পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
অসমীয়া আদি পাঠ ।

পণ্ডিতে এদিন তাক দণ্ড কৰিছিল। তেতিয়াৰ পৰা মাকে তাক পঢ়াশালিলৈ নপঠোৱা হল। সি বাটে-পথে যাকে লগ পায় তাকে জিভা উলিয়াই সিঁয়াৰে আৰু ঠাট্টা কৰে। এবাৰ খড়্গধৰ নামেৰে এজন মণ্ডলক সি খেজেলিয়াইছিল। তেওঁ তাক ধৰি এনেহে চেকনীৰে কোবালে যে সেই দিনাখনৰ পৰা সি আৰু কাকো নিসিঁয়ৰা হল।

ত্      ত্ত   উত্তম, উত্তৰ ।
ত্      ত্থ   উত্থাপন ।
দ্      দ্গ   উদ্গতি, উদ্গৰণি ।
দ্      দ্দ   উদ্দেশ, নিৰুদ্দেশ ।
দ্      দ্ধ   শুদ্ধ, বুদ্ধি, উদ্ধাৰ ।
দ্      দ্ভ   উদ্ভৱ, অদ্ভুত, উদ্ভিদ ।
ন্      ন্ত   অন্ত, সন্তোষ ।