পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
কমতাপুৰ ধ্বংস কাব্য।

অসতী নহয় ৰাণী, নাই চোৱা পাপে
কুৱৰীৰ দেহা, সতী পতিব্ৰতা ৰাণী।
গুছুৱাঁ সন্দেহ মােৰ পুনু আজি যাওঁ
আনােগই মাতি-বুলি দেবী হৃদয়ৰ,—
কমতাৰ ৰাজলক্ষ্মী, যাৰ সদ্‌গুণত
মােহিত আছিলে হায়! কমতা নগৰ।
মই অতি নৰাধম! ভাবি নাচাই,
সতী তিৰুতাক দিলোঁ দুখ হৃদয়ত।
হৃদয়ৰ ৰত্ন হায়! দিলোঁ দলিয়াই;
ঠাই আৰু নাই মােৰ কতাে নৰকত।”
“সত্য কৰি কও ৰজা।” গােলাপীয়ে কয়
“সতী পতিব্ৰতা ৰাণী অসতী নহয়।
সাক্ষী আছে মহাৰাজ! সৌৱা জোন তৰা!
সেই চিঠি মােৰ, ৰাণী সতীত্বৰে-ভৰা।
সেই যেই হ’ক হয়! যিহকে কৰিলা,
উলিয়াই দি মােক মুৰ স্বোৱামীৰ!
হেপাই পূৰাই লই হিয়াৰ মাজত
শাত কৰো মন প্ৰাণ, হৃদয় অথিৰ।”
 এই বুলি গােলাপীয়ে কান্দিব ধৰিলে,
ৰজাই নন্দৰ মুৰ দিলে উলিয়াই।
ইনাই-বিনাই কান্দি অতি হেপাহত
হিয়াৰ মাজত ল'লে অভাগী সুমাই।
“প্ৰাণেশ্বৰ! প্ৰাণনাথ! অভাগীত লাগি
অকালতে হায়। তুমি ত্যজিলা পৰাণ।