পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
কমতাপুৰ ধ্বংস কাব্য।

পুতেকৰ মুৰ আনি দেখালে মন্ত্ৰীক
মাংসৰো যে কথা হেনাে দিলে ভাঙ্গি কই!
কান্দিলে মন্ত্ৰীয়ে হেনো বহুত বীনাই;
বহু ধনভাঙ্গি বােলে হল পৰাচিত!
এতিয়া ৰাজ্যত নাই, গ'ল তীৰ্থলই;
নাহিব উলটি; হেনো থাকিব কাশীত!”
পমিলীৰ কথা শুনি, শুধিলে গােলাপী
কান্দি কান্দি,-“কছো বাই। সছাঁ-সঁছি কই
আছেনে তেঁওৰ মুৰ ৰজাৰ হাতত?
এতিয়া তালই গ'লে দেখিমনে মই?”
“এতিয়াও আছে আই। ৰজাৰ হাততে”
চকুপানী টুকি টুকি পমিলীয়ে কয়,
“যদি যোৱা, পাবা দেখা, যদি চাব খােজা,
সােনকালে যােৱাঁ আই! ৰজাৰ তালই।”
কথা শুনি পমিলী, ইনাই-বীণাই
গােলাপীয়ে কলে কান্দি ৰাণীলই চাই
“দশা বেয়া মােৰ সখি! যিহ'বৰ হ’ল!
দুপৰ নউ হওতে বেলি মাৰ গ'ল!
যি আছিলে সেয়ে হ’ল! কান্দিছো মিছাতে!
পমিলীয়ে স'তে আজি থাকাছোঁ বনত।
আহোঁছোঁ মই এবাৰ নগৰৰ পৰা,
আকউ আহিম; চিন্তা নানিবা মনত।”
“এনে বেজাৰত সখি! মনৰ বেগত
নালাগে তালই যাব, যদি যােৱাঁ সখি!