অসমীয়া আদি পাঠ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
অসমীয়া আদি পাঠ
লেখক আনন্দচন্দ্ৰ আগৰৱালা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[  ]

ASSAMIYA ADI PATH.

For Class B.

A PRIMER IN ASSAMESE

BY

RAI BAHADUR

ANANDA CHANDRA AGARWALA, I. P.

অসমীয়া আদি পাঠ

খ মানৰ নিমিত্তে

ৰায় বাহাদুৰ

আনন্দচন্দ্ৰ আগৰৱালা ৰচিত ।

পঞ্চম সংস্কৰণ ।

ভট্টাচাৰ্য্য এজেন্সিৰ পৰা

শ্ৰীহৰেন্দ্ৰনাথ ভট্টাচাৰ্য্যৰ দ্বাৰা প্ৰকাশিত ।

পো: ৰিহাবাৰী, ডিব্ৰুগড় ।

Six pice.  ১৯৩৬  বেচ ৴১০ পইচা ।

[  ] [  ]

অসমীয়া আদি পাঠ ।

শেষ ছোৱা ৷

⸺০⸺

সংযোগী আখৰ

য ফলা । য=্য
ক্ য ক্য ; খ্ য খ্য ; গ্ য গ্য ।
বাক্য   ভাগ্য   পাঠ্য   বাধ্য
বিদ্যা   শয্যা   সত্য়   লক্ষ্য
বাজ্য   ন্যায্য   শস্য   মূল্য
জ্যোতি   যোগ্য   পুণ্য   সহ্য

সুখ্যাতি   আলোচ্য
বাণিজ্য   অৰণ্য
অকথ্য   অভ্যাস
অগম্য   অন্যায়
[  ]
নাট্যশালা   পৰিত্যাগ
অধ্যাপক   ব্যৱহাৰ
ভবিষ্যৎ   অমাবস্যা
বাল্যকাল   আৱশ্যক

১ পাঠ ।

 বাক্যৰ দুখীয়া কেওঁ নাই। কুবাক্য কাৰো সহ্য নহয়। সুবাক্যে সকলোৰে মনত ৰং লগায়। বুঢ়া লোকে কয়, ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। এই কথা সত্য জানি তোমালোকে কাকো কুবাক্য নুবুলিবা। সকলোৰে লগত সজ ব্যৱহাৰ কৰিবা। বাল্যকাল বিদ্যাশিক্ষাৰ সময়। এই কালত মন দি লিখা-পঢ়া শিকিলে ভবিষ্যতে সুখেৰে দিন নিয়াব পাৰিবা। [  ]  যি তোমাক লিখা-পঢ়া শিকাইছে, তেওঁ তোমাৰ অধ্যাপক। তেওঁক তোমাৰ পিতৃ-মাতৃৰ তুল্য ভাবি মান্য কৰিবা। কোনো কথাত তেওঁৰ অবাধ্য নহবা।

ৰ ফলা । ৰ = ্র
ক্ ৰ ক্ৰ ; ত্ ৰ ত্ৰ ; ভ্ ৰ ভ্ৰ ।
চক্ৰ  শ্ৰম  ভদ্ৰ   ছাত্ৰ
শত্ৰু  মিত্ৰ  ক্ষুদ্ৰ   নম্ৰ 
আক্ৰোহ  অনুগ্ৰহ  আঘ্ৰাণ উপদ্ৰৱ
প্ৰথম  পৰিশ্ৰম  ভ্ৰমণ  ডিব্ৰুগড়

২ পাঠ ।

 ক্ৰোধ মানুহৰ পৰম শত্ৰু। তাৰ বশীভূত হলে মানুহৰ হিতাহিত বোধ নেথাকে। এতেকে ক্ৰোধ উঠা মাত্ৰকে তাক দমাই ৰাখিবা। [  ]  পৰিশ্ৰম আৰু মনোযোগ বিদ্যা- শিক্ষাৰ প্ৰধান উপায়। সজ ছাত্ৰৰ গাত এই দুয়োটা গুণ থাকে।

 ৰোগ ক্ষুদ্ৰ হলেও তালৈ আওহেলা নকৰিবা। ৰোগ হোৱা মাত্ৰেই ভাল বেজৰ হতুৱাই শীঘ্ৰে চিকিৎসা কৰাব লাগে।

 আফ্ৰিকা দেশত জেব্ৰা নামেৰে এবিধ ঢেঁকীয়াপতীয়া ঘোঁৰা আছে। সেই ঘোঁৰাই পোহ নলয়। তলত তাৰ ছবি চোৱা

[  ]
ৰেফ । ৰ = ′
ৰ্ ক ৰ্ক ; ৰ্ খ ৰ্খ ; ৰ্ গ ৰ্গ ।
তৰ্ক   মূৰ্খ   দুৰ্গা   অৰ্ঘা
নিৰ্জু   পূৰ্ণ   অৰ্থ   আৰ্হি
পাৰ্গত   কিৰ্পিণ   পৰ্ঘুমা   নিৰ্ধনী
দুৰ্ণাম   দুৰ্যশ   বিমৰ্ষ   গৰ্হিত
কেৰ্কেটুৱা   আধানাৰ্জি
অপাৰ্থক   দুৰ্ভগীয়া
দুৰ্ঘটনা   পৰামৰ্শ
আবিৰ্ভাৱ   আকৰ্ষণ

[  ]

৩ পাঠ ।

 অবুজনক বুজোৱা, ঢেৰুৱাৰ ঠাৰি সিজোৱা। এতেকে মূৰ্খৰ লগত তর্ক কৰাৰ সকাম নাই। দুৰ্জন মানুহে গর্হিত কাম কৰি বিমর্ষ নহয়। কাৰণ, সি দুর্ণাম বা দুৰ্যশলৈ ভয় নকৰে।

 সৰ্পক আমি সাপ বােলাে। সৰ্পৰ হাত ভৰি নাই। সি বুকুত ভৰ দি চলে।

ল ফলা । ল =
ক্    ক্ল  শুক্ল   ল্    ল্ল  প্ৰফুল্ল
গ্    গ্ল  গ্লানি   শ্    শ্ল  শ্লাঘা
প্    প্ল  বিপ্লব   হ্    হ্ল  আহ্লাদ
ম্    ম্ল  অম্লান।         

৪ পাঠ ।

 অবাবত কাকো ক্লেশ নিদিবা। পৰৰ গ্লানিত কাণ নেপাতিবা। মনক সদায় [  ]  প্ৰফুল্ল ৰাখিবা। চানক্যৰ শ্লোকত অনেক সজ কথা আছে। তাক পঢ়িলে মনত আহ্লাদ লাগে। দিল্লি এখন নগৰৰ নাম।

ৱ ফলা । ৱ =

ক্ ৱ ক্ব ; দ্ ৱ দ্ব ; স্ ৱ স্ব ।

জ্বৰ   বিহ্বল   ধ্বনি   ক্বচিৎ
বিশ্ব   ঈশ্বৰ   স্বয়ং   স্বৰূপে
ৰাজত্ব   স্বাধীন   প্ৰভুত্ব   বিদ্বান
অদ্বিতীয়   প্ৰজ্বলিত   প্ৰতিধ্বনি   দীপান্বিতা

৫ পাঠ ।

 কাতি মাহত দীপান্বিতা হয়। সেই দিনা প্ৰায় সকলো মানুহে অনেক চাকি জ্বলায়; লৰাবিলাকে ফট্কা মাৰে; ধুপ্ধাপ্ ফট্কাৰ ধ্বনি শুনিবলৈ পোৱা যায়। এই বাৰ মই দীপান্বিতা চাবলৈ [ ১০ ] যাব নোৱাৰিলো। কাতি মহীয়া বৰকৈ হিম পৰে। কেনেবাকৈ হিম লাগি মোৰ জ্বৰ হৈছিল; মোৰ স্বৰ ভাগি গৈছিল; মই জ্বৰত বিহ্বল হৈ পৰিছিলোঁ। পাছে, এজন ভাল বেজৰ দ্বাৰা চিকিৎসা কৰোৱাত জ্বৰ আৰোগ্য হল। বেজে ক্কাথৰ লগত দৰব মাৰি খুৱাইছিল। তেওঁৰ দৰবত মোৰ বিশ্বাস। তেওঁ বিদ্বান অথচ নম্ৰ স্বভাৱৰ লোক।

ন ফলা । ন =
গ্ ন গ্ন ; ত্ ন ত্ন ; শ্ ন শ্ন ।
অগ্নি   অন্ন   যত্ন   স্নেহ
ৰত্ন   নিম্ন   প্ৰশ্ন   বহ্নি

৬ পাঠ ।

 অন্নে মানুহৰ জীৱন ৰাখে। জুই নহলে অন্ন সিজাব নোৱাৰি। জুইক [ ১১ ] অগ্নি বোলা যায়, বহ্নিও বোলা যায়। অগ্নিয়ে সকলোকে পোৰে। আইয়ে নিতৌ স্নান কৰি জগন্নাথৰ নাম লয়। তেওঁ নিজ হাতে অন্ন সিজাই আমাক খাবলৈ দিয়ে। সিদিনা আমাক পৰমান্ন দিছিল। তেওঁৰ স্নেহ আৰু যত্নৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁক কোনো কথাৰ প্ৰশ্ন কৰিলে কয়, বোপা, পুথি পঢ়া; পুথিত সকলো কথা জানিবলৈ পাবা।

ম ফলা । ম =

ক্ ম ক্ম ; ল্ ম ল্ম ; হ্ ম হ্ম ।

পদ্ম   জন্ম   ভস্ম   ৰশ্মি
ৰুক্মিনী   লক্ষ্মী   ব্ৰাহ্মণ   মহাত্মা
[ ১২ ]

৭ পাঠ ।

 ৰুক্মিণীয়ে সদায় পুখুৰীৰ পৰা পদ্ম ফুল লৈ আহে। পুখুৰীৰ পাৰত এজোপা শাল্মলি গছ আছে। তাৰ তলতে এজন ব্রাহ্মণৰ ঘৰ। ৰুক্মিণীৰ বাপেক ব্রাহ্মণৰ আত্মীয় হয়। সেই ব্রাহ্মণৰ লক্ষ্মী নামেৰে এজনী জীয়েক আছে। ৰুক্মিণী আৰু লক্ষ্মী দুয়ো সখী। দুইৰো একে মাহত জন্ম হৈছিল। দুয়াে মাক- বাপেকক বৰ সম্মান কৰে; সদায় তেওঁলােকৰ কথা মতে চলে; তেওঁলােকে কোনো কামলৈ পাচিলে কেতিয়াও পৰাঙ্মুখ নহয়। দুয়াে জনী ছােৱালীৰ ভিতৰত ইমান যে মিল দেখিলে বিস্ময় মানিব লাগে। গ্রীষ্ম- কালত যেতিয়া ৰদৰ ৰশ্মি বৰ চোকা হয়, তেতিয়া সেই ব্রাহ্মণে শাল্মলি গছৰ [ ১৩ ] তলত বহি ৰামায়ণ পুথি পঢ়ে। দুয়ো সখীয়ে ওচৰত বহি শুনি থাকে।

অনেক প্ৰকাৰৰ সংযোগী আখৰ ।

( দুই আখৰীয়া )

ক্      ক্ক   মক্কা, ধিক্কাৰ ।
ক্      ক্ত   ভক্ত, শক্তি ।
গ্      গ্ধ   দুগ্ধ, মুগ্ধ ।
ঙ্      ঙ্ক   অঙ্ক, মেজাঙ্কৰি ।
ঙ্      ঙ্খ   শঙ্খ, টিঙ্খপ ।
ঙ্      ঙ্গ   গঙ্গা, মঙ্গল, আঙ্গঠী ।
ঙ্      ঙ্ঘ   উপলঙ্ঘা, জঙ্ঘা ।
ঙ্   ক্ষ   ঙ্ক্ষ   আকাঙ্ক্ষা, সঙ্ক্ষেপ ।

[ ১৪ ]

৮ পাঠ ।

 শঙ্খধৰ বৰ ভাল লৰা। সি তাৰ পিতৃ-মাতৃক বৰ ভক্তি কৰে; কোনাে কথাত তেওঁলােকক বিৰক্ত নকৰে; তেওঁলােকৰ বাক্য কেতিয়াও লঙ্ঘন নকৰে। তেওঁলােকক সুখী ৰখাই তাৰ একমাত্র আকাঙ্ক্ষা। পঢ়াশালিত সি সদায় শ্ৰেণীৰ আগত বহিবলৈ পায়। তাৰ মুখেদি ডাঙ্কোপ মৰা কথা নােলায়। তাৰ সজ গুণত সকলাে মুগ্ধ। সকলােৱে তাৰ মঙ্গল কামনা কৰে।

কেঙ্গেৰু পহু

[ ১৫ ]
চ্      চ্চ   উচ্চ, উচ্চাৰণ ।
চ্      চ্ছ   ইচ্ছা, তুচ্ছ, বিচ্ছেদ ।
চ্      চ্ঞ   যাচ্ঞা ।
জ্      জ্জ   লজ্জা, সজ্জিত ।
জ্      জ্ঞ   যজ্ঞ, জ্ঞান ।
ঞ্      ঞ্চ   চঞ্চল, সঞ্চয় ।
ঞ্      ঞ্ছ   বাঞ্ছা, লাঞ্ছনা ।
ঞ্      ঞ্জ   আঞ্জা, সঞ্জাত ।

৯ পাঠ ।

 যজ্ঞৰাম, তােমাৰ উচ্চাৰণ ইমান বেয়া কিয়? সঞ্জয় তােমাতকৈ বয়সত সৰু; অথচ সি ভালকৈ উচ্চাৰণ কৰিব পাৰে। তােমাৰ মনত লজ্জা বােধ নহয় নে? তােমাৰ পিতৃ-মাতৃৰ প্ৰধান ইচ্ছা যে তুমি লিখা-পঢ়া শিকি জ্ঞানী হােৱা। তােমাৰ পঢ়ালৈ আওহেলাৰ কথা শুনিলে তেওঁলােকে মনত বৰ বেজাৰ [ ১৬ ] পাব। যদি তুমি ভাল বাঞ্ছা কৰা তেনেহলে লিখা-পঢ়াত মন দিয়া।

ট্      ট্ট   পট্টা, ঠাট্টা ।
ড়্      ড়্গ   খড়্গ ।
ণ্      ণ্ট   ঘণ্টা, কণ্টক ।
ণ্      ণ্ঠ   কণ্ঠ, অণ্ঠকণ্ঠ ।
ণ্      ণ্ড   পণ্ডিত, মণ্ডল ।
ণ্      ণ্ঢ   সণ্ঢালনি ।
ণ্      ণ্ণ   বিষণ্ণ ।

১০ পাঠ ।

 বৈকুণ্ঠ মাকৰ বৰ মৰমৰ লৰা। সি দোষ কৰিলেও মাকে তাক একো নকয়। মাকৰ লাই পাই তাৰ স্বভাৱ ক্রমে বেয়া হৈ গৈছে। কিবা দোষত [ ১৭ ] পণ্ডিতে এদিন তাক দণ্ড কৰিছিল। তেতিয়াৰ পৰা মাকে তাক পঢ়াশালিলৈ নপঠোৱা হল। সি বাটে-পথে যাকে লগ পায় তাকে জিভা উলিয়াই সিঁয়াৰে আৰু ঠাট্টা কৰে। এবাৰ খড়্গধৰ নামেৰে এজন মণ্ডলক সি খেজেলিয়াইছিল। তেওঁ তাক ধৰি এনেহে চেকনীৰে কোবালে যে সেই দিনাখনৰ পৰা সি আৰু কাকো নিসিঁয়ৰা হল।

ত্      ত্ত   উত্তম, উত্তৰ ।
ত্      ত্থ   উত্থাপন ।
দ্      দ্গ   উদ্গতি, উদ্গৰণি ।
দ্      দ্দ   উদ্দেশ, নিৰুদ্দেশ ।
দ্      দ্ধ   শুদ্ধ, বুদ্ধি, উদ্ধাৰ ।
দ্      দ্ভ   উদ্ভৱ, অদ্ভুত, উদ্ভিদ ।
ন্      ন্ত   অন্ত, সন্তোষ ।
[ ১৮ ]
ন্      ন্থ   পন্থা, মন্থন ।
ন্      ন্দ   বান্দৰ, সান্দহ ।
ন্      ন্ধ   গন্ধক, অন্ধলা ।

১১ পাঠ ।

 বান্দৰে কল খাবলৈ বৰ ভাল পায়। অসন্তোষীয়া মানুহৰ সুখ নাই। আলান্ধু ধোঁৱাৰ পৰা হয়। মাটিত গজা গছ-বন আদিক উদ্ভিদ বােলে। বুদ্ধিৰে যি কাম কৰিব পাৰি বলেৰে তাক নােৱাৰি। [ ১৯ ] উদ্গৰণি লগাই খালে অজীর্ণ হয়। সজ কথা কোৱা উত্তম; কিন্তু সজ কাম কৰা তাতােকৈ উত্তম।

প্      প্ত   সমাপ্ত, দীপ্তি, তৃপ্তি ।
ব্      ব্জ   কব্জা, অব্জ ।
ব্      ব্দ   শব্দ ।
ব্      ব্ধ   লুব্ধ ।
ম্      ম্প   চম্পা, সম্পদ ।
ম্      ম্ফ   সাম্ফল ।
ম্      ম্ব   কম্বল, কুটুম্ব, অম্বুবাচী ।
ম্      ম্ভ   আৰম্ভ, সম্ভেদ, কুম্ভীৰ ।

১২ পাঠ ।

 কোনাে এটা কাম আৰম্ভ কৰিলে, তাক সমাপ্ত নকৰাকৈ এৰিব নেপায়। এতেকে কোনাে কামত লিপ্ত হলে তাক [ ২০ ] আধৰুৱাকৈ নেৰিবা। যিটো কাম আজি কৰিব পাৰা, তাক কালিলৈ নথবা।

ল্      ল্ক   পাল্কী, উল্কা ।
ল্      ল্প   গল্প, সংকল্প ।
ল্      ল্ল   আল্লা, চল্লিশ ।
শ্      শ্চ   পশ্চিম, নিশ্চয় ।
ষ্      ষ্ক   পৰিষ্কাৰ ।
ষ্      ষ্ট   কষ্ট, দুষ্ট, তুষ্ট ।
ষ্      ষ্ঠ   ষষ্ঠ, নিষ্ঠুৰ ।
ষ্      ষ্ণ   কৃষ্ণ, তৃষ্ণা ।
ষ্      ষ্প   পুষ্প, বাষ্প ।
ষ্      ষ্ফ   নিষ্ফল ।
স্      স্ক   পুৰস্কাৰ ।
স্      স্খ   স্খলন ।
স্      স্ত   অস্ত, সস্তা, শাস্তি ।
[ ২১ ]
স্      স্থ   সুস্থ, অৱস্থা, স্থিৰ ।
স্      স্প   পৰস্পৰ, অস্পষ্ট ।
স্      স্ফ   আস্ফালন, স্ফটিক ।
হ্      হ্ব   বিহ্বল ।

১৩ পাঠ ।

 পাল্কী এবিধ দোলা। কিন্তু দোলাতকৈ পাল্কী ধুনীয়া। মই বাইদেওৰ লগত পাল্কীত উঠি লুইতত স্নান কৰিবলৈ গৈছিলোঁ। বুধবাৰে নে বৃহস্পতিবাৰে গৈছিলোঁ নিশ্চয়কৈ কব নােৱাৰোঁ। বাটত বাইদেৱে কেবাটাও গল্প কৈছিল।

 লুইত বৰ ডাঙ্গৰ নৈ। ইপাৰৰ পৰা সিপাৰৰ গছ-গছনি ৰিণিকি ৰিণিকি হে দেখি। ঢৌৰ আস্ফালন কি চাবা! মই [ ২২ ] কিছুমান অশোক—পুষ্প নৈত উটাই দিছিলোঁ; নিমিষতে ঢৌৰ কোবত কোনোবা খিনি পালেগৈ।

 লুইতৰ পানী বৰ চেঁচা; কিন্তু পৰিষ্কাৰ নহয়। আমি গা ধুই বালিত ভাত খাইছিলোঁ। বাইদেৱে ভাত ৰান্ধিছিল। আমি লগত চাউল, ডালি আদি খোৱাবস্তু নিছিলোঁ। তাৰে কিছুমান দুখীয়া মানুহক বিলাই দিলোঁ।

 আমি বালিত নাদ খানি, দৌল সাজি, ধেমালি কৰিছিলোঁ। কৃষ্ণই অনেক চেষ্টা কৰিও দৌল সাজিব নোৱাৰিলে। বাইদেৱে তাক এটা দৌল সাজি দিছিল।

 আমি বালি-ঘোঁৰা আৰু বালি-মাহী খেদি অস্থিৰ হৈ লৰি ফুৰিছিলোঁ। আমাৰ মনত বৰ আনন্দ লাগিছিল। [ ২৩ ]  আবেলি সকলাে মানুহ দিহাদিহি প্রস্থান কৰিলে। আমিও ঘৰলৈ উলটি আহিলোঁ। আমি ঘৰ পাওঁতে বেলি অস্ত গল।

( তিনি আৰু চাৰি আখৰীয়া )

জ্         জ্জ্ৱ   উজ্জ্ৱল ।
ত্         ত্ত্ৱ   মহত্ত্ৱ ।
ত্         ত্ম্য   মাহাত্ম্য ।
ন্         ন্ত্য   দন্ত্য ।
ন্         ন্ত্ৰ   যন্ত্ৰ, মন্ত্ৰ ।
ন্         ন্ত্ৱ   সান্ত্ৱনা ।
ন্         ন্দ্ৰ   চন্দ্ৰ, ইন্দ্ৰিয় ।
ন্         ন্ধ্য   সন্ধ্যা, বন্ধ্যা ।
ন্         ন্ধ্ৰ   ৰন্ধ্ৰ ।
ন্         ন্ন্য   সন্ন্যাসী ।
[ ২৪ ]
         ম্প্ৰ   সম্প্ৰদান, সম্প্ৰতি ।
ম্         ম্ভ্ৰ   সম্ভ্ৰম ।
ৰ্   চ্      ৰ্চ্চ   চৰ্চ্চা, অৰ্চ্চনা ।
ৰ্   চ্      ৰ্চ্ছ   মূৰ্চ্ছা, মূৰ্চ্ছিত ।
ৰ্         ৰ্জ্জ   গৰ্জ্জন, বিসৰ্জ্জন ।
ৰ্   ত্      ৰ্ত্ত   গৰ্ত্ত, কৰ্ত্তা ।
ৰ্   দ্      ৰ্দ্দ   কৰ্দ্দৈ, গৰ্দ্দভ ।
ৰ্   দ্      ৰ্দ্ধ   তিলাৰ্দ্ধ, বৰ্দ্ধন ।
ৰ্   ম্      ৰ্ম্ম   কৰ্ম্ম, ধাৰ্ম্মিক ।
ব্   য্      ৰ্য্য   কাৰ্য্য, সূৰ্য্য ।
ৰ্   ব্      ৰ্ব্ব   গৰ্ব্ব, পৰ্ব্বত ।
ৰ্   শ্      ৰ্শ্ব   পাৰ্শ্ব ।
ষ্   ক্      ষ্ক্ৰ   দুষ্ক্ৰিয়া ।
ষ্   ট্      ষ্ট্ৰ   উষ্ট্ৰ, লোষ্ট্ৰ ।
ষ্   প্      ষ্প্ৰ   নিষ্প্ৰয়োজন ।
স্   ত্      স্ত্ৰ   অস্ত্ৰ, বস্ত্ৰ ।
ৰ্   দ্         ৰ্দ্ধ্ৱ   উৰ্দ্ধ্ৱ ।
[ ২৫ ]

১৪ পাঠ ।

 উজ্জ্বল বস্তু মাত্ৰেই সোণ নহয়। সজ পুত্ৰ বংশৰ অলঙ্কাৰ। সজ কৰ্ম্মত মানুহৰ মহত্ত্ব প্ৰকাশ পায়। কাকো দৌৰাত্ম্য কৰা ভাল নহয়। বামুণে পূজা কৰোঁতে মন্ত্ৰ মাতে। আমাৰ চকু, কাণ, নাক, জিভা আৰু ছাল এই পাঁচোটা ইন্দ্ৰিয় আছে। নিৰ্দ্দয় মানুহ পশুৰ সমান। পোহনীয়া পহু-চৰাইৰ প্ৰতি মৰমিয়াল হবা; সিহঁতক যন্ত্ৰণা নিদিবা। শোকাৰ্ত্তক সান্ত্বনা কৰিবা, নিৰাশ্ৰয়ক আশ্ৰয় দিবা, ৰোগীক শুশ্ৰুষা কৰিবা। আৰু বস্ত্ৰহীন দুখীয়াক বস্ত্ৰ দান কৰিবা। পৰৰ দোষ চৰ্চ্চা কৰিব নেপায়। বিপদত অধৈৰ্য্য হোৱা নিষ্প্ৰয়োজন।

[ ২৬ ]

১৫ পাঠ ।

 আমি যাৰ ওপৰত ঘৰ সাজি বাস কৰিছোঁ, তাৰ নাম পৃথিবী। পৃথিবীৰ ওপৰত আমি খোজ কাঢ়ি ফুৰিছোঁ, ৰংধেমালি কৰিছোঁ। আমাৰ উৰ্দ্ধ্ৱত অনন্ত আকাশ।

 আকাশত সূৰ্য্য ওলায়, চন্দ্ৰ ওলায়, আৰু অসংখ্য তৰা ওলায়। সূৰ্য্য উদয় হলে দিন হয়, আৰু অস্ত গলে ৰাতি হয়।

 নিতৌ পূব ফালে সূৰ্য্য ওলায়, আৰু পশ্চিম ফালে মাৰ যায়। পূব ফালে মুখ কৰি তোমাৰ হাত দুটা মেলি দিয়াঁ। যি ফালে তোমাৰ বাওঁ হাত সেই ফালক উত্তৰ, আৰু যি ফালে তোমাৰ সোঁ হাত সেই ফালক দক্ষিণ বোলে।

 দিনৰ প্ৰথম ছোৱাক ৰাতিপুৱা, [ ২৭ ] দ্বিতীয় ছোৱাক দুপৰীয়া, তৃতীয় ছোৱাক আবেলি, আৰু শেষ ছোৱাক সন্ধ্যা বোলে। বেলি মাৰ যোৱাৰ পৰা বেলি ওলোৱালৈকে যি খিনি সময়, তাক ৰাতি বা নিশা বোলে। দিনত সকলোৱে কৰ্ম্ম কৰে; ৰাতি টোপনি যায়। টোপনিয়ে ভাগৰ গুচায়।

 জোনৰ পোহৰক জোনাক আৰু বেলিৰ পোহৰক ৰদ বোলে। ৰদৰ তাপ চোকা। জোনৰ জোনাক জুৰ; তাত তাপ নাই।

 সদায় জোনৰ আকৃতি একে সমান হৈ নোলায়। ক্ৰমশঃ তাৰ হ্ৰাস আৰু বৃদ্ধি দেখিবলৈ পোৱা যায়। যি নিশা জোনটো সম্পূৰ্ণ হৈ ওলায়, সেই নিশাক পূৰ্ণিমা বোলে; আৰু যি নিশা জোনটো মুঠেই নোলায়, সেই নিশাৰ নাম [ ২৮ ] অমাবস্যা বা আঁউসী। আঁউসীৰ ৰাতি বৰ আন্ধাৰ।

১৬ পাঠ ।

সাত বাৰ ।

দেও, সােম, মঙ্গল, বুধ, বৃহস্পতি, শুকুৰ, শনি। দেওবাৰৰ আন এটা নাম ৰবিবাৰ।

পােন্ধৰ তিথি ।

 প্রতিপদ, দ্বিতীয়া, তৃতীয়া, চতুর্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নবমী, দশমী, একাদশী, দ্বাদশী, ত্রয়ােদশী, চতুর্দ্দশী, পূর্ণিমা বা অমাবস্যা।

[ ২৯ ]

দুই পক্ষ ।

 শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ। প্ৰতিপদৰ পৰা পূৰ্ণিমালৈকে শুক্ল পক্ষ, আৰু প্ৰতিপদৰ পৰা অমাবস্যালৈকে কৃষ্ণ পক্ষ। শুক্ল পক্ষৰ ৰাতি জোনাক, আৰু কৃষ্ণ পক্ষৰ ৰাতি আন্ধাৰ হয়। শুক্ল পক্ষত জোনৰ আকৃতি ক্ৰমশঃ বৃদ্ধি হৈ পূৰ্ণিমাৰ দিনা জোনটো সম্পূৰ্ণ হৈ ওলায়। কৃষ্ণ পক্ষত জোনৰ আকৃতি ক্ৰমশঃ হ্ৰাস হৈ অমাবস্যাৰ দিনা জোনটো একেবাৰেই নোলায়।

ছয় ঋতু ।

 গ্ৰীষ্ম, বাৰিষা, শৰৎ, হেমন্ত, শীত বসন্ত।

[ ৩০ ]

১৭ পাঠ ।

দহ দিশ ।

উত্তৰ, দক্ষিণ, পূব, পশ্চিম অগ্নি; নৈৰ্ঝত বায়ু, ঈশান, উৰ্দ্ধ্ৱ, অধঃ ।

পুৱাতে যি ফালে ৰঙ্গা
   বেলিটো ওলায়,
সেই দিশ পূব বুলি
   জানিছোঁ সদায়।
পূব ফালে মুখ কৰি
   মেলোঁ দুই কৰ,
সোঁ’ ফালে দক্ষিণ হব
   বাৱেঁদি উত্তৰ।

[ ৩১ ]

থাকিব পশ্চিম দিশ
   পাছতে আমাৰ,
পশ্চিমে নিতউ দেখোঁ
   বেলি যায় মাৰ ।
পূব উত্তৰৰ মাজে
   দিশ যে ঈশান,
পশ্চিম উত্তৰৰ মাজে
   বায়ু বিদ্যমান ।
পশ্চিম দক্ষিণ মাজে
   নৈৰ্ঝত যে হয়,
পূব দক্ষিণৰ মাজে
   অগ্নি দিশ ৰয় ।
মূৰৰ ওপৰ ফালে
   উৰ্দ্ধ্ৱ দিশ হয়,
তল ফালে অধঃ বুলি
   সকলোৱে কয় ॥

[ ৩২ ]

ছয় ৰস ।

 মিঠা, টেঙ্গা, লুণীয়া, কেহা, তিতা আৰু জলা।

১৮ পাঠ ।

সেৱা ।

( ১ )

অ'কুলি চৰাই অ'কুলি চৰাই,
  কোমল কণ্ঠৰ পৰা,
কাৰ শিকনিত, গান সুললিত,
  গােৱা হিয়া জুৰ কৰা ?

( ২ )

যাৰ কৃপাগুণে ভাই লভিলোঁ পৰাণ,
ক্ষুদ্র ই কণ্ঠত তেওঁ দিছে এনে গান ।

[ ৩৩ ]

( ৩ )

পখিলা পখিলা জগত মােহিলা,
  কত পালা এনে সাজ,
ইন্দ্রধনু জিনি, ফুলনি শুৱনী,
  উৰিছা ফুলৰ মাজ ?

( ৪ )

যি কৰিলে জোন-বেলি আকাশ-অবনী,
তেওঁ দিলে ভাই, মােক সাজ ই শুৱনী ।

( ৫ )

হেৰাঁ ৰঙ্গা ফুল কৰা বিয়াকুল,
  সুগন্ধত নৰ-নাৰী ;
কত পালা কোৱাঁ হাঁহি এনেকুৱা
  শুৱাই ফুলনি বাৰী ?

[ ৩৪ ]

( ৬ )

গছ-বন, জল-থল, সৃষ্টি যি জনৰ,
দিলে মােক হাঁহি সেই জগত-ঈশ্বৰ ।

( ৭ )

চৰাই, পখিলা, ফুল ধন্য তােমালােক,
শিকালা কত নাে সজ কথা আজি মােক ।
সকলােৰে প্রতি ভাই, এনে স্নেহ যাৰ,
তেওঁৰ পদত আহাঁ, কৰোঁ নমস্কাৰ ।

* সমাপ্ত *


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)