পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
অষ্টম সৰ্গ।

অথিৰ-অবিৰ মোৰ হইছে হৃদয়,—
কি ঘটিছে? কিয় কান্দা? কোৱা মোক বাই!
“অদৃষ্ট তোমাৰ আই!" ক’লে পমিলীয়ে,—
“মুখত নোলায় কথা, তেওঁ আৰু নাই!
সাৰিলে সংসাৰ-হাত! তেওৰ শোকত
নাকান্দিবা মিছামিছি আৰু তুমি আাই!
ফাটি বা হৃদয় কান্ধি গোলাপীয়ে কয়,
ঈশ্বৰো কি হায় বাই! এনুৱা নিৰ্দ্দয়?
আধাফুলা ঢোপাকলি চিঙ্গে বতাহত,
দয়া মায়া, বাই! তাৰ নাইনে মনত?
“নহয় ঈশ্বৰ আই! মানুহে কৰিলে!"
চকু পাণী টুকি টুকি পমিলীয়ে কয়,
“অকাল মৃত্যুত তেও এৰিলে সংসাৰ!
কিৰূপেনো কওঁ আই! পৰানে নসয়।"
পমিলীৰ কথা শুনি কয় গোলাপীয়ে
হৰিনীৰ চকু তেন দুচকু পকাই;
“পিশাচিনি! দিছ কিয় দুখ নৰকৰ!
দয়া, মায়া, সেই তোৰ একোৱে কি নাই!
নন্দনে কি আত্মাঘাতী হল তেনে বুৰি?
কছোঁ মোক মাথোঁ হায়! হয়নে নহয়?
যদি কৱ হয় বুলি, তেনেহলে তোৰ
বিন্দু মাত্ৰো নাই দয়া, নিৰ্দ্দয় হৃদয়॥
হয় কথা বিষময়, তক্ষকৰো বিষ
অতি তুচ্ছ তাৰ ঠাই নানিবি মুখত।