পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
অষ্টম সর্গ।

সেই বুলি, ছল কৰি দিলে পঠিয়াই
গঙ্গাতীৰলই হায় পাইত নন্দক।
তীৰ্থলই গ'ল তেওঁ থাকিলোঁ ইয়াতে
বিৰহৰ জ্বলাজুই ফুঁৱাই ফুঁৱাই।
তেওঁল’কে দিবলই এই চিঠিখনি
লেখােৱাইছিলোঁ। মই সখী-হতুৱাই।
তুমি দেখা বুলি ৰাণী ভয় ভয় কৰি,
লিখিছিলে চিঠি তুমি টোপনী গ'লত;
লিখি এতালত, পাছে থইছিলে বান্ধি
সামৰি-সুতৰি হায়! ৰিহাৰ আগত।
পাছ দিনা ৰাতিপুৱা চিঠি খুজিছিলোঁ,
বিচাৰি নেপালে তেওঁ ৰিহাৰ আগত!
এতিয়া জানিলোঁ ৰজা। তুমি চিঠি-চোৰ;
মােকোলাই নিলা তেওঁ টোপনী গ'লত!
এতিয়া জানিলোঁ তুমি মিছা সন্দেহত
ব্ৰহ্মবধ মহাপাপ কৰিলা বংশত।
মিছাতে ৰাণীক দিল দুখ দুৰগতি,
নিশ্চয় জানিবা ৰাণী নহয় অসতী।”
“সত্য কৰি কোৱাঁ সখি!” বুলিলে ৰজাই,
“কান্দিছে হৃদয় মােৰ দাৰুণ শােকত!
নােহে কি অসতী ৰাণী? চিঠি কি তোমাৰ?
ত্যজিছোঁ তেওঁক নেকি মিছা সন্দেহত?
ইচ্ছাময়! জগদীশ! গুছুৱাঁ সন্দেহ
হৃদয়ৰ পৰা মােৰ! কৰা দৈৱবাণী,