পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৫
অষ্টম সর্গ।

নাকান্দো সি বুলি আৰু। সুখী তাত দাসী
ত্যজিম পৰাণ আজি সইতে তােমাৰ।
বলাঁ নাথ! বলা যাওঁ দুয়াে একে লগে,
নুমাও দুয়োৰে আজি হৃদয়ৰ জুই।
বিষময় ই সংসাৰ এৰি বলা নাথ,
নিত্য ধামলই যাওঁ, সেই স্বৰ্গপুৰ।
পৃথিবীৰ ভাল পােৱা দুদিনীয়া মাথোঁ
নহয় চিৰকলিয়া প্ৰেম সংসাৰৰ।
কিন্তু নাথ! আছে তাত সিপাৰে মেঘৰ
স্বৰ্গ নামে দেশ এক অনন্ত সুখৰ।
নাই ভিন সি দেশত বামুণ শুদিৰ,
নাই তাত জাতী কুল ধনী ধনহীন।
বিৰহ বিচ্ছেদ তাত নাই শােক তাপ,
কি ৰজা কি প্ৰজা তাত নাই একো ভিন।
বলা নাথ! দুয়ো আজি যাও সি দেশত,
—ভিন-পৰ ঘিনা-ঘিনি থকা ঠাই এৰি,
তিয়াগি সংসাৰ ঘােৰ শােক-তাপ ভৰা-
যত নাই শােক-তাপ সন্তাপ এফেৰি।
সি ঠাইত দুয়াে আমি নােহোঁ এৰা-এৰি,—
বিৰহৰ গে ন্ধো নাই;—নিতউ মিলন।
'কলঙ্কিত’ বুলি নাথ নােৱাৰে নিন্দিব,—
প্ৰকৃত প্ৰেমত তাত সবেই মগন।
মহাৰাজ!
অকলে আইতা আছে ঘৰত দুখুনী।