পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দেখা যদি পোৱা হায়! কেতিয়াবা তুমি,-
কবা (মোৰ হই) হেনে,—তিয়াগি সংসাৰ,
নন্দই সইতে গ’ল গোলাপী তোমাৰ!
যদি শোধে কুঁৱৰীয়ে—প্ৰাণৰ সখীয়ে-
ক’বা মহাৰাজ হেনে আজি শেষ হ'ল।
তোমাৰ সখীটী সেই ছোৱালী কালৰ
নন্দে স’তে দুৰ্ভাগিনী, স্বগলৈ গ'ল
অনুৰাগ সুখে হায়! মাধই লতাই
ভুজ-ফাহে তমালক যিৰূপে মেৰাই,
বিৰহ-প্যাকুলা হায়! দুখুনী গেলাপী
নন্দকেই মেৰিয়াই সি দৰে পলায়।”
এইবুলি গোলাপীয়ে ল'লে উলিয়াই
হাতৰ কটাৰী খনি ফুলাম দাবৰ।
আপোনাৰ দিঙ্গিতেই দিলে তিনিৰেপ!
লুটি খাই পৰি হায়; কৰে থৰ ফৰ।
ইকি কান্দ হায়! দেথি কান্দে ষে পৰাণ,
তেজেৰে ৰাঙ্গলী হল দুখুনী গোলাপী।
নাই মাত নাই বোল নিমাত অচল।
ভুলিছে দুখুনী আজি বিহুৰ তাপ।
প্ৰণয়ীৰ মৃত্যু শোক ভুলিছে দুখুনী
ভুলিছে দুখুনী ছৰি শোক বিষাদৰ।
প্ৰণয়ীত লাগি কৰি আত্ম-বিসৰ্জন,
দেখুৱালে আজি ছিন প্ৰকৃত প্ৰেমৰ।
যোৱাঁ তুমি সুখে যোৱাঁ গোলাপী সুন্দৰী।