পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


শলাব ‘ৰোমিও’ নাম যদিহে নোখোজা,
কোৱাঁ মাথোঁ তুমি মোক বুলি ভাল পাওঁ,
তেন্তে এই খন্তেকতে পিতৃ-মাতৃ এৰি
নিজৰে ‘জুলীয়া’ নাম আপুনি গুছাওঁ।”
প্রেম-বলিয়ানী হায় জুলীয়া সুন্দৰী
নোৱাৰিলে পাহৰিব ৰোমিও ধনক।
শেহত দুয়োটী গই দিলে বিসৰ্জ্জন
প্রণয়ত লাগি হায় আপোন প্ৰাণক।
আহাহা পৰাণ কান্দে! আজলী ওফিলী(২)
শুনিলে দুখুনী যৱে প্ৰাণ পৰাণৰ
হেমলেটে আৰু বোলে নকৰে বিবাহ,—
কান্দিব ধৰিলে কত দুখিত অন্তৰ।
উন্মাদিনী হ’ল হায় শুনিলে দুখিনী
হেমলেট আৰু বোলে নাই সংসাৰত
কত কান্দি কত নাচি উন্মদিনী দৰে
ত্যজিলে পৰাণ গই লাগি প্ৰণয়ত!
প্রণয়ত লাগি কৰে আত্ম বিসৰ্জ্জন।
সি দৰে তুমিও আজি গোলাপী সুন্দৰি।
পাহৰিলা আপোনাক অস্তিত্ব নিজৰ,
ত্যজিলা পৰাণ নিজে প্রণয় সুঁৱৰি!
আত্মঘাতী হ’লে বোলে কাৰো মুক্তি নাই,
কোনে কয় এনে কথা? কেনুৱা শাস্ত্ৰত?
যদি সেৱে হয় হায়! প্রকৃত প্রণয়
———————————————————
(২) Ophelia