সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
কমতাপুৰ ধ্বংস কাব্য।


পলম কিয়নো কৰা? বেগা-বেগি কই
সুৰুযক লই তুমি কিয়নো নোযোৱা?
নিতে নিতে তুমি পখি! চলাইছা ৰথ,—
বিষালে বা হাত ঘোৰা খেদোতে-খেদোতে?
অৰুণ! তোমাৰ নে কি লাগিছে ভাগৰ
সুৰুযে সইতে নিতে ফুৰোতে-ফুৰোতে?
এদিনো আজৰি নাই,—নিতে পুঁৱা হ'লে,
এহাতেৰে দোল ধৰা,—এহাতে আচাৰি;—
‘এক চক্ৰ ৰথ’ খনি নিতউ চলোৱাঁ
আকাশে দি,-পশ্চিমৰ ফালে মুখ কৰি ।
সি বুলি অৰুণ! যদি লাগিছে ভাগৰ,—
সোনকালে যোৱাঁ আজি অস্ত গিৰিলই,—
জুড়োৱা খন্তেক তাতে, পলোৱাঁ ভাগৰ,
আকউ আনিবা ৰথ ৰাতিপুৱা কই!
আহাঁ হে সন্ধিয়া সখি! দিয়া ঢালি তুমি
ধোৱা বৰণীয়া আহা! শীতল কিৰণ!
দেশ-এৰা প্রবাসীয়ে ভূলক খন্তেক
হৃদয়ৰ শোক, তাপ, বিৰহ দহন!”
এনে সময়তে আহি পালেহি পমিলা
শোকত চকুলো টুকি কান্দো কান্দোঁ হই—
পমিলীক এনে লেখি শুধিলে গোলাপী,—
“কিয়, বাই! চকু-পাণী টোকা এনেকই?
সৰ্ব্বনাশ নে কি, বাই ঘটিছে তেওঁৰ?
আহি তেও নেকি হায়! পোৱাহিয়ে নাই?