কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/নৱম সৰ্গ
⸺>><<⸺
“Ah what a life were this! how sweet! how lovely।
Gives not the hawthorn bush a sweeter shade,
To shepherds looking on their silly sheep,
Titan doth a rich embroidered canopy
To kings that fear their subjects treachery?’’
⸻Shakespeare
ওলাইছে ৰঙ্গা বেলি পূব আকাশত
নিশাৰ এন্ধাৰ ঘোৰ দূৰতে খেদাই।
জুৰিলে চৰায়ে গান মধুৰ সুৰত,
সাৰ পালে সকলোটী ন পৰাণ পাই।
শোৱা ধাৰি পাটী এৰি উঠিল সকলো;
গঁয়ালী তিৰুতা উঠি কৰে বাহিবন,
ঠাই সাৰে পানী আনে, বিচাৰিছে শাক,
ৰঙ্গা বেলি দেখি লৰা আনন্দিত মন।
কাষত কলহ লই ধলে ধলে যায়
গঁয়ালী গাভৰ হঁত নই ঘাটলই;
কোনোৱেবা গা ধুইছে, কোনো ভৰাইছে
কলহত পানী, কোনো আছে তাতে ৰই।
খিল্ খিল্ খিল্ কৰি হাঁহে কোনোজনী
অন্তৰৰ গোপনীয় ভাব উলিয়াই;
কোনো নাচে কোনো বায় দুহাতে চাপৰি,
কোনোৱেবা ৰঙ্গমনে প্রেমগীত গায়।
কি ৰজা, কি প্রজা, হায়! কি ধনী দুখীয়া,
কমতাপুৰৰ আাজি সবে সাৰ পায়;
বনৰ মাজত কিন্তু ৰাণী স’তে থকা
পমিলী বুৰীৰ সাৰ এতিয়াও নাই।
অচেতন ভাবে বুৰী আছে টোপনীত,
উঠিলে বহুত বেলি সাৰকে নাপায় ।
পাছে কাষলই গই সাদৰী ৰাণীয়ে
ধীৰে ধীৰে পমিলীক তুলিলে জগাই
কুঁৱৰীয়ে জগালত সাৰ পালে বুৰী
চকুমেলি চাই ধীৰে কলে কুঁৱৰীক;
“লৰালৰি কৰি মোক কিয়নো জগালা?
দেথিছিলোঁ মই আই! এটী সমাজিক।”
“কিনো দেখিছিলা বাই কেনুৱা সপোন?”
বুৰীলই চাই ধীৰে কুঁৱৰীয়ে কয়,
“কিনো হল জগালত? কিয় পালা বেয়া?
কোৱা বাই! কি দেখিলা, শুনোঁছোন মই।”
“ৰাতি পুৱাইছে যেন” পমিলীয়ে কয়,
“আহিছে ৰজাই হেনো এই বনলই,
আনিছে দোলা, দুলীয়া, ঢুলীয়া, গায়ন,
মানুহে পৰিলে ভৰি যেন এই বন।
সুঁৱৰি সুঁৱৰি যেন অকাৰ্য্য নিজৰ
তোমাৰ আগত ৰজা কান্দিলে বহুত,
সাদৰে তোমাৰ ধৰি দুটী হাত আই।
উলিয়াই চকু পানী দুয়োটী চকুত।
তুমিও কান্দিলা হেনো চকুপানী টুকি,
সাদৰে ৰজাৰ ধৰি দুটী চৰণত,
তাৰ পাছে যেন তুমি উঠিলা দোলাত
ৰজাই সইতে হেনো আনন্দ মনত।
আক নেদেখিলোঁ একো জগাই তুলিলা
টোপনীৰ পৰা মোক তুমি আহি আই!
ইয়াকে প্রভূক খাটো, সমাজিক মোৰ
আজি যেন তালেতিলে শীঘ্ৰে ফলিয়ায়।”
সপোনৰ কথা শুনি বুৰীৰ মুখত,
হুমুনীয়া কাঢ়ি কলে ৰাণীয়ে শোকতঃ—
“সি সুখৰ দিন নেকি আৰু বাই হব?
মৰুৰ মাজত মোৰ নই নেকি কব?
ভেকুলী পিঠিত হায়! গজিব কি নোম?
বেলি কি ওলাব মোৰ ভাগ্য আকাশৰ?
দুখৰ কলীয়া মেঘ থই আঁতৰাই,
ৰাঙ্গলী ৰ’দেকি আৰু কৰিব পোহৰ?
ভাগ্য-ফুল আৰু বাই! ফুলিব কি মোৰ?
সেই সুখ আৰু নেকি পাম জীৱনত?
ফুটা কপালৰ মোৰ গুছিব কি দুখ?
পাম কি বহিব আৰু স্বামীৰ কাষত?”
এই বুলি কুঁৱৰীয়ে কান্দিব ধৰিলে,
বুকুৰ মাজত হায়! মুৰটী সুমাই।
ৰাণীৰ কান্দন দেখি বিয়াকুল হই,
বুলিব ধৰিলে বুৰী দুহাত ফুৰাই;—
“নকৰিবা শোক আই! নাভাবিবা তুমি
সমাজিক মিছা বুলি, ফলিয়াব পাৰে।
আহিলেও পাৰে ৰজা আহিব ইয়াত,
কেতিয়া কি ঘটে, কব কোনেও নোৱাৰে।
অকস্মাতে খঙ্গ কৰি, নাভাবি নাচাই
ত্যজিলে তোমাক হায়! মহাৰাজে আই!
অনুতাপ বেজাৰত আাকউ এতিয়া
কান্দিব ৰজাৰ পাৰে মন প্ৰাণ হিয়া।
আকউ তোমাক তেওঁ নিব পাৰে আই!
নিব যে নোৱাৰে এনে অসম্ভব নাই।
তোমাৰ ভাগ্যৰ ফুল ফুলিবও পাৰে,
ফুলিলে কোনেও আই! জপাব নোৱাৰে।
পুৱাৰ সপোন দেখোঁ, সছা বুলি কয়,
ঘটিব তোমাৰ ভাল সেয়ে যদি হয়।
সমাজিক মিছা বুলি নাভাবিবা আই!
কেতিয়াবা সমাজিক ঠিক ফলিয়ায়।”
“সপোন মনৰ ভ্ৰান্তি,” কয় কুঁৱৰীয়ে
“সছা হোৱা হলে, কত অভাগীয়ে বাই!
পালে হয় ওলোটাই প্ৰাণৰ পুতেক
গইছে যি অকালত হিয়া–ঢাকুৰাই ।
কত বিধৱাই হায় পালে হয় পতি
(গইছে যি অভাগীক থই কন্দুৱাই)
কত বিৰহীয়ে, পালে হেতেন প্রণয়ী
সমাজিক যদি সচা হল হয় বাই ।
কত দীন দুখী হায়! হল হয় ৰজা
সপোনত পোৱা সেই ৰাজ্য ভাৰ লই;
কত ৰজা হল হয় দৰিদ্ৰ-কঙ্গাল
সপোনত ৰাজ ভোগ হেৰুৱাই থই।
হায় বাইঃ—
সপোনত পোৱা সুখ খন্তেকীয়া মাথোঁ,
যি পায় তেনুৱা সুখ, কিবা সুখ তাৰ?
টোপনীত যত বেলি, তত বেলি সুখ,
সাৰ পাই কান্দে টুকি চকুলো দুধাৰ।
বিজুলীয়ে যেনে কই খন্তেক পোহৰি
ডকা-ডোমা কৰি পুনু বঢ়ায় এন্ধাৰ;
খন্তেক লগাই ৰঙ্গ, সপোনে সিদৰে
বেছি কৰে মানুহৰ সন্তাপৰ ভাৰ ।
সপোন মনৰ ভ্ৰান্তি; —একেবাৰে মিছা,
সেই মুখ আৰু মোৰ নঘটে ভাগ্যত !
নিতে তাকে ভাবি থাকা সেই বুলি বাই।
তাকেই দেখিলা তুমি ঘুৰি সপোনত।
সাপোন মনৰ ভ্ৰান্তি! অকস্মাতে দেখে,
যদিও বা মাজে মাজে কেতিয়াবা হায়!
ফলিওৱা যেন দেখি ; কিন্তু প্রকৃততে,
ভ্ৰান্তি মাথো একো ঠিক সপোনত নাই।
“হওতেও হয় আই! নিতে তাকে ভাবোঁ,
যোগীৰ নিচিনা কই তাকে কৰো ধ্যান,
তাকেই দেখিলো আজি ঘুৰি সপোনত,
ফলেকি নফলে অাজি চাওঁ পৰিমান।”
এই বুলি কই বুৰী ৰল মনে মনে,
কুঁৱৰীয়ে দুখে শোকে বহিলে কাষত
আপোন ভাগ্যৰ আৰু সপোনৰ কথা
ভাবি ভাবি মনে মনে ব্যাকুল মনত।—
ভাগ্যৱতী তুমি অতি; যিহকে ধিঁয়োৱা
যিহকে মনত ভাবা, তাকে দেখা ঘুৰি
সপোনত তুমি, মোৰো ভাগ্য খনি তেনে
হোৱা হলে, কত সুখী হলো হয় বুৰি!
হল আজি বহু দিন! হেৰুৱালো এটী
পৰাণৰ ৰত্ন মোৰ (ভতিজা স্নেহৰ)
কত তাকে ভাবি থাকে কতনো ধিয়াওঁ
দেখিম দেখিম বুলি মুখনি সুন্দৰ!
এদিনো নেদেখো কিন্তু হায়! সপোনতো,
সেই মুখ খনি মোৰ লাহৰী সোণৰ!
দেখোঁ মাথোঁ কিবা কিবি, আৰ তাৰ মুখ,
যাৰ মুখ চাব মোৰ নোখোজে অন্তৰ।
যাক চাবলই কৰোঁ মনত হেপাহ,
সপোনৰ পৰা সিটো থাকে আঁতৰত;
যাক দেখি নাই লাভ (বৰঞ্চ হানী-হে)!
সিটো মাথোঁ দেখা দিয়ে আহি সপোনত!
যাক ভাবোঁ, তাৰ ছবি, মুৰ্ত্তি মনোহৰ
দেখালে হেতেন যদি আনি টোপনীত,
সকলােকে এৰি আজি পুজিলো হেতেন
স্বপ্নকে দেৱতা ভাবি, হই একচিত।
কিন্তু হায়! সমাজিক নহয় দেৱতা,
কিবা কিবি দেখুৱায় পগলালী কৰি;
সপােন মনৰ ভ্ৰান্তি,—পগলা মগজ
টোপনীত ভাও দিয়ে নানা মুৰ্ত্তি ধৰি।
ইননা কি আকউ! দেখোঁ গােটেই অৰন্য
ঢুলিয়া-গায়েনে আহি পৰিলেহি ভৰি!
আহে দোলা, আহে হাতী, বহুত ছােৱালী
কপালত ফোঁট পিন্ধা সাৰি সাৰি কৰি।
এনে আড়ম্বৰ কৰি কোন আজি আহে
অকস্মাতে এই মহা অৰন্য মাজত?
যেয়েই আহােক,—কিম্বা পাছেও শুনিম,—
এটী কথা শুধি মাথোঁ চাওঁ প্ৰথমত।
গাভৰু সকল! মােক নাপাৰিবা গালি,—
কোৱাঁছোঁ খন্তেক ৰই, লেহেৰী খােপাত
কিয় পিন্ধা অত ফুল খোঁপা ওপছাই?
ভাৰ যেন নালাগেনে লাহৰী দেহাত?
ধৰিছা গাভৰু বল, নালাগিব পাৰে।
ভাৰ যেন,—মুৰ জাননা নাই কৰা ভৰ?
কিন্তু কি কৰিবা যদি চিগি পৰে খােপা
সহিব নােৱাৰি ভৰ ইমান ফুলৰ?
“ইউদিকোলন' আৰু 'লেভেণ্ডাৰ’ তেল
চিচাই চিচাই যদি ঘঁহাহি নিতউ,—
গজিবনে চুলি আৰু? নগজে, নােপােৱা
লেহেৰী খােপাটী হায়! মুৰত আকউ।
জীয়াৰী কালতে ল'ব লাগিব ওৰণী;
চকু বা ঘােৰা যেন ফুৰিবা বাটত।
পিন্ধিব নোৱাৰি ফুল কান্দিবা তেতিয়া,
উলিয়াব নােৱাৰিবা মুৰটী লাজত।
দিঙ্গি ওপছাই অত মণি বিৰি পিন্ধা
দুধাৰি পিখিলে জানাে গাটীকে নৰয়?
ধুনত পিন্ধোতে মণি যদি ভাগে দিঙ্গি,
তেতিয়ানো কি কৰিবা কি হ’ব বিলয়?
কোৰ নাল যেন কেৰু পিন্ধিছা কাণত,
কাণ লতি চিগে যদি কেৰুৰ ভৰত,
কি কৰিবা তেতিয়ানাে? কিৰূপে পিন্ধিবা
বাখৰুৱা কেৰু আৰু? এনেই থাকিবা।
বিয়ালই নিবলই যি দৰে হাতীক
সেন্দুৰ পিন্ধাই দিয়ে আঁক বাঁক কৰি,
আঁকিলা কপাল খনি সি দৰে দেখােন?
কপাল ভৰাই লােৱা ফোঁট সাৰি সাৰি?
কিয় এনেকই আঁকা লাহৰী কপাল?
পখৰা-পখৰী কৰি পােৱানেকি ভাল?
ভাৱনাত ভাও দিকি আহিছা ওলাই?
যদি সেয়ে হয় ফোঁট পেলােৱা গুছাই।
ইনোকি আকউ! দেখোঁ কমতাৰ ৰজা
নামিলে দোলাৰ পৰা ধীৰ ধীৰ কই,—
সন্তাপ মনেৰে চাপি ৰাণীৰ কাষৰ,
ধৰিলে চকুলো টুকি কথা ক’বলই:—
প্ৰাণেশ্বৰী! প্ৰিয়তমা! ক্ষমা কৰাঁ দোষ,
নাভাবি নিচিন্তি দিলো তোমাক কেলেশ।
মই অতি নৰাধম! তোমা হেন সতী
তিকতাক দিলো হায়! যাতনা অশেষ!
কমতাৰ ৰাজলক্ষ্মী। তিয়াগি কমতা
আছাহি বনত তুমি,—ব’লা ঘৰলই
ক্ষমা কৰি অপৰাধ মই অধমৰ,
হৃদয়ৰ শোক তাপ আঁতৰাই থই।
এই বুলি শোকে ৰজা কান্দিব' ধৰিলে,
বুলিব ধৰিলে ৰাণী সাদৰে ৰজাক:—
“কিয় কান্দা প্ৰাণনাথ! নকৰিবা শোক;
নোৱাৰে বাধিব কেৱে প্ৰভুৰ ইচ্ছাক।
ঈশ্বৰৰ ইচ্ছা নাথ! দুখ পাব লাগে,
দুখ পালো দুখুনীয়ে,—কি দোষ তোমাৰ?
কিয় কান্দা? কিয় তুমি টুকিছা চকুলো?
পেলোৱাঁ মুছি হে নাথ! চকুলো দুধাৰ।
কিন্তু নাথ!
সকলো আহিছে আজি দেখিছোঁ সবকে,
কিয়নো নাহিল সখী এনুৱা কালত?
শোকবিষাদতো তেওঁ আছিলে লগতে,
কিয়নো নাহিল তেওঁ এনে আনন্দত?
সখীক নেদেখি মোৰ কান্দিছে হৃদয়;
কোৱা নাথ! কিয় মোৰ সখীটী নাহিলে?
এই বুলি কুঁৱৰীয়ে ৰল মনে মনে,
কিবা ভাবি টোপা টোপে চকুলো টুকিলে।
কুঁৱৰীৰ কথা শুনি বুলিলে ৰজাই,
“নাকান্দিবা প্ৰিয়তমা! কালি শেষ হ’ল
তোমাৰ সখীটী সেই ছোৱালী কালৰ।
নন্দ সতে দুৰ্ভাগিনী স্বৰ্গলই গ’ল।
অনুৰাগ সুখে হায়! মাধই লতাই
ভূজ-ফাঁহে তমালক যিৰূপে মেৰাই,
বিৰহ-ব্যাকুলা হায়! দুখুনী গোলাপী
নন্দকেই মেৰিয়াই সিদৰে পলায়!”
এই বুলি ধীৰে ধীৰে কলে সকলোটী,
আদি অন্ত সকলোৰে, —তেও কোনেকই
কটালে নন্দক আৰু কি কৰি সখীয়ে
তিয়াগিলে প্ৰাণ বায়ু আত্মঘাতী হই।
“এয়েই আছিলে সখি! ভাগ্যত তোমাৰ!"
চকুপানী টুকি শোকে কুঁৱৰীয়ে ,
বিৰহ-জুইত নউ ছাই হওতেই,
প্ৰণয়ীৰে সতে তুমি গ’লা স্বৰ্গলই
আত্ম-বিসৰ্জ্জন কৰি প্ৰণয়-শলনী,
আনন্দ মনেৰে সখি! গ’লা স্বৰগত,
জগতত ৰাখি কীৰ্ত্তি অমূল্য অমৰ,
তোমাৰ নিমিত্তে আৰু নাকান্দো মনত।
একে থিৰে চাম নিতে সি দেশৰ ফালে,
প্ৰণয়ীয়ে সতে তুমি যত আছা সখি!
জীৱনৰ সাঁজ মােৰো লাগিব যেতিয়া,
তুমিয়ে সইতে পুনু হম দেখা দেখি।”
এই বুলি কুঁৱৰীয়ে টুকিলে চকুলাে,
দুহাত ফুৰাই কলে সাদৰে ৰজাই,
“নাকান্দিবা আৰু প্ৰিয়ে! বলা ঘৰলই,
শোক তাপ হৃদয়ৰ থােৱা আঁতৰাই।”
“তুমি ইষ্টদেৱ নাথ!” বুলিলে ৰানীয়ে ,
“তোমাক যেতিয়া আজি পালো ওলােটাই,
কিবা দুখ আছে আৰু বেজাৰ সন্তাপ?
সকলোটী আজি মই থলো আঁতৰাই।
মায়াৰ অধীন কিন্তু মানৱৰ হিয়া,
দুদিন থাকিলে জন্মে মায়া অন্তৰত;
যতে থাকে সেয়ে ঘৰ তেনে ভাব হয়,
জনমিছে মায়া মােৰ এই অৰন্যত।
শােক বেজাৰত টোকা নাই চকু পানী,
লাগিছে মনত বেয়া এৰি যাবলই
এই বন খনি নাথ;—সুন্দৰ নগৰ
ইয়াৰে সইতে যেন তুলনা নহয়।—
সুৱলা সুৰেৰে পখী কত গান গায়;
অপেশ্বৰী গাব নেকি পাৰে তেনে গীত?
পাৰেনে কি সেই গীতে মােহিব পৰাণ,
পখীৰ গীত কৰে যি দৰে মােহিত?
কুউ কুউ কৰি কুলি মিঠা গীত গায়,
কুউৰ সুৰত সুৰ মিলাই মিলাই;
কত গীত গাই বহোঁ গছৰ ছঁয়াত
বুৰী বামে সতে কৰোঁ মণ প্ৰাণ শাঁত
চিৰ্ চিৰ্ চিৰ্ কৰি বয় সৰু জান,
শীতল বতাহ বলে বিৱ ৰিৱ কৰি;
ৰঙ্গা বগা ভেট ফুলে কত কোৰোকত
মনোহৰ কত ফুল দাল ভৰি ভৰি।
কত গছে কেউ ফালে ফেৰ মেলি মেলি,
ঘৰ যেন ছঁয়া দিছে পেলাই তলত!
তাত বহি যেনে সুখ, পাবনে কি না?
তেনে সুখ নগৰৰ সুন্দৰ ঘৰত?
ঠায়ে ঠায়ে কত গছ খৰিছে মেৰাই
দালপাত নাইকিয়া আকাশী লতাই;
ঘৰৰ চালত যেন উজ্জল আনন্দৰ
মেৰাই থইছে বহু শিকলি সোণৰ।
গছতেই গছ গজি, কত ফুলি ফুল
কৰিছে বনৰ শোভা সুন্দৰ অতুল।
তল ভৰি ভৰি সৰে ৰূপহী মদাৰ
গুছাই বনৰ নাথ। দোৰ্ঘোৰ এন্ধাৰ।
গোন্ধত আমোল-মোল মাধই ফুলিছে;
হিতেশা লতাই কত জোপা মৰাইছে;
নাই পাত, নাই ফুল, মাথোঁ ঠাৰি দালি,
বতাহত কেউ ফালে থাকে হালি-জালি।
কতদিন বহি বহি অউৰ (১) তলত
(১) অউৰ—ঔৰ অৰ্থাৎ ঔ টেঙ্গাগছৰ।
অউ টেঙ্গা পাৰি পাৰি কত খাইছিলো!
ঠোপাঠোপে পকা জামু, লেতেকু কঠাল,
লেলেঙ্গ টেঙ্গাৰ গুটি কত যে চুপিলো।
কপউ ফুলৰ গছ দাঁড়েৰে খহাই
চাপৰত ৰুলো আনি গছৰ খাঁকিত।
কি সতেৰে ত্যজো আজি এনেকুৱা বন।
তাকে ভাবি মাথোঁ নাথ! হইছো চিন্তিত।
বিলে বনৰ শােতা এনে ভাব হয়,
নাম উলটি যেন ঘৰলই মই;
সংসাৰৰ শােকতাপ নাথাকে মনত,
তালেতো যােগীয়ে নাথ! থাকে অৰণ্যত।
"যিটো কলা প্ৰিয়তমা! সঁচা প্ৰকৃততে,
যদি ক’তে থাকে শােভা,—তেনে অৰণ্যত;
আৰু যদি শান্তি বুলি আছে ক'তাে কিবা,
তেন্তে, সেই শান্তি প্ৰিয়ে! বনৰ মাজত।
কিন্তু যে সংসাৰী আমি; আমাৰ নিমিত্তে
নহয় বনৰ শোভা, শান্তি অৰণ্যৰ;
সি কাৰণে, ব'লা প্ৰিয়ে। বেলি নকৰিবা,
যাও ব'লা ঘৰলই সন্তোষ অন্তৰ।”
ধীৰে ধীৰে কুঁৱৰীও উঠি ঠিয় হ’ল;
তুলিলে দোলাত, ধৰি ৰজাই হাতত।
আহিল পমিণী বুৰী দোলা-কাষলই।
আনন্দ মনেৰে আজি আনন্দ-দিনত।
দুপৰ ভাটী দিয়াত পালেহি নগৰ,
(কমতাৰ ৰাজ লক্ষ্মী পালেহি কমতা)।
গােলাপীৰ মাক আহি এনে সময়তে
শুধিলে ৰাণীক,“আই! আই মােৰ ক’তা?
তােমা স’তে গইছিলে বনলই আই,
উলটি আহিলা তুমি, আই কিয় লই?
আই নেদেখি মােৰ বিয়াকুল হিয়া ;
কোৱা আই! আই কিয় অহা নাইকিয়া?"
সখীৰ মাক দেখি এনে বিয়াকুল,
চকুপানী টুকি ৰাণী কান্দিব ধৰিলে;
মাঘৰ মাহত যেনে টোপা নিয়ঁৰৰ,
চকুপানী টোপাটোপে সি দৰে পৰিলে।
ধীৰে ধীৰে ক'লে ৰজা,—'নাকান্দিবা আই।”
তােমাৰ গােলাপী আৰু জগতত নাই।
প্রণয়ত লাগি হায়! তিয়াগি সংসাৰ
নন্দই সইতে গ'ল গােলাপী তােমাৰ।
এই বুলি আদি অন্ত কলে সকলোটী।
বিমুৰ্চ্ছিত হই বুৰী পৰে ধাল খাই।
নাই মাত, নাই বােল, নাই কাটি কুটা;
প্রাণপখী উৰি হায় গলগৈ পলায়!
তিয়াগিলে পুত্রশােকে প্রাণ দশৰথ;
জীয়েকৰ শোকে এৰে বুৰীয়ে পৰাণ।
চেঁছা পানী কুৱৰীয়ে দিলে ঢালি ঢালি,
নামাতিলে আৰু বুঢ়ী হেৰুৱালে প্রাণ।