এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩
অসমীয়া আদি পাঠ ।
যি তোমাক লিখা-পঢ়া শিকাইছে, তেওঁ তোমাৰ অধ্যাপক। তেওঁক তোমাৰ পিতৃ-মাতৃৰ তুল্য ভাবি মান্য কৰিবা। কোনো কথাত তেওঁৰ অবাধ্য নহবা।
⸻
চক্ৰ | শ্ৰম | ভদ্ৰ | ছাত্ৰ |
শত্ৰু | মিত্ৰ | ক্ষুদ্ৰ | নম্ৰ |
আক্ৰোহ | অনুগ্ৰহ | আঘ্ৰাণ | উপদ্ৰৱ |
প্ৰথম | পৰিশ্ৰম | ভ্ৰমণ | ডিব্ৰুগড় |
⸻
২ পাঠ ।
ক্ৰোধ মানুহৰ পৰম শত্ৰু। তাৰ বশীভূত হলে মানুহৰ হিতাহিত বোধ নেথাকে। এতেকে ক্ৰোধ উঠা মাত্ৰকে তাক দমাই ৰাখিবা।