পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া আদি পাঠ ।

 প্ৰফুল্ল ৰাখিবা। চানক্যৰ শ্লোকত অনেক সজ কথা আছে। তাক পঢ়িলে মনত আহ্লাদ লাগে। দিল্লি এখন নগৰৰ নাম।

ৱ ফলা । ৱ =

ক্ ৱ ক্ব ; দ্ ৱ দ্ব ; স্ ৱ স্ব ।

জ্বৰ   বিহ্বল   ধ্বনি   ক্বচিৎ
বিশ্ব   ঈশ্বৰ   স্বয়ং   স্বৰূপে
ৰাজত্ব   স্বাধীন   প্ৰভুত্ব   বিদ্বান
অদ্বিতীয়   প্ৰজ্বলিত   প্ৰতিধ্বনি   দীপান্বিতা

৫ পাঠ ।

 কাতি মাহত দীপান্বিতা হয়। সেই দিনা প্ৰায় সকলো মানুহে অনেক চাকি জ্বলায়; লৰাবিলাকে ফট্কা মাৰে; ধুপ্ধাপ্ ফট্কাৰ ধ্বনি শুনিবলৈ পোৱা যায়। এই বাৰ মই দীপান্বিতা চাবলৈ