পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
অসমীয়া আদি পাঠ

১৭ পাঠ ।

দহ দিশ ।

উত্তৰ, দক্ষিণ, পূব, পশ্চিম অগ্নি; নৈৰ্ঝত বায়ু, ঈশান, উৰ্দ্ধ্ৱ, অধঃ ।

পুৱাতে যি ফালে ৰঙ্গা
   বেলিটো ওলায়,
সেই দিশ পূব বুলি
   জানিছোঁ সদায়।
পূব ফালে মুখ কৰি
   মেলোঁ দুই কৰ,
সোঁ’ ফালে দক্ষিণ হব
   বাৱেঁদি উত্তৰ।