৰেম আছিলে নিশ্চয়
কিয় মিছা কোৱা তুমি মােৰ সন্মুখত?”
“এনুৱা মিছা সন্দেহ কিয় কৰা ৰাজা?”
আচৰিত হই শােকে গোলাপীয়ে কয়:—
“কিহত জানিলা তুমি? কিয় অবিশ্বাস?
সতী পতিব্ৰতা ৰানী, অসতী নহয়॥”
“অসতী নহয়? সখি! অসতী কুঁৱৰী,
প্ৰমাণ দেখালে তুমি পাৰিবা বুজিব,”

[ ৮৬ ]

এই বুলি চিঠি খনি(মোকলাই লোৱা
ৰিহাৰ গাঁথিৰ পৰা) ধৰিলে পঢ়িব।
চিঠি পঢ়া অন্তহল—কলে গোলাপীক
“ইমানতো নেকি তুমি বিশ্বাস নকৰা
ৰানীকো তোমাৰ দৰে বামুণ নন্দৰ
গুপ্ত প্ৰণয়িনী বুলি কলঙ্কেৰে ভৰা?”
“কি কাম কৰিলা ৰাজা?” কয় গোলাপীয়ে
দুখে হুমুনীয়া কাঢ়ি ৰজালই চাই;
এই চিঠিয়েই নেকি দুৰ্দ্দশা ৰানীৰ?
ইয়াতেই নেকি তেওঁ বনলই যায়
এয়েই প্রমাণ নেকি আৰু অাছে ৰাজা?
ইয়াতে ৰানীক নেকি ভাবিছা অসতী?
আৰু যদি পোৱা নাই একোতে প্রমাণ,
তেনে কুৱৰীৰ হল মিছাতে দুৰ্গতি।
“প্রমাণ চিঠিত বাজে আৰু মোৰ নাই।”
বিয়াকুল মনে ৰজা গোলাপীক কয়,
“কিবা যদি জানা সখি, কোৱাঁ শীঘ্ৰে মোক
কুৱৰীক ভাবি মোৰ কান্দিছে হৃদয়।”
“বহুদিনাৱধি মোৰ আছিলে প্রণয়
মন্ত্ৰীৰ পুতেকে সতে” গোলাপীয়ে কয়,
“পাছে হায়! সেই কথা গম পালে গই
নন্দৰ বাপেক মাকে লাহে লাহে কই।
কত চেষ্টা কৰিছিলে কত যত্ন কৰি
নোৱাৰিলে এৰুৱাব কিন্তু পুতেকক,

[ ৮৭ ]

সেই বুলি, ছল কৰি দিলে পঠিয়াই
গঙ্গাতীৰলই হায় পাইত নন্দক।
তীৰ্থলই গ'ল তেওঁ থাকিলোঁ ইয়াতে
বিৰহৰ জ্বলাজুই ফুঁৱাই ফুঁৱাই।
তেওঁল’কে দিবলই এই চিঠিখনি
লেখােৱাইছিলোঁ। মই সখী-হতুৱাই।
তুমি দেখা বুলি ৰাণী ভয় ভয় কৰি,
লিখিছিলে চিঠি তুমি টোপনী গ'লত;
লিখি এতালত, পাছে থইছিলে বান্ধি
সামৰি-সুতৰি হায়! ৰিহাৰ আগত।
পাছ দিনা ৰাতিপুৱা চিঠি খুজিছিলোঁ,
বিচাৰি নেপালে তেওঁ ৰিহাৰ আগত!
এতিয়া জানিলোঁ ৰজা। তুমি চিঠি-চোৰ;
মােকোলাই নিলা তেওঁ টোপনী গ'লত!
এতিয়া জানিলোঁ তুমি মিছা সন্দেহত
ব্ৰহ্মবধ মহাপাপ কৰিলা বংশত।
মিছাতে ৰাণীক দিল দুখ দুৰগতি,
নিশ্চয় জানিবা ৰাণী নহয় অসতী।”
“সত্য কৰি কোৱাঁ সখি!” বুলিলে ৰজাই,
“কান্দিছে হৃদয় মােৰ দাৰুণ শােকত!
নােহে কি অসতী ৰাণী? চিঠি কি তোমাৰ?
ত্যজিছোঁ তেওঁক নেকি মিছা সন্দেহত?
ইচ্ছাময়! জগদীশ! গুছুৱাঁ সন্দেহ
হৃদয়ৰ পৰা মােৰ! কৰা দৈৱবাণী,

[ ৮৮ ]

অসতী নহয় ৰাণী, নাই চোৱা পাপে
কুৱৰীৰ দেহা, সতী পতিব্ৰতা ৰাণী।
গুছুৱাঁ সন্দেহ মােৰ পুনু আজি যাওঁ
আনােগই মাতি-বুলি দেবী হৃদয়ৰ,—
কমতাৰ ৰাজলক্ষ্মী, যাৰ সদ্‌গুণত
মােহিত আছিলে হায়! কমতা নগৰ।
মই অতি নৰাধম! ভাবি নাচাই,
সতী তিৰুতাক দিলোঁ দুখ হৃদয়ত।
হৃদয়ৰ ৰত্ন হায়! দিলোঁ দলিয়াই;
ঠাই আৰু নাই মােৰ কতাে নৰকত।”
“সত্য কৰি কও ৰজা।” গােলাপীয়ে কয়
“সতী পতিব্ৰতা ৰাণী অসতী নহয়।
সাক্ষী আছে মহাৰাজ! সৌৱা জোন তৰা!
সেই চিঠি মােৰ, ৰাণী সতীত্বৰে-ভৰা।
সেই যেই হ’ক হয়! যিহকে কৰিলা,
উলিয়াই দি মােক মুৰ স্বোৱামীৰ!
হেপাই পূৰাই লই হিয়াৰ মাজত
শাত কৰো মন প্ৰাণ, হৃদয় অথিৰ।”
 এই বুলি গােলাপীয়ে কান্দিব ধৰিলে,
ৰজাই নন্দৰ মুৰ দিলে উলিয়াই।
ইনাই-বিনাই কান্দি অতি হেপাহত
হিয়াৰ মাজত ল'লে অভাগী সুমাই।
“প্ৰাণেশ্বৰ! প্ৰাণনাথ! অভাগীত লাগি
অকালতে হায়। তুমি ত্যজিলা পৰাণ।

[ ৮৯ ]

নাকান্দো সি বুলি আৰু। সুখী তাত দাসী
ত্যজিম পৰাণ আজি সইতে তােমাৰ।
বলাঁ নাথ! বলা যাওঁ দুয়াে একে লগে,
নুমাও দুয়োৰে আজি হৃদয়ৰ জুই।
বিষময় ই সংসাৰ এৰি বলা নাথ,
নিত্য ধামলই যাওঁ, সেই স্বৰ্গপুৰ।
পৃথিবীৰ ভাল পােৱা দুদিনীয়া মাথোঁ
নহয় চিৰকলিয়া প্ৰেম সংসাৰৰ।
কিন্তু নাথ! আছে তাত সিপাৰে মেঘৰ
স্বৰ্গ নামে দেশ এক অনন্ত সুখৰ।
নাই ভিন সি দেশত বামুণ শুদিৰ,
নাই তাত জাতী কুল ধনী ধনহীন।
বিৰহ বিচ্ছেদ তাত নাই শােক তাপ,
কি ৰজা কি প্ৰজা তাত নাই একো ভিন।
বলা নাথ! দুয়ো আজি যাও সি দেশত,
—ভিন-পৰ ঘিনা-ঘিনি থকা ঠাই এৰি,
তিয়াগি সংসাৰ ঘােৰ শােক-তাপ ভৰা-
যত নাই শােক-তাপ সন্তাপ এফেৰি।
সি ঠাইত দুয়াে আমি নােহোঁ এৰা-এৰি,—
বিৰহৰ গে ন্ধো নাই;—নিতউ মিলন।
'কলঙ্কিত’ বুলি নাথ নােৱাৰে নিন্দিব,—
প্ৰকৃত প্ৰেমত তাত সবেই মগন।
মহাৰাজ!
অকলে আইতা আছে ঘৰত দুখুনী।

[ ৯০ ]

দেখা যদি পোৱা হায়! কেতিয়াবা তুমি,-
কবা (মোৰ হই) হেনে,—তিয়াগি সংসাৰ,
নন্দই সইতে গ’ল গোলাপী তোমাৰ!
যদি শোধে কুঁৱৰীয়ে—প্ৰাণৰ সখীয়ে-
ক’বা মহাৰাজ হেনে আজি শেষ হ'ল।
তোমাৰ সখীটী সেই ছোৱালী কালৰ
নন্দে স’তে দুৰ্ভাগিনী, স্বগলৈ গ'ল
অনুৰাগ সুখে হায়! মাধই লতাই
ভুজ-ফাহে তমালক যিৰূপে মেৰাই,
বিৰহ-প্যাকুলা হায়! দুখুনী গেলাপী
নন্দকেই মেৰিয়াই সি দৰে পলায়।”
এইবুলি গোলাপীয়ে ল'লে উলিয়াই
হাতৰ কটাৰী খনি ফুলাম দাবৰ।
আপোনাৰ দিঙ্গিতেই দিলে তিনিৰেপ!
লুটি খাই পৰি হায়; কৰে থৰ ফৰ।
ইকি কান্দ হায়! দেথি কান্দে ষে পৰাণ,
তেজেৰে ৰাঙ্গলী হল দুখুনী গোলাপী।
নাই মাত নাই বোল নিমাত অচল।
ভুলিছে দুখুনী আজি বিহুৰ তাপ।
প্ৰণয়ীৰ মৃত্যু শোক ভুলিছে দুখুনী
ভুলিছে দুখুনী ছৰি শোক বিষাদৰ।
প্ৰণয়ীত লাগি কৰি আত্ম-বিসৰ্জন,
দেখুৱালে আজি ছিন প্ৰকৃত প্ৰেমৰ।
যোৱাঁ তুমি সুখে যোৱাঁ গোলাপী সুন্দৰী।

[ ৯১ ]

প্রণয়ীৰে স’তে আজি যোৱা স্বৰ্গলই,
গুছাই মনৰ দুখ বেজাৰ সন্তাপ,
বিৰহৰ জ্বলা জুই নুমুৱাই থই।
প্রকৃত প্ৰেমৰ তুমি দেখুৱালা ছিন
প্রণয়ত লাগি দিলা আত্ম-বিসর্জন।
সুন্দৰি! তোমাৰ দৰে প্ৰেমৰ নিমিত্তে
জগতত প্রাণ দিব পাৰে কেইজন?
বলিয়ানী, উন্মাদিনী বুলিব জগতে
তোমাক সুন্দৰি! কিন্তু যদি প্রণয়ত
আপোনাকে পাহৰিব নোৱাৰে প্ৰেমিকা,
কিবা সুখ ভাল পোৱা তেনুৱা প্ৰেমত?
নিজৰ অস্তিত্ব যদি নোৱাৰে ভুলিব,
প্রেমিক-প্রেমিকা যদি পগলা নহয়,
সেই প্রেম ভাল পোৱা নিতান্ত অসাৰ
তেনুৱা প্রেমক কোনে প্রেম বুলি কয়?
আহাহা জানিলে হায়! যেতিয়া জুলীয়া(১)
ৰোমিওৱে স’তে হব নোৱাৰে বিবাহ।
—মণ্টাগো কেপুলেটৰ শক্র চিৰকাল
উভয় বংশৰে কাৰো নাই আহ-যাহ;–
হৃদয়ৰ বেগ হায় সহিব নোৱাৰি
জুলীয়া ধৰিলে ক’ব নিজকে পাহৰি,—
“ৰোমিও! ৰোমিও! কোৱাঁ ৰোমিও!নোহোৱা
বিপক্ষৰ পুত্ৰ তুমি; অন্য নাম লোৱাঁ


(১) Juliet

[ ৯২ ]

শলাব ‘ৰোমিও’ নাম যদিহে নোখোজা,
কোৱাঁ মাথোঁ তুমি মোক বুলি ভাল পাওঁ,
তেন্তে এই খন্তেকতে পিতৃ-মাতৃ এৰি
নিজৰে ‘জুলীয়া’ নাম আপুনি গুছাওঁ।”
প্রেম-বলিয়ানী হায় জুলীয়া সুন্দৰী
নোৱাৰিলে পাহৰিব ৰোমিও ধনক।
শেহত দুয়োটী গই দিলে বিসৰ্জ্জন
প্রণয়ত লাগি হায় আপোন প্ৰাণক।
আহাহা পৰাণ কান্দে! আজলী ওফিলী(২)
শুনিলে দুখুনী যৱে প্ৰাণ পৰাণৰ
হেমলেটে আৰু বোলে নকৰে বিবাহ,—
কান্দিব ধৰিলে কত দুখিত অন্তৰ।
উন্মাদিনী হ’ল হায় শুনিলে দুখিনী
হেমলেট আৰু বোলে নাই সংসাৰত
কত কান্দি কত নাচি উন্মদিনী দৰে
ত্যজিলে পৰাণ গই লাগি প্ৰণয়ত!
প্রণয়ত লাগি কৰে আত্ম বিসৰ্জ্জন।
সি দৰে তুমিও আজি গোলাপী সুন্দৰি।
পাহৰিলা আপোনাক অস্তিত্ব নিজৰ,
ত্যজিলা পৰাণ নিজে প্রণয় সুঁৱৰি!
আত্মঘাতী হ’লে বোলে কাৰো মুক্তি নাই,
কোনে কয় এনে কথা? কেনুৱা শাস্ত্ৰত?
যদি সেৱে হয় হায়! প্রকৃত প্রণয়
———————————————————
(২) Ophelia

[ ৯৩ ]

নেদেখিব কোনোৱে যে আৰু জগতত।
মিছা কথা! যোৱাঁ তুমি গোলাপী সুন্দৰি!
মন সুখে যোৱাঁ তুমি বৈকুণ্ঠ পুৰত,
কবিৰ ঈশ্বৰী আৰু লক্ষ্মীয়ে সইতে
বিৰাজিছে যত প্ৰভূ সন্তোষ মনত।
আয়ে বজাইছে বীণা, গাইছে সঙ্গীত
মনি মৰকত আদি পিন্ধি অলঙ্কাৰ;
মাহী আয়ে শুৱাইছে সোণালী দুৱাৰ।
সুন্দৰি! তালই তুমি গুছি যোৱাগই
বিৰহৰ জ্বলাজুই নুমুৱাই থই,
নন্দৰে সইতে তাত কৰা স্বৰ্গ ভোগ
আতৰাই দুখ তাপ, সংসাৰৰ শোক।


কমতাপুৰ ধ্বংস কাব্য (page 93 crop)
কমতাপুৰ ধ্বংস কাব্য (page 93 crop)