এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
অসমীয়াৰ আদি পাঠ
পাব। যদি তুমি ভাল বাঞ্ছা কৰা তেনেহলে লিখা-পঢ়াত মন দিয়া।
⸻
| ট্ | ট | ট্ট | পট্টা, ঠাট্টা। |
| ড়্ | গ | ড়্গ | খড়্গ। |
| ণ্ | ট | ণ্ট | ঘণ্টা, কণ্টক। |
| ণ্ | ঠ | ণ্ঠ | কণ্ঠ, অণ্ঠকণ্ঠ। |
| ণ্ | ড | ণ্ড | পণ্ডিত, মণ্ডল। |
| ণ্ | ঢ | ণ্ঢ | সণ্ঢালনি। |
| ণ্ | ণ | ণ্ণ | বিষণ্ণ। |
⸻
১০ পাঠ।
বৈকুণ্ঠ মাকৰ বৰ মৰমৰ লৰা। সি দোষ কৰিলেও মাকে তাক একো নকয়। মাকৰ লাই পাই তাৰ স্বভাৱ ক্ৰমে বেয়া হৈ গৈছে। কিবা দোষত