পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এই বুলি চিঠি খনি(মোকলাই লোৱা
ৰিহাৰ গাঁথিৰ পৰা) ধৰিলে পঢ়িব।
চিঠি পঢ়া অন্তহল—কলে গোলাপীক
“ইমানতো নেকি তুমি বিশ্বাস নকৰা
ৰানীকো তোমাৰ দৰে বামুণ নন্দৰ
গুপ্ত প্ৰণয়িনী বুলি কলঙ্কেৰে ভৰা?”
“কি কাম কৰিলা ৰাজা?” কয় গোলাপীয়ে
দুখে হুমুনীয়া কাঢ়ি ৰজালই চাই;
এই চিঠিয়েই নেকি দুৰ্দ্দশা ৰানীৰ?
ইয়াতেই নেকি তেওঁ বনলই যায়
এয়েই প্রমাণ নেকি আৰু অাছে ৰাজা?
ইয়াতে ৰানীক নেকি ভাবিছা অসতী?
আৰু যদি পোৱা নাই একোতে প্রমাণ,
তেনে কুৱৰীৰ হল মিছাতে দুৰ্গতি।
“প্রমাণ চিঠিত বাজে আৰু মোৰ নাই।”
বিয়াকুল মনে ৰজা গোলাপীক কয়,
“কিবা যদি জানা সখি, কোৱাঁ শীঘ্ৰে মোক
কুৱৰীক ভাবি মোৰ কান্দিছে হৃদয়।”
“বহুদিনাৱধি মোৰ আছিলে প্রণয়
মন্ত্ৰীৰ পুতেকে সতে” গোলাপীয়ে কয়,
“পাছে হায়! সেই কথা গম পালে গই
নন্দৰ বাপেক মাকে লাহে লাহে কই।
কত চেষ্টা কৰিছিলে কত যত্ন কৰি
নোৱাৰিলে এৰুৱাব কিন্তু পুতেকক,