পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
অষ্টম সর্গ।

“জানোঁ সখি! আহি নন্দ নাই পােৱাহি বা?
সি কাৰণে, জানো বুঢ়ী আছে তাতে ৰই?”
“কিয় সখি! নাপাবহি তেওঁ আহি ঘৰ?
কে’বা দিনো হ’ল আজি, দেখিছিলে হেনো
তেওঁক বহুতে সখি! বাটত এদিন;—
কিয় বুঢ়ী অহা নাই? তাকে মাতোঁ গুণো।
নে, সখি! খুজিছে তেওঁ আহি সন্ধীয়া
পমিলীৰে স’তে দুয়ো এই বনলই?
দেখা নাই বাট-পথ ক’ত আছোঁ আমি,—
সি বুলি বা বুঢ়ী সখি! আছে তাতে ৰই।”
“জানো সখি! ৰ'বাছােন” কলে কুঁৱৰীয়ে,—
“গধূলি হ'লেতো বুঢ়ী আহিব উলটি?
উতলা নহ'বা সখি! থিৰভাৱে ৰােৱা,—
নহবা মিছাতে তুমি বিয়াকুল অতি।”
এই বুলি কুঁৱৰীয়ে ৰ'ল মনে মনে;—
সৰুক চাই খুঙ্গে গােলাপীয়ে কয়;—
“যােৱাঁ দেৱ! যোৱাঁ তুমি, লুকুৱাঁ আঁৰত
আকাশ পথৰপৰা বেগা বেগি কই।
তোমাৰ ৰথৰ ঘােৰা খেদোৱাঁ বেগাই—
জুই বৰনীয়া ছঁয়া পৰােক মেম্বত;
যোৱাঁ দেৱ। যােৱা তুমি, নাথাকিবা আৰু
আকাশ মাৰ্গত; যোৱাঁ অস্ত-অচলত।
ৰথৰ সাৰথী তুমি নিজেই, অৰুণ!—
কোবাই কোবাই ঘােৰা কিয় নেখেদোৱাঁ?