পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
কমতাপুৰ ধ্বংস কাব্য।

যদি কৱ হয় বুলি, পিশাচিনী তই।
জিবা জ্বলি যাব তােৰ দাৰুন বিষত॥”
“কিয় কৰা খঙ্গ মােক, কয় পমিলীয়ে
“কিবা দোষ মােৰ আই? যদি খঙ্গ কৰা
নকঁও একোকে আৰু মনে মনে থাকা;
মিছাতে ফুৰিলে মাথোঁ ৰাতি-পুৱা পৰা॥
“বেজাৰত কও কিবা, নালাগিবা তাত”
ইনাই বীনাই কান্দি গােলাপীয়ে কয়,
কোৱাঁ তেওনে কি, বাই হল আত্মঘাতী?
নকৰিবা বেলি, মােৰ দহিছে হৃদয়।
“আত্মঘাতী নাই হােৱা” কয় পমিলীয়ে,
“কিবা দোষ পাই হায়! কটালে ৰজাই,
কিন্তু কি দোষত হায়! নাপালাে শুনিব!
শুনা হলে, ক'লো হয় তাকো মই আই।”
এই বুলি পমিলীয়ে টুকিলে চকুলাে!
হিয়ামূৰ ভূকুৱাই গোলাপী কান্দিলে!
বাৰিষা কালত যেন বৰষুন পাণী,
চকু পাণী দুচকুত সিদৰে সৰিলে!
“ফাটি যা হৃদয়!” কান্দি কয় গােলাপীয়ে
“ফাটি যা দুচিটা হই! হতভাগ্য প্ৰাণ
সৰ্বস্ব ধুকালি তই কালৰ চক্ৰত!
যা বাহিৰ হই! তোৰ নলওঁ যে নাম!
অসাৰ অনিত্য দেহা! যা মিহলি হই
মাটীৰে সইতে! আৰু কি থাক তই