পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫
অসমীয়া আদি পাঠ।

দ্বিতীয় ছোৱাক দুপৰীয়া, তৃতীয় ছোৱাক আবেলি, আৰু শেষ ছোৱাক সন্ধ্যা বোলে। বেলি মাৰ যোৱাৰ পৰা বেলি ওলোৱালৈকে যি খিনি সময়, তাক ৰাতি বা নিশা বোলে। দিনত সকলোৱে কৰ্ম্ম কৰে। ৰাতি টোপনি যায়। টোপনিয়ে ভাগৰ গুচায়।

 জোনৰ পোহৰক জোনাক আৰু বেলিৰ পোহৰক ৰদ বোলে। ৰদৰ তাপ চোকা। জোনৰ জোনাক জুৰ; তাত তাপ নাই।

 সদায় জোনৰ আকৃতি একে সমান হৈ নোলায়। ক্ৰমশঃ তাৰ হ্ৰাস আৰু বৃদ্ধি দেখিবলৈ পোৱা যায়। যি নিশা জোনটো সম্পূৰ্ণ হৈ ওলায়, সেই নিশাক পূৰ্ণিমা বোলে; আৰু যি নিশা জোনটো মুঠেই নোলায়, সেই নিশাৰ নাম