পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
অষ্টম সর্গ।

নেদেখিব কোনোৱে যে আৰু জগতত।
মিছা কথা! যোৱাঁ তুমি গোলাপী সুন্দৰি!
মন সুখে যোৱাঁ তুমি বৈকুণ্ঠ পুৰত,
কবিৰ ঈশ্বৰী আৰু লক্ষ্মীয়ে সইতে
বিৰাজিছে যত প্ৰভূ সন্তোষ মনত।
আয়ে বজাইছে বীণা, গাইছে সঙ্গীত
মনি মৰকত আদি পিন্ধি অলঙ্কাৰ;
মাহী আয়ে শুৱাইছে সোণালী দুৱাৰ।
সুন্দৰি! তালই তুমি গুছি যোৱাগই
বিৰহৰ জ্বলাজুই নুমুৱাই থই,
নন্দৰে সইতে তাত কৰা স্বৰ্গ ভোগ
আতৰাই দুখ তাপ, সংসাৰৰ শোক।


কমতাপুৰ ধ্বংস কাব্য (page 93 crop)