পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হেপাহ পূৰাই লই হিয়াৰ মাজত,
জুড়াও হৃদয় মোৰ অথিৰ-অবিৰ।
বেলি নকৰিবা, ৰাজা! মাতিছোঁ তোমাক
মুৰটী তেওঁৰ মোক দিয়া উলিয়াই।
শেষ চোৱা লওঁ চাই এই জনমত
লও দেখি আজি মই হেপাহ পূৰাই।”
“কি কইছা সখি! তুমি একো বুজা নাই।”
গোলাপীক ধীৰেধীৰে বুলিলে ৰজাই,
বিয়া নউ দিওতেই, বাৰী হলা তুমি।
মানে কি ইয়াৰ, সখি ? নাপালো যে গুণি!”
নাই দিয়া বিয়া সছা! বিয়া দেশাচাৰ
নিদিলেও বিয়া; তেওঁ স্বামী অভাগীৰ
বৰিছিলো মনে মনে মিলিছিলে মন
অন্তৰে অন্তৰে ৰাজা! আমি দুয়োটীৰ!
দেশাচাৰ মতে হায়! দেখনিয়া বিয়া
যদিও নহল ৰাজা আমা দুয়োটীৰ,
ইটে সিটে দুয়োটীকে ভাল পাইছিলো,
নহলেও বিয়া, তেঁবে স্বামী অভাগীৰ!
তেওঁকেই ভাবি ভাবি নিয়াম জীৱন,
বেলি নকৰিবা, দিয়াঁ মূৰ উলিয়াই;
হিয়াৰ মাজত লই শাঁত কৰো প্ৰাণ,
হেপাহ পুৰাই হায়! লওঁ আজি চাই ।
‘ইকি আচৰিত সখি?” বুলিলে ৰজাই
“তোমা দুয়ো সখী নেকি একেই বিধীয়া?