পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


প্রণয়ীৰে স’তে আজি যোৱা স্বৰ্গলই,
গুছাই মনৰ দুখ বেজাৰ সন্তাপ,
বিৰহৰ জ্বলা জুই নুমুৱাই থই।
প্রকৃত প্ৰেমৰ তুমি দেখুৱালা ছিন
প্রণয়ত লাগি দিলা আত্ম-বিসর্জন।
সুন্দৰি! তোমাৰ দৰে প্ৰেমৰ নিমিত্তে
জগতত প্রাণ দিব পাৰে কেইজন?
বলিয়ানী, উন্মাদিনী বুলিব জগতে
তোমাক সুন্দৰি! কিন্তু যদি প্রণয়ত
আপোনাকে পাহৰিব নোৱাৰে প্ৰেমিকা,
কিবা সুখ ভাল পোৱা তেনুৱা প্ৰেমত?
নিজৰ অস্তিত্ব যদি নোৱাৰে ভুলিব,
প্রেমিক-প্রেমিকা যদি পগলা নহয়,
সেই প্রেম ভাল পোৱা নিতান্ত অসাৰ
তেনুৱা প্রেমক কোনে প্রেম বুলি কয়?
আহাহা জানিলে হায়! যেতিয়া জুলীয়া(১)
ৰোমিওৱে স’তে হব নোৱাৰে বিবাহ।
—মণ্টাগো কেপুলেটৰ শক্র চিৰকাল
উভয় বংশৰে কাৰো নাই আহ-যাহ;–
হৃদয়ৰ বেগ হায় সহিব নোৱাৰি
জুলীয়া ধৰিলে ক’ব নিজকে পাহৰি,—
“ৰোমিও! ৰোমিও! কোৱাঁ ৰোমিও!নোহোৱা
বিপক্ষৰ পুত্ৰ তুমি; অন্য নাম লোৱাঁ


(১) Juliet