কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/সপ্তম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৬৬ ]
সপ্তম সৰ্গ।

"Remote, unfriended, melancholy, slow
Or by the lazy, Scheld or wondering Po,
 *  *  *
Wherever I roam, whatever realms to see,
My heart untravell'd fondly turns to thee."
       Goldsmith
 পুঁৱতী স্থাহিছে পূবে, পলাইছে নিশা
 লুকুৱাই আপোনাৰ মুখ বিষাদিত;
 দাৱৰেৰে স'তে মিলি ৰশ্মি সুৰুযৰ
 জিলিকিছে আকাশৰ চাৰিও দাতিত।
 জুই বৰণীয়া ৰথ চলে পুৰুষৰ
 ধীৰে ধীৰে একে ৰাহে অকশ পথত!
 আঁতৰি আঁতৰি যায় বাট এৰি এৰি
 মহাঘোৰ অন্ধকাৰ বিষাদ মনত
 ধীৰে ধীৰে আহে যায় পুৱাৰ বতাহ
 কুউ কুউ কৰি কুলি গায় মিঠা গীত!
 কোনো হাঁহে কোনো কান্দে, কাৰো জ্বলে প্ৰাণ,
 শুনি সি অমিয়া গীত কোনো বিষাদিত।
 এনে সময়তে এটী পুখুৰী পাৰত

[ ৬৭ ]

(কমতা পুৰৰ পৰা আঁতৰি বহুত)
বহি আছে এটা দেকা বিষাদ মনত
শোকেৰে চকুলো টুকি ছয়টী চকুত।
ভাবি ভাবি মাজে মাজে হুমুনীয়া কাঢ়ে,
তললই কৰে মূৰ বিষাদ মনত।
কৰ দেকা? কিয় এনে ভাবি বিয়াকুল?
চকু পানী টোকে কিয়? কিহৰ দুখত
প্ৰবাসী কি এওঁ হায়? নিজৰ ঘৰত
মৰমৰ বাই ভনী তিয়াগি আহিছে?
হল আজি বহুদিন, দেখা শুনা নাই,
সি দুখতেনেকি এই চকুলো টুকিছে?
হাত ধৰা ধৰি কৰি কত চেনেহত
ভাই ককায়েৰে সতে জানো উঠিছিলে।
কিন্তু আজি বহু দিন, আছেহি আঁতৰি,
সেই বুলিনে কি আজি বিষাদে খৰিলে?
কান্দিছে হৃদয় নেকি আজি দুৰ্ভগাৰ
অতি চেনেহৰ, হায়! মাকক সুঁৱৰি,—
হিয়া ঢাকুৰাই যাক গইছে তিয়াগি
অকলে ঘৰত, প্ৰাণ শোকাকুলা কৰি?
কিম্বা দুৰ্ভগীয়া আজি টুকিছে চকুলো,
ভাবি এৰি-থই-যোৱা প্ৰতিমা প্ৰাণৰ?
পৰাণৰ প্ৰাণ বুলি যাক ভাবিছিলে
তেওঁকেই ভাবি নেকি কান্দিছে অন্তৰ?
কৰ দেকা?-কিয় আজি এনে বিয়াকুল?—

[ ৬৮ ]

পাঠক! পােৱা বা চিনি? ছোৱাছোঁ খন্তেক।
যদি নাই পােৱা চিনি,-কওঁ শুনা মই,—
এওঁৰেই নন্দ নাম ,-মন্ত্ৰীৰ পুতেক॥
গােলাপী সখীৰ এওঁ প্ৰাণৰ প্ৰণয়ী ,
গইছিলে এওঁৱেই গঙ্গাতীৰ লই ,
বিৰহৰ সাগৰৰ উৰ মাজত
প্ৰনয়ণী গোপীক উটুৱাই থই।
আহিছে গঙ্গাৰ পৰা উলটি এতিয়া,
কত ভাবি কত চিন্তি পুখুৰী পাৰত
বহিছে দুখে ভাগৰে, কান্দিছে নীৰলে
ভাবি আপােনাৰ দশা বিষাদ মনত।
এটী হুমুনীয়া কাঢ়ি, দুখিত মনেৰে
তলই কৰি মুৰ ভাবিলে মনত
“ক'তা? দেখোঁ নােৱাৰিলোঁ ভূলিব একোতে?
মিছাতে ভ্ৰমিলোঁ মাথোঁ দেশ বিদেশত?
কত আশা কৰি পিতা দিছিলে পঠাই
গঙ্গাতীৰলই মোক, তেঁও ভাবিছিলে,
ভূলিব পাৰিম মই সেই মুখখনি
আতৰি বহুত দিন দূৰত থাকিলে।
ফুৰিলো ইমান দিন! আজি এবছৰ!
ক’তা? দেখোঁ নােৱাৰিলোঁ ভূলিব সিমুখ?
হৃদয়ত অঁকা দেখো, সেই একে ছবি?
ভাবিলে ‘ভূলাৰ কথা' বাঢ়ে মাথোঁ দুখ!
যতে ফুৰোঁ, যতে গলো দেশ বিদেশত

[ ৬৯ ]

সেই একে ছবি দেখোঁ হিয়াৰ মাজত?
সেই মূৰ্তি, দেখোঁ, মােৰ চিৰ লগৰীয়া?
অলপপ আঁতৰ ক'তো হােৱা নাই কিয়া।
হায়! পিতা, মই অতি পাপী নৰাধম!
একোতেই নােৱাৰিলো তোমাৰ আদেশ
পালন কৰিব মই! কি ৰূপে দেখাম
তোমাক ইমুখ মােৰ? জন্মিছে কেলেশ।
কত ক'লা, পিতা! তুমি (ভালৰ কাৰণে)
পাহৰিব' সেই মুখ, হৃদয়ৰ পৰা
আঁতৰাব সেই ছবি, একোনোৱাৰিলো!
সেই মুখ, পিতা! মােৰ শােক-তাপ-হৰা।
মিছা তীৰ্থ লই গ'লোঁ, মিছা অতদিন
বিদেশ ফুৰিলোঁ, পিতা! একোকে ন'হল!
পাহৰা থাওক পৰি নিতে সোঁৱৰণী
আনি সেই মুৰ্ত্তি মোক কৰিলে বিকল।
উস!–
জলিছে হিয়াত বিষম যাতনা
পৰি প্ৰনয়ৰ ঘােৰ প্ৰমাদত।—
জ্ঞান বুদ্ধি আজি গ’ল সকলােটী ,
জ্বলে মাথোঁ হিয়া নিতে বিষাদত।
ভূলিছোঁ জগত, ভূলিছোঁ সংসাৰ
ভূলিছে আকাশ, অমৰা নগৰ!
ভূলিছোঁ অদৃষ্ট ভাগ্য আপােনাৰ,
জীবন মৰণ নৰ জীৱনৰ,

[ ৭০ ]

ভূলছোঁ ধৰম, ভূলিছোঁ কম,
ভূলিছো যে আজি আজি আপােনাৰ পৰ,।
ভূলিছোঁ প্ৰতিজ্ঞা ভূলিছোঁ চেনেহ,
আপোন পিতাৰ কথা মৰমৰ।
পাহৰিছোঁ বিয়া, ভূলিছোঁ সমাজ
ভূলছোঁ নিজৰ হৃদয় পৰাণ!
ভূলিছোঁ ভাইতি, ভূলিছোঁ ভনিতী,
ভূলিছোঁ সকলো জাতীয় সম্মান!!
কলঙ্কৰ থালি বােজা বান্ধি লম,
কলঙ্কৰ ভয় নকৰো মনত!
কলঙ্কিত বুলি জগতে নিন্দিব,
নিন্দোক জগতে কি হানী নিন্দাত?
বিৰহ ৰক্ষস নিজে বলি দিম,
সুখেৰে পুৰাম হেপাহ মনৰ।
গুছি যাম গই দূৰ দেশলই,
(জনম ভূমিৰ বহুত আঁতৰ!)
নিৰ্জন বনত কটাম জীৱন
হিয়াৰ মাজত ভৰাই পৰাণ!
কোনেও নাজানে, কোনেও নুশুনে
আমাদুয়োটীৰ প্ৰেম ভৰা গান।”
এই দৰে কত ভাবি আপােন মনত,
আছিলে অকলে দেকা পুখুৰী পাৰত;
এনে সময়তে, হায়! বহু কোটোৱালে
তেঁওক ধৰিলে গই বেৰি চাৰু ফালে।

[ ৭১ ]

বেঢ়ি ললে কোটোৱালে, ধৰিলে হাতত,
বিয়াকুল হ’ল ডেকা প্ৰাণৰ ভয়ত।
শুধিলে কাতৰ মুখে, "কিয় ধৰা মোক?
নাই কৰা একো মই, নাই কোনো দোষ!
হাতে হাতে তৰোৱাল দেখি লাগে ভয়!
কি দোষত আজি মোক কাটিব খুজিছাঁ?
মন্ত্ৰীৰ পুতেক মই, নাই অপৰাধ,
আহিছোঁ তীৰ্থৰপৰা, কিয়নো ধৰিছ?”
এই বুলি কই নন্দ চকু পানী টুকি
কান্দিব ধৰিলে, হায়! প্ৰাণৰ ভয়ত!
নন্দলই চাই ক্ৰোধে ক'লে কোটোৱালে,
"ৰজাৰ আদেশ তোক কাটিব বাটত।
পাপী নৰাধম তই! ব্ৰাহ্মণ কুলত
জন্ম লই, কৰ তই পৰস্ত্ৰীত আশা?
সেই দোষ নে কি তোৰ দোষেই নহয়?—
সি পাপতে আজি তোৰ এনেকুৱা দশা।
খন্তেকৰ পাচে আৰু নাথাকে পৰাণ,—
অধম দেহাত তোৰ!—ইষ্ট-দেৱ-নাম
সুঁৱৰিব খোজ যদি, সুঁৱৰি ল তই,—
নহলে, নাপাবি আৰু এনুৱা সময়।"
"বিশ্বাস নহয় মোৰ," বুলিলে নন্দই,—
নকৰে কদাপি ৰজা ব্ৰহ্ম-বধ-পাপ।
খঙ্গত যদিও তেও কইছে সিদৰে
এতিয়া,—পাচত পাব ঘোৰ মনস্তাপ।"

[ ৭২ ]

“ব্ৰহ্মবধ-পাপ? দুষ্ট!” কয় কোটোৱালে,—
“শুদিৰিণী-সংসৰ্গত তেজ ব্ৰাহ্মণৰ
নষ্ট পালে তােৰ গাৰ! পতিত ব্ৰাহ্মণ!
কলঙ্ক এতিয়া তই ব্ৰাহ্মণকুলৰ।
তােক কাটি থলে, আৰু ব্ৰহ্ম-প পাপ
নালাগে ৰজাৰ গাত, কিম্বা কাটোঁতাৰ।
পতিত ব্ৰাক্ষণ তই! শুদিৰণী-লােভী।
ব্ৰাহ্মণকুলৰ তই কুলৰ এঙ্গাৰ।”
“যদি সেয়ে হয়," ধীৰে বুলিলে নন্দই,—
“একো কথা নাই, যদি আদেশ ৰজাৰ,—
কাটি থ'বা মােক; আৰু নাই আশা মােৰ
এই পাপ-পৰাণত, অনিত্য, অসাৰ!
মিনতি কৰিছো, কিন্তু নাকাটি এতিয়া,—
লই ব’লাঁ মােক মােৰ আপােন ঘৰত,—
শেষ দেখা দেখি লওঁ পিতাদেৱে স’তে,—
আৰু পৰাণৰ দেবী, যাৰ সংসৰ্গত
কলঙ্কিত বুলি সবে নিন্দিছাঁ নন্দক।
হেপাহ পূৰাই লওঁ সেই মুখ চাই!—
আৰু যে নহব দেখা এই জনমত!—
দেখুৱাঁ এবাৰ মাথোঁ, আৰু আশা নাই!
মাৰা, কাটা, যেই কৰা কৰিব পাচত,—
এবাৰ দেখুৱাঁ মাথোঁ সেই মুখ খনি
প্ৰেমময়ী প্ৰতিমাৰ, যাৰ বিৰহত
জ্বলিছে হিয়াত মােৰ দাৰুণ অগনি।

[ ৭৩ ]

যদি দেখোঁ সেই মুখ এবাৰ মাথােন
যমো যদি নিজে আহে, নকৰোঁ যে ভয়!
নৰকতাে পৰোঁ যদি, তাতাে পাম সুখ
সেই মুখ খনি ভাবি,-ব'লা মােক লই।”
কত ক'লে এই দৰে, কিন্তু কোটোৱালে
একো নুশুনিলে, হায়! শিলাময় মন!
দাঙ্গি ল'লে তৰােৱাল! “অষ্টমীৰ দিনা”
কাটে যেনেকই ছাগ, কাটিলে ব্ৰাহ্মণ!
ইকি ভয়ঙ্কৰ দৃশ্য! পুখুৰীৰ পাৰ
তেজেৰে ৰাঙ্গলী হ’ল। নিষ্ঠুৰ কোটাল!—
ব্ৰহ্মবধ কৰি হায়! নালাগেনে বেয়া?
মানুহক কাটি নে কি পাৱ বৰ ভাল?
শিলেৰে বন্ধাই নে কি পঠালে ঈশ্বৰে,
নিৰ্দ্দয় নিষ্ঠুৰ হায়! হিয়া তহঁতৰ?
নালাগে পাপৰ ভয়, কৰুণা মনত
অকালত প্ৰাণ বধ কৰোঁতে নৰৰ?
আহা নন্দ! কান্দে প্ৰাণ! ভাবিলে তােমাৰ
এনেকুৱা দশা আজি পুখুৰী পাৰত!
বিদেশৰপৰা তুমি কত আশা কৰি
আহিছিলাঁ দেশলই কত হেপাহত!
আছিলে হেপাহ কত পাম বুলি সুখ
আকউ দেশত দেখি প্ৰণয়িনী মুখ;
কিন্তু সেই আশা হায়! নউ পুৰুতেই
ৰাক্ষসৰ হাতে প্ৰাণ এৰিলা নিজেই!

[ ৭৪ ]

এনুৱাই ঘটে যদি প্ৰকৃত প্ৰেমত
প্ৰেমক বিচাৰি কিয় ফুৰে জগতত
নিৰ্ব্বোধ মানুহে হায়! নাভাবি দুগুণি।
এয়েনে কি প্ৰতিফল প্ৰেমৰ সলনী?
ই কি কাণ্ড ভয়ানক! নিষ্ঠুৰ কোটালে
কুটি বাচি ল'লে হায় মাংস ব্ৰাহ্মণৰ!
মুৰটীও ল’লে বান্ধি! নৰমাংস খোৱা
আছে কি মানুহ হায়! ক’তো জগতৰ?
এতিয়াও আছেনে কি লঙ্কাৰ ৰাক্ষস?
বকাসুৰ, বঘাসুৰ ঘোৰ অৰণ্যত?
সিহঁতৰে পো-নাতিনী নে কি কোটোৱাল?—
কাটিলি বামুন আজি মাংসৰ লোভত?
পঢ়িছোঁ পুথিত বহু আগৰ কালৰ,
(ইতিহাস পুৰাণত প্ৰাচীন যুগৰ)
বহু আচৰিত কথ,—সত্য-দ্বাপৰত
পশুৰ সন্তান হয় নাৰীৰ গৰ্ভত!
তহঁতেও নে কি হায় নিৰ্দ্দয় কোটাল!—
পশুৰ সন্তান? (মাথোঁ সাজ মানৱৰ?
পশুৰো যে আছে দয়া মায়া অন্তৰত;
নাই মাথোঁ কনামাত্ৰো দয়া তহঁতৰ!
মূৰটীয়ে স’তে লই মাংস ব্ৰাহ্মণৰ
নগৰৰ ফালে গ'ল বেগে কোটোৱাল।
পৰেকীয়া সময়ত পালেগই গই
ৰজাৰ নগৰ, আৰু ৰজাক কোটাল

[ ৭৫ ]

দেখুৱালে উলিয়াই মুৰটী নন্দৰ,
মাংসৰ টোপোলা থলে ৰজাৰ আগত!
মাংস দিলে খাবলই মন্ত্ৰীৰ ঘৰত
হৰিণাৰ মাংস বুলি!
মূৰটী সুমাই থ’লে লুকাই ৰজাই,
আহাহা! আাকাশ!!
বজ্ৰহীন আজি তই!—নতুবা বজ্ৰত
নাই সেই তেজ আজি, যি তেজেৰে স’তে
ত্ৰিলোক কঁপাইছিলে তাহানি কালত ।


কমতাপুৰ ধ্বংস কাব্য (page 38 crop)