১৭ পাঠ ।
দহ দিশ ।
উত্তৰ, দক্ষিণ, পূব, পশ্চিম অগ্নি; নৈৰ্ঝত বায়ু, ঈশান, উৰ্দ্ধ্ৱ, অধঃ ।
পুৱাতে যি ফালে ৰঙ্গা বেলিটো ওলায়, সেই দিশ পূব বুলি জানিছোঁ সদায়। পূব ফালে মুখ কৰি মেলোঁ দুই কৰ, সোঁ’ ফালে দক্ষিণ হব বাৱেঁদি উত্তৰ।