ভাষণ/সাহিত্য সৌষ্ঠৱত কীৰ্ত্তন

ৱিকিউৎসৰ পৰা
[ // ১ // ]
 

“সাহিত্য-সৌষ্ঠৱত “কীৰ্ত্তন”

 

কীৰ্ত্তনৰ বুৰঞ্জী:—

 কীৰ্ত্তনৰ “নামাপৰাধ” অধ্যায়ৰ শেষত আছে:—

“আসিল শাস্ত্ৰ বাৰানসী হন্তে।
নকৰিবা নিন্দা মোক মহন্তে॥
তাহাকে চাই নিবন্ধিলো পদ।
হৰি হৰি বুলি তৰা আপদ॥”

 বাৰানসীৰ পৰা অহা শাস্ত্ৰ আৰু তাক চাই পদ কৰা সম্বন্ধে শঙ্কৰদেৱৰ চৰিত্ৰ কেইখনত বিশদৰূপে বৰ্ণোৱা আছে। দৈত্যাৰি ঠাকুৰৰ কৃত চৰিত্ৰত এই সম্বন্ধে এইদৰে লিখিছে—

“বিচাৰ কৰিয়া পাচে ভাগৱত গ্ৰন্থ।
কৰিলন্ত শঙ্কৰে প্ৰকাশ ভক্তি পন্থ॥
হৰিত ভকতি অতি কৰিবে প্ৰৱন্ধ।
প্ৰথমতে কৰিলন্ত কীৰ্ত্তনৰ ছন্দ॥”

 এই পুথিখনৰ বেলেগ বেলেগ অংশ ভিন্ ভিন্ সময়ত ৰচিত হৈ চাৰিওফালে সিচৰিত হৈ পৰি আছিল। পাছত মাধবদেৱৰ আদেশ মতে ৰামচৰণ ঠাকুৰে অশেষ পৰিযত্ন কৰি গোটাই পুথিখন সঙ্কলন কৰে।
[  ]  পুথিৰ কথাত মাধৱদেৱে কৈছে:—

“পায় সংসাৰক আমি পাহৰিলোঁ
ইটো মানে থানে গৈল।
আক একেখান কৰিবাক প্ৰতি
পূৰ্বে মোৰ মন ভৈল॥
এতেকে ই ৰাজ্যে আইলো, একেথান
কৰিবেক নাপাৰিলোঁ।
ৰাম চৰ্ণে আক একে ঠাই কৰি
মোৰ যে কাম কৰিল॥”

 পাছত ৰামচৰণে একে ঠাই কৰি যেতিয়া পুথিখন আনি মাধৱদেৱৰ হাতত দিলে, তেতিয়া তেওঁ—

“দেখি পুথিখান, আনন্দিত মন
তাক্ষণে উঠিলন্ত।
শিৰৰ উপৰ পুথিখান ধৰি
আনন্দতে নাচিলন্ত।”

 সেই সময়তে “কীৰ্ত্তন”ৰ কিমান আদৰ আছিল, ইয়াৰ পৰা আমি তাৰ অলপ আভাস পাওঁ। এনেস্থলত আজি যে অসমীয়াই “কীৰ্ত্তন”ত ধৰ্ম্মৰ থাপনা পাতিব তাত আচৰিত কি?

২। কীৰ্ত্তনৰ নাম আৰু তাৰ অৰ্থ:—

 “কীৰ্ত্তন” অসমীয়া বৈষ্ণৱসকলৰ প্ৰধান ধৰ্ম-পুথি। তেওঁবিলাকে কি কাৰণত ইয়াৰ নাম “কীৰ্ত্তন” দিলে তাক [  ] সকলোৱে জানে। সেইদৰে “কীৰ্ত্তনত” থকা আটাইবিলাক পদ তাল আৰু চাপৰি বজাই গাবৰ কাৰণে তৈয়াৰ কৰা দেখিয়েই প্ৰধানতে ইয়াৰ নাম “কীৰ্ত্তন”। “কীৰ্ত্তন”ৰ আধ্যাবিলাক ভিন ভিন সময়ত লিখা আৰু পাছত হে একেলগ কৰা। সেইদেখি সাহিত্যৰ লেখত সকলো বিলাক সমানে উৎকৃষ্ট নহয়। কিন্তু সকলোৰে অন্তৰ্গত একেটা ভগৱদ্ভক্তি শিক্ষা।

“কেৱল কীৰ্ত্তনে সংসাৰ তৰি।
বন্ধ ছিণ্ডি হোৱে আপুনি হৰি॥
কলিত কীৰ্ত্তনে হোৱে ভকত।
আতপৰে লাভ নাহি লোকত॥ [পাষণ্ডমৰ্দন]

আৰু:—

“কীৰ্ত্তন মহিমা শুনা উৎসুকে।
বাৰয় স্কন্ধত যি কৈলা শুকে॥
সকল ধৰ্ম্মত কৰি বিশিষ্ট।
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ॥
 
“অনাদৰি আন ধৰ্ম সম্প্ৰতি।
দিয়ো উপদেশ হৰি ভকতি॥
* * * * *
চাৰিও বেদক ব্ৰহ্মায়ে আনি।
বিচাৰিলা তিনি বাৰ প্ৰমাণি॥
এহি মানে মাত্ৰ কৰিলা সাৰ।
এৰি কীৰ্ত্তনেসে তৰে সংসাৰ॥” [ঐ]

[  ]

একপ্ৰকাৰে গোটেই পুথিখনৰ এক মাত্ৰ উদ্দেশ্য ঈশ্বৰ ভক্তি। কিন্তু অসমীয়া মানুহৰ কোটি পুণ্যৰফল যে এই ঈশ্বৰ ভক্তি প্ৰচাৰ কৰা পুথিখন সাহিত্যৰ দানৰ পৰা চাবলৈ গলেও এটি অমূল্য ৰত্ন। সৎ সাহিত্যৰ প্ৰভাৱৰ দ্বাৰাই ঈশ্বৰ প্ৰেম শিক্ষা দিব খোজাতহে “কীৰ্ত্তন”ৰ বিশেষত্ব।

 আগেয়ে কৈছোঁ যে “কীৰ্ত্তন” সম্প্ৰদায় বিশেষৰহে ধৰ্মপুথি। কিন্তু অতি উদাৰ ধৰ্মবাদী সকলেও ইয়াত ৰাম, হৰি, কৃষ্ণ এই তিনটা শব্দৰ ঠাইত ঈশ্বৰ শব্দ লগাই পঢ়িলে অকনমানো সাম্প্ৰদায়িকতাৰ দোষ দেখা নাপাব। ইয়াৰ এটা কাৰণ আছে যে “কীৰ্ত্তন” পুথিখনে আৰু “কীৰ্ত্তন”ৰ লগৰ মণিষীসকলে সেই সময়ত আচাৰৰ মেৰপাকত জট্‌পটাই থকা ধৰ্মৰ বিৰোধেহে উদাৰ ধৰ্ম এটা প্ৰচাৰ কৰিছিল। সেই উদাৰতাত সাম্প্ৰদায়িকতাৰ দোষ থকা অসম্ভৱ। যি হক, ধৰ্মপুথি স্বৰূপে “কীৰ্ত্তন” আলোচনা আমাৰ উদ্দেশ্য নহয়; আৰু ধৰ্মৰ ফালৰ পৰা “কীৰ্ত্তন”ৰ ঠাই ক’ত তাক কবৰো আমাৰ সামৰ্থ্য নাই, “কীৰ্ত্তন” শব্দটোৰ অৰ্থটো প্ৰকাশ কৰি এতিয়া তাৰনো সাহিত্যিক মূল্য কিমান আমি তাক চাবলৈ যত্ন কৰিম। গুৰিতে লেঠা ভাঙি থোৱা ভাল দেখি এতিয়াই কব খোজো যে “কীৰ্ত্তন”ৰ গৌৰৱৰ ফাললৈ চাই যিমান পৰা যায় আলোচনা সংক্ষেপ কৰা হৈছে।

৩। অসমীয়া সাহিত্যাত কীৰ্ত্তনৰ প্ৰভাৱ:—

 অসমীয়া সাহিত্যৰ শঙ্কৰী যুগটোৱেই প্ৰধান যুগ। ইয়াক [  ] ইংৰাজী সাহিত্যৰ এলিজাবেথৰ যুগৰ লগত তুলনা কৰিব পাৰি; আৰু এই যুগৰ যিজনা গুৰিয়াল তেওঁৰ সাহিত্যকৃত্যৰ প্ৰথম কীৰ্ত্তি “কীৰ্ত্তন”। এইদৰে বুৰঞ্জীৰ মানত “কীৰ্ত্তন” অসমীয়া সাহিত্যৰ নতুন যুগ প্ৰৱৰ্ত্তক। সাহিত্যিক সৌন্দৰ্য্যত নিতান্ত নিঃকিন হোৱা হলেও এই কাৰণত ‘কীৰ্ত্তন’ৰ আদৰ চিৰকাল অসমীয়া সাহিত্যত থাকিলহেঁতেন। কিন্তু সৌন্দৰ্য্যতো “কীৰ্ত্তন” এনে এখন পুথি যি কাৰো আগত— কোনো সাহিত্যৰ কোনো পুথিৰ আগতে— মূৰ নমাব লগাত নপৰে। শঙ্কৰদেৱৰ দৰে মহাধী ব্যক্তিৰ এয়ে বিশেষ কীৰ্ত্তি। মহাকবি ৰাম সৰস্বতীয়ে যাৰ প্ৰখৰ কল্পনা-শক্তি, স্বভাৱৰ সত্যবৰ্ণনা আৰু অসমীয়া সমাজৰ চিত্ৰ অঙ্কণৰ অতুল ক্ষমতাৰ যথেষ্ট সন্মান কৰিবলৈ আজিও আমি শিকা নাই— তেওঁ নিজৰ পদ লিখোতে কৈ গৈছে:—

“কীৰ্ত্তনৰ ছন্দে আমি নিবন্ধিলো পদ।”

 ৰাম সৰস্বতী শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক। ইয়াৰে পৰা পাচৰ কবিসকলৰ ওপৰত ‘কীৰ্ত্তনৰ’ৰ প্ৰভাৱ অনুমানকৰিব পাৰি, আৰু দুটা সাধাৰণ কথা:— ‘কীৰ্ত্তন’ৰ আৰম্ভ আৰু শেষ ভনিতা:—

 “শুক নিগদতি শুনা কুৰুপতি” ইত্যাদি বা “শুকমুণি বদতি শুনিও পৰিক্ষীত।” আকৌ;

“কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভনে।
বোলা হৰি হৰি সমস্ত জনে॥”

[  ]

 “কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে কৃষ্ণকথা।” ইত্যাদি এই ভনিতা সেই যুগৰ সকলো কবিৰ প্ৰধান আদৰ্শ। পদ, ঝমুৰি, কুসুমমালা, লেচাৰি দুলৰি আদি ছন্দৰ কথাই নাই। শঙ্কৰৰ সময়ত অসমীয়া সাহিত্যৰ যি সুৱৰ্ণময় যুগৰ অৱতাৰণা হল “কীৰ্ত্তন” আছলতে সেই যুগৰ উপযোগী আদি পুথি; আৰু ই অসমীয়া মানুহৰ গৌৰৱৰ কথা যে তেওঁবিলাকে এই পুথিৰ উপযুক্ত আদৰ কৰিব পাৰিছে।

৫। অলঙ্কাৰ শাস্ত্ৰৰ মানত “কীৰ্ত্তন এখন মহাকাব্য

 এই যুগ প্ৰৱৰ্ত্তক পুথিখন আছলতে এখন মহাকাব্য। উৎকৃষ্ট সাহিত্য কি ইয়াৰ এটা সুন্দৰ সমিধান দিয়া কঠিন। এদিন এজন বন্ধুৰ কৈছিল বোলে, “যি টিকি যায় বা যিহে সকলো মানুহৰ মুখে মুখে থাকে সাহিত্যৰ ভিতৰত সেয়ে উৎকৃষ্ট সাহিত্য।” এনে সাহিত্যৰ এটা লক্ষন যে ই মানুহৰ মনত নিভাজ আনন্দ দিব পাৰে। কি গুণত দিব পাৰে তাক বিচাৰি উলিৱা টান। সাধাৰণৰ এই মাপত চাব গলে যে কীৰ্ত্তনৰ পদবিলাক অতি উৎকৃষ্ট সাহিত্য তাক নকলেও চলে। অৱশ্যে সেইদৰে অনেক কুৰুচিপুৰ্ণ গ্ৰাম্য কথাও টিকি আছে। সাহিত্যৰ ফালৰ পৰা নিৰপক্ষ ভাৱে কব গলে, এইবিলাকো আছলতে সৌন্দৰ্য্য বিশিষ্ট— এইবিলাকেও মানব স্বভাৱৰ কোনো নিগুঢ় ভাৱ বা কোনো এটা সাৰ্বজনীন অনুভূতি প্ৰকাশ কৰে; কোনো এটা সত্যৰ আচল প্ৰাণখিনি খুলি দেখুৱায়, ইফালে সি বৰ্তমান [  ] সভাসমাজৰ মানত সিমানেই কু বা অসৎ যেন নেদেখাওক। কিন্তু সাধৰণ লোকৰ এই আদৰ্শ নলই, সংস্কৃত অলঙ্কাৰ শাস্ত্ৰৰ কটকটীয়া নিয়মবোৰৰ দ্বাৰা বিচাৰি চালেও আমি দেখোঁ যে কীৰ্ত্তন স্বভাৱতে এখন মহাকাব্য।

কীৰ্ত্তনৰ পদৰ ভাষা:—

 অলঙ্কাৰ শাস্ত্ৰত তিমান স্পষ্ট কৈ উল্লেখ নাথাকিলেও ভাষাৰ প্ৰঞ্জলতা উৎকৃষ্ট কাব্যৰ এটা প্ৰধান লক্ষণ। ইংৰাজী, সংস্কৃত আৰু আন আন সকলো ভাষাৰ ডাঙৰ ডাঙৰ কাব্যবিলাকৰ ভাষাৰ গৌৰৱ এটা প্ৰধান সম্পদ। আমাৰ ঘৰৰ ওচৰৰ মাইকেলৰ “মেঘনাদ বধ কাব্যৰ” প্ৰতি মনকৰিলেই কথাটো বেচ বুজা যায়। কীৰ্ত্তনত আৰু শঙ্কৰদেৱৰ পদ মাত্ৰতে মাৰ্জিত ভাষাৰ বাধগতি যেনে সুস্পষ্ট, বোধকৰো আন অনেক কবিৰ ৰচনাত তিমানখিনি প্ৰাঞ্জলতা দুৰ্লভ। অতি নীৰস বিষয়তো এই গুণটি অতি উজ্জ্বলভাৱে দেখা যায়।

 জয়দেৱৰ দশাবতাৰ বন্দনা— “প্ৰলয় পয়োধি জলে ধৃত বানসি, বেদম্।” প্ৰভৃতি প্ৰৱন্ধত ভাৱৰ বা অৰ্থৰ গৌৰব সমূলি নাই; অথচ ভাষাৰ প্ৰাঞ্জলতাৰ কাৰণেই সংস্কৃত সাহিত্যৰ এটা অমূল্য ৰত্ন। শঙ্কৰদেৱৰ ‘চতুৰ্বিংশতি অৱতাৰ, সেই দৰে তাৰ আৰু অৰ্থৰ গুৰুত্বহীন প্ৰৱন্ধ; অথচ:—

“কুৰ্ম অৱতাৰ ভৈলা ক্ষীৰদধি তীৰে।
লক্ষ প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে॥

[  ]

কৰিলেক পৰিস্তুতি সুৰাসুৰ নাগে।
ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে॥
* * * * *
বামণ স্বৰূপে অদিতিৰ বাক্য পালি।
ইন্দ্ৰক থকিলা স্বৰ্গে বলিক নিকালি!
ত্ৰৈলোকক আক্ৰমিলা চৰণৰ গতি।
তযু পাদোদকে গঙ্গা ভৈলা উতপতি॥

 আদি কৰি ৰচনা ভাষাৰ গৌৰৱত চিৰকাললৈ গৌৰৱাণ্বিত। সেইদৰে কৃষ্ণ জন্মৰ সেই সুপৰিচিত পদ:—

“কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥
পীত বস্ত্ৰে শোভে আদি শ্যাম কলেৱৰ।
কমল লোচন চাৰু অৰুণ অধৰ॥
* * * * *
ভাগিল নিহাল ভৈলা মেলাল কপাট।
দেখিয়ে যমুনা আপনি দিলা বাট॥
বৰিষে কণিকা মেঘে ওপৰত গাজে।
ফণাযে ধৰিলা ছত্ৰ আসি স্বৰ্পৰাজে॥”

 এই বিলাক অতি সাধাৰণ কথা; অথচ বৰ্ণনাৰ মহিমাত কেনে মহিমান্বত, কেনে মধুময়। যেন কোনো পৰ্বতৰ পৰা, স্ফটিক জলৰ নিৰ্ঝৰ ঝৰ-ঝৰকৈ নামি আহিছে।

 ভাষাৰ আৰু এটা প্ৰধান গুণ-চমুকৈ, সহজ কথাত কবলগীয়া কথা প্ৰকাশ কৰা, ইয়াকে ইংৰাজী প্ৰবাদত বোলে [  ] Brevity is soul of wit. এই সম্বন্ধে গোটাইখন “কীৰ্ত্তনে”ই চিৰ কাললৈ সাহিত্যত আদৰ্শ হৈ থাকিব। দ্বাদশ স্কন্ধৰ ভাগৱতৰ জানিব লগীয়া আটাই খিনি কথা— তাৰ উপৰি ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ আৰু বিষ্ণুপুৰাণৰ কথা ‘কীৰ্ত্তন’ত আউটি যেন গোটা কৰি থৈ দিছে। নৰ নাৰায়ণৰ ৰজাৰ সভাত “হাতী মাৰী ভুৰুকাত ভৰাই” অৰ্থাৎ একে ৰাতিৰ ভিতৰতে “গুণমালা” ৰচনা কৰি যি জনা পণ্ডিতে খ্যাতিলাভ কৰিছিল এজন মহৎ সাহিত্যিকৰ কীৰ্ত্তি তেওঁৰহে সম্ভৱ।

 ৰামায়ণৰ ক্ষুদ্ৰ সংস্কৰণ এটাৰ নমুনা চাওঁক:—

“শ্ৰীৰাম ৰূপে কোশল্যাত অৱতৰী।
বনবাস খপিলা পিতৃৰ বাক্য ধৰি॥
বিৰাট কৱন্ধ মাৰীচৰ লৈলা প্ৰাণ।
খৰ-দূষণক তুমি কৰিলা নিৰ্বান॥
একপাট শৰে বালি সঙ্কলিলা জীৱ।
তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ॥
লঙ্কাত পশিলা সাগৰত বান্ধি সেতু।
বধিলা ৰাৱণ সীতা হৰণৰ হেতু॥
মাৰিলা বনত আৰো ৰাক্ষস অনেক।
ভক্ত বিভীষণক কৰিলা অভিষেক॥
অগ্নিত পৰীক্ষা আনি কৰিলা সীতাক।
ব্ৰহ্মদেৱে স্তুতি বাণী বুলিলা তোমাক॥

[ ১০ ]

সম্বৰিলা সীতা দশৰথৰ বচনে।
অযোধ্যাক আসিলা সভাৰ্যে ৰঙ্গমনে॥
কৰিলাহা ৰাজ্য দশহাজাৰ বৎসৰ।
লগে স্বৰ্গে নিলা সবে অযোধ্যা নগৰ॥”

 ভাষাৰ আৰু এটা মাহাত্ম্যলৈ মন কৰিলে শঙ্কৰদেৱৰ কৱিত্বত আচৰিত হব লাগে। আন কোনো মহাকবিৰ কাব্যত এই বিশেষত্বটো তিমান পৰিমাণে লক্ষ্য কৰিব নোৱাৰি। মিল্টনৰ Paradise Lost ৰ এটা মাত্ৰ ছন্দঃ। কালিদাশৰ কুমাৰ সম্ভৱ বা ৰঘুবংশতো ছন্দৰ তিমান বৈচিত্ৰ দেখা নাযায়। অথচ “কীৰ্ত্তন”লৈ মন কৰিলে দেখা যায় যে ভাৱৰ সলনিৰ লগে লগে ভাৱত খাপ খোৱাকৈ ছন্দৰো সলনি হৈছে।

 প্ৰহলাদ চৰিত্ৰত চাৰি সিদ্ধক জয় বিজয়ে অপমান কৰাত বিষ্ণুৱে আহি কৈছে:—

“আমাৰ তনু যত বিপ্ৰগণ।
তাসমাৰ দ্ৰোহ চিন্তে যি জন
যমৰ দূতে কৰে তাক দণ্ডি।
গৃধ্ৰগণে খায় মাংস চিণ্ডি॥
* * *
পাৰিষদ জয় বিজয় দুই।
তোমাসাৰ শাপে অসুৰ হুই॥
দুনাই বৈকুণ্ঠক ঝান্টে আসোক।
হেন অনুগ্ৰহ কৰিয়ো মোক॥”

[ ১১ ]

ঈশ্বৰৰ মুখৰ এনেহেন বাক্য শুনি চাৰি সিদ্ধ বিস্ময়তে অভিভূত হৈ কৈছে, কেনে খৰকৈ!

“তোমাৰ বচন স্বামী, নুবুজিলোঁ কিছু আমি॥
আপুনি ঈশ্বৰ হুয়া, বোলাহা কৰিয়ো দয়া॥
ত্ৰিজগতে কৰে সেৱ, বোলা মোৰ বিপ্ৰেদেৱ॥
যত দেৱ দ্বিজ তুমি সবাৰ দেৱতা তুমি॥

ইত্যাদি।

 সেইদৰে “স্যমন্তক হৰণ”ত কৃষ্ণত আৰু জাম্বুবানৰ যুদ্ধত:—

“দুয়ো হুয়া মহা ক্ৰুদ্ধ, লগাইলেক ঘোৰ যুদ্ধ॥
দুয়ো মাতঙ্গৰ লীলা; বৰিষে পৰ্বত শীলা॥
যুজিলন্ত মাল বান্ধে, ভৰি ভৰি ভৰি ছন্দে॥
দুইৰো দুইকো নাহি তুষ্টি হানে ব্ৰজসমমুষ্টি॥
মাংসৰ কাৰণে যেন যুজন্ত দুগোটা সেন॥

 ‘দামোদৰ বিপ্ৰোপাখ্যান’ত পুৰণা দুজনা বন্ধুৰ আলপত:—

গুৰু পত্নীগণে আসি, আমাক বুলিলা হাসি,
খড়ি লুড়ি দিয়া শিষ্যগণ।
আমি সবো হেন শুনি কটিত বান্ধিয়া ভূণি
আনন্দে লড়িলোঁ ৰঙ্গমন॥

কেনে জুইৰ গোৰত বহি গুৰগুৰাই কৈ যোৱা কথা। হিৰণ্যকশিপুৱে খঙৰ সময়ত কেনেকৈ কৈছে, মন কৰক:—

“হিৰণ্যকশিপু শুনিয়া হেন।
ক্ৰোধত কাম্প অতি যম যেন॥

[ ১২ ]

ঝঙ্কৰে মাথা অতি কৰি দৰ্প।
লাথি পাই যেন ফেঁকাৰে সৰ্প॥
অসুৰে গৰ্জ্জয় কটাক্ষে চাই।
খাইবে আজি তোৰ মুণ্ড পুতাই
শুনৰে অধম নগণ মোক।
দেখাইবো আজি যমপুৰ তোক॥
ত্ৰিদশ কম্পে দেখি মোৰ খঙ।
কৰস কেন তই আজ্ঞা ভঙ্গ॥”

কথাৰ ঠাচতে যেন হিৰণ্যকশিপুৰ সৰ্বগ্ৰাসী খং ব্যক্ত হৈ ৰৌ ৰোৱাই উঠিছে।

 এতিয়া কথা এটালৈ মন কৰিব লাগে যে “কীৰ্ত্তন”ৰ যি বিলাক অতি দুৰুহ আৰু গভীৰ ভাৱৰ পদ, সেই বিলাক সংস্কৃতৰ পৰা অনুবাদ। অথচ অনুবাদ যেন মূলতকৈয়ো বেচি মধুৰ। ইয়াত মুঠতে দুটা বা এটা শ্লোকৰ মূল আৰু অনুবাদৰ তুলনা তুলিদিলোঁ, আপোনালোকে বিচাৰ কৰিব।

 দৰ্শনৰ অতি কঠিন তত্বৰ সংস্কৃত শ্লোক আৰু তাৰ অসমীয়া ভাঙনীও শুনক, যেনে:—

“অথ যথাবন্ন বিতৰ্ক গোচৰং
চেতোমনঃ কৰ্ম বচোভি ৰঞ্জসা।
যদাশ্ৰয়ং যেন যতঃ প্ৰতীয়তে
সুদুৰ্বিভাব্যং প্ৰণতাস্মি তৎপাদম্”॥

[ ১৩ ]

 অসমীয়াত:—

“যিটো ব্ৰহ্ম নোহে তৰ্কৰ গোচৰ।
নাপাৱে বচনে মনে ওচৰ॥
নাহি উতপতি নাহি মৰণ।
সদায় প্ৰণামো তানে চৰণ॥

 আৰু এটা:—

“উৎক্ষেপনং গৰ্ভগতস্য পাদয়োঃ
কিং কল্পসে মাতুৰধোক্ষ জাগসে।
কিমস্তি নাস্তি ব্যপদেশ ভূষিতং
তবাস্তি কুক্ষেঃ কিয়দপ্যনন্তঃ”॥

 অসমীয়াত:—

“গৰ্ভত থাকন্তে উদাত ঘানে পাৱে।
তাৰ অপৰাধক নধৰে যেন মাৱে॥
তোমাৰ কুক্ষিত আমি আছোঁ চৰাচৰ।
হেন জানি ক্ষমিয়োক দোষ দামোদৰ”॥

কোনটো মূল, কোনটো অনুবাদ বুজিব পাৰিনে? ভাষাত এনে অসীম অধিকাৰ কবিসকলৰ শ্লাঘাৎৰ বিষয়।

 মহাকবি সকলৰ আৰু এটা লক্ষণ থাকে যে তেওঁলোকৰ অনেক ৰচনা প্ৰবাদৰ দৰে হৈ যায়। বোধকৰো শেক্সপীয়েৰেই এই বিষয়ত শ্ৰেষ্ঠ কৃতী। কিন্তু আন কবিসকলৰো কম কথা এইদৰে গোটমাৰি মুখে মুখে ফুৰা নাই।
[ ১৪ ]  কালিদাসৰ:—

“শৰীৰমাদ্যং খলু ধৰ্ম সাধনম্”
যাঞ্ছা মেঘো বৰমধিগুণে নাধমে নদ্ধকামা
নীচৈৰ্গচ্ছত্যুপৰিচ দশা চক্ৰনেমি ক্ৰমেণ”॥

 ভৱভূতিৰ “লোকত্তৰাণাঃ চেতাংসি কোনু বিজ্ঞাতুৰ্মহতি” প্ৰভৃতি কথাবিলাক এই ধৰণৰ। এইবিলাকে সমূহ মানৱৰ মনৰ সত্য ভাৱ ঐটাক সুন্দৰ আৰু সহজ ভাষাত প্ৰকাশ কৰে; আৰু সেইদেখি সকলোৰে আদৰণীয় হয়। শঙ্কৰদেৱ এই বিষয়তো কম কুশল নহয়। কীৰ্ত্তনৰ পৰা তাৰ উদাহৰণ অনেক দিব পাৰি। যেনে:—

১। পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ!
 হৰি নামে কৰে সবে সুসাঙ্গ॥ [পাষণ্ড মৰ্দন।
২। “বৰুণৰ পাশে বান্ধি থৈয়া কত কাল।
আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল॥” [প্ৰহলাদ চৰিত্ৰ]
৩। “দ্বেষ কৰি শিশুপালে লভিলা মুকুতি।
বুদ্ধিক নেপোসে মহৌষধিৰ শকতি॥ [ৰাসক্ৰীড়া]
৪। “দেখন্তে শুনন্তে সদা হেলা হোৱে মতি।
জানিয়ো গৃহতে থাকি কৰিয়ো ভকতি॥” [ঐ]
৫। “পৰম ঈশ্বৰে কৰে অকৰ্ম।
তেজস্বিত কিছু নাহি অধৰ্ম॥
সৰ্বভক্ষ বহি সবাকো শোষে।
তথাপিতো কিছু নোছোৱে দোষ।” [ঐ]
[ ১৫ ]
৬। “সৰ্বভূত ময় ৰাজা শাস্ত্ৰত কহয়।
ৰাজা তুষ্ট ভৈল সৰ্বজন তুষ্ট হয়।॥” [ঐ]

আৰু অনেক যাক “নকহিলোঁ বাহুল্যক ভয়ে॥”

৭। কীৰ্ত্তনৰ বৰ্ণনা:—

 ভাষাৰ মাধুৰ্য্যৰ কথা অলপহে কোৱা হল। কাৰণ বিস্তৃত আলোচনা কৰাৰ ইয়াত ঠাই নাই। কেৱল ভাষা এৰি বিষয়লৈ আহিলে “কীৰ্ত্তন”ত প্ৰথম চকুত পৰে তাৰ সুন্দৰ সূন্দৰ বৰ্ণনাবোৰ। যিহকে যেতিয়াই বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছে, সকলো যেন কি এক সুমধুৰতাৰে পৰিপূৰ্ণ হৈছে। “হৰমোহন”ৰ ফুলনি বৰ্ণনাৰ কথা ইয়াত তুলি নিদিওঁ, কাৰণ তাক অসমীয়া আবাল বনিতাই জানে। আন আন ঠাইৰ দুটামাণ বৰ্ণনা লৈ মন কৰক:—

বৈকুণ্ঠ বৰ্ণন:—

“একমনে শুনা হৰিৰ ধ্যান।
বৈকুণ্ঠ নামে আছে মহাথান॥
সাৰি সাৰি ৰঞ্জে বিমানচয়।
বৈদুৰ্য্য হীৰা মৰকত ময়॥
চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি।
নাজানি যাত পশি দিন ৰাতি॥
চাৰু সৰোবৰ নিৰ্মল জল।
সুগন্ধি পদ্ম শোভে উতপল॥
আছে ৰাজহংস সমূহে ৰঞ্জি।

[ ১৬ ]

লীলায়ে মৃনাল ভুঞ্জে উভঞ্জি॥
পাৰে পাৰিজাত মলয়া বাৱ।
চটকে ত্যজে সুললিত ৰাৱ।
ভ্ৰমৰগণে গাৱে হৰি গীত।
বৈষ্ণবগণ শুনি আনন্দিত।”

[ধ্যাণ বৰ্ণন]

 ইফালে আকৌ নৰসিংহৰ ৰূপ বৰ্ণনা আৰু তাৰ ভাষা আৰু ছন্দ কেনে:—

“অদ্ভুত দেখিয়া দৈত্যপতি ভৈলা চুপ
নোহে সিংহ নোহে ইটো মনুষ্যৰ ৰূপ॥
তপ্ত সুবৰ্ণৰ বৰ্ণ জ্বলে চক্ষু দুই।
পৰ্বত সমান কায় আছে স্বৰ্গ ছুই॥
শৰীৰৰ লোম চন্দ্ৰ সম শুক্লবৰ্ণ।
তুলি আছে উৰ্দ্ধক স্তবধ দুই কৰ্ণ॥
বাইল মুখ যেন গিৰি গহবৰ পৰায়।
প্ৰচণ্ড বতাস যেন নিশ্বাস বজায়॥
প্ৰকাশয় কেশ শিৰে ৰবিৰ কিৰণ।
ভ্ৰুকুটি কুটিল মুখ বিকট দৰ্শন॥
লহ লহ কৰে জিহ্বা যেম কুৰ ধাৰ।
জ্বলে বহু শত তীক্ষ্ন নখ চমৎকাৰ॥
বহুল হৃদয় দীৰ্ঘ গ্ৰীবা কৃশ কটি।
জিহবা মেলি আছে দুই দশন প্ৰকটি॥”

[প্ৰহ্লাদ চৰিত্ৰ]

[ ১৭ ] কেনে ভয়ঙ্কৰ ৰূপৰ বৰ্ণনা! নৰসিংহই যেন জিভা মেলি দাত নিকটাই খাবলৈহে উঠিছে! ইফালে আকৌ আন এটা ৰূপ :-

“হেন মহা দিব্যবন  দেখিলন্ত ত্ৰিনয়ণ।
দিব্য কন্যা এক আছে তাতে।
কোটি লক্ষ্মী সম নোহে  কটাক্ষে ত্ৰৈলোক্য মোহে
ভণ্টা খেৰি খেলে দুয়োহাতে॥
তপ্ত সুবৰ্ণৰ সম  জ্বলে দেহা নিৰুপম
ললিত বলিত হাত পাৱ।
চক্ষু কমলৰ পাসি  মুখে মনোহৰ হাসি
সঘনে দৰশৈ কাম ভাৱ॥
সোলকে উচ্ছল খোপা  খসে পৰিজাত থোপা
বামহাতে সম্বৰন্ত তাক।
উৰ্দ্ধক ক্ষেপন্ত ভণ্টা  কৰন্ত কটাক্ষ ছটা
লীলা গতি দেখাই ফুৰে পাক॥
কৰ্ণৰ কুণ্ডল দোলে  স্তন হলফল কৰে
গলে ৰত্নমালা জিকি পাৰে।
সুবৰ্ণ কঙ্কণ ধ্বনি  কৰে ৰুন ঝুন শুনি
প্ৰকাশে হৃদয় হেম হাৰে॥
দৰশান্ত কাষ পিঠি  খনো হাসে সমদিঠি
চাহি লাজে চান্ত চকু মুদি।
ভ্ৰমন্ত অনেক ভাৱে  উৰুৱাৱে বস্ত্ৰ বাৱে

ভাষণ⸺২ [ ১৮ ]

 উচ্চ কুচ কুম্ভ হােৱে উদি ॥
কঙ্কালে কিঙ্কিনী বাজে  চৰণ কমল মাজে
 ৰত্নৰ নুপূৰ ৰুন-্ঝুন ।
হালে অতি মধ্যদেশ  সংসাৰ মােহিনী বেশ
 একো অঙ্গে নাহি খুতিখুন” ।

[ হৰমােহন ]

কবিৰ লগতে কব নালাগেনে বাৰু, কি ভাষা, কি ছন্দ কি শব্দ, কি ৰূপ, মােহিনী বর্ণনাত কোনাে অঙ্গতে খতি খুন নাই ! ইয়াৰ পাছত দুটা প্রাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণন শুনক :-

“ক্ষীৰ সাগৰৰ মাজে ত্রিকুট পর্বত ।
প্রকাশন্তে আছে তিনি লােকতে বেকত ॥
সুবৰ্ণ ৰজত লােহা জ্বলে তিনি শৃঙ্গ ।
চক্ষুত জমক লাগে দেখিতে বিৰিঙ্গ ॥
অযুত যােজন জুৰি জ্বলে গিৰিবৰ ।
উচ্ছিত দেখিয়া দশ হাজাৰ প্ৰহৰ ॥
ক্ষীৰ সাগৰ ঢউ চৌভিতে উথলে ।
পখালে পর্বত সুশীতল দুগ্ধ জলে ॥
নদী নদ অশেষ বিশেষ সৰােবৰ ।
স্ফটিক নির্মল জ্বল দেখি মনােহৰ ॥
বিদ্যাধৰী সৱে তাত নামি কৰে স্নান ।
পখালি শৰীৰ বৱে সুগন্ধিত ঘ্ৰাণ ॥

[ ১৯ ]

পৰম অমূল্য গন্ধ উথলে সদায় ।
দশদিশ জুৰি তাৰ বায়ু বহি যায় ॥
ছয় ঋতু এককালে বসন্ত উদয় ।
ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চমে পূৰয়”।

[ গজেন্দ্ৰোপাধ্য

ক্ষীৰ সাগৰৰ মাজৰ এই ত্ৰিকুট পর্বতখন চাই আহি মন নাযায় নে? সেইদৰেঃ-

“শৰত কালৰ ৰাত্ৰি অতি বিতােপন।
ৰাসক্রীড়া কৰিতে কৃষ্ণৰ ভৈল মন ॥
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্ব দিশ হন্তে ।
কামতুৰা স্ত্ৰীৰ যেন সন্তাপ মার্জন্তে ॥
অখণ্ড মণ্ডল চন্দ্র দেখিলন্ত হৰি ।
কুঙ্কুমে অৰুণ লক্ষ্মী মুখ পদ্মসৰি ॥
বনকো দেখিল চন্দ্র ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত”। [ৰাসক্ৰীড়া

ইয়াৰ পাছত নগৰ এখনৰ বর্ণনালৈ মন কৰক :-

যিটো বিতােপন পুৰী দেখিলা সাক্ষাত ।
পৰম আনন্দে প্ৰৱেশিলা মথুৰাত ॥
স্ফটিকে গঠিত পুব দ্বাৰ নুহি খাট ।
লগায়াছে সুবৰ্ণৰ বৃহত কপাট ॥
হেমময় তােড়ণ চিৰণে অলঙ্কৃত ।
চতুৰ্ভিতি গড়থায় দেখি ভয়ে ভীত ॥

[ ২০ ]

বহুবিধ উদ্যান শোভিত কাছে কাছে।
শাৰি শাৰি গৃহসব প্ৰকাশন্তে আছে॥
হীৰা মৰকত ৰত্ন ৰঞ্জে ঠাৱে ঠাৱে।
শোভা কৰে পৰাৱত ময়ুৰৰ ৰাৱে॥
ৰাজপন্থ চৌপন্থাক সাঞ্জি মাঞ্জি আতি।
পদুলি পদুলি দীপ ঘট আছে পাতি”॥

এনে মথুৰাই বোধকৰো আজিকালিৰ ডাঙৰ ডাঙৰ নগৰ বিলাকৰ আগত লাজ পাব নেলাগে!

 ৮। ভাষাৰ দ্বাৰা ভাৱৰ প্ৰকাশ :---

 বৰ্ণনা বিষয়ৰ দুটা এটা নমুনা দেখা গ'ল। এনে বৰ্ণনাৰে গোটেইখন কীৰ্ত্তন পূৰ। এতিয়া কোনো বিশেষ বিশেষ ভাৱ প্ৰকাশ কৰিবলৈ ভাষাৰ কেনে প্ৰয়োগ হৈছে এবাৰ মন কৰিব লাগে।

 প্ৰহ্লাদ চৰিত্ৰত, চাৰি সিদ্ধই খং কৰিছে, শুনিব :-

কৃষ্ণৰ দৰশন আশাভঙ্গে।
কোপে চক্ষু পকাই মাতন্ত খঙ্গে॥
বৈষ্ণৱ বোলা তোৰা দুয়োজন।
বেকুণ্ঠবাসীৰ নোহে লক্ষণ॥
প্ৰশান্ত পুৰুষ আনন্দময়।
তাহান্তো তোমৰা কৰা সংশয়॥
পাৰিষদ বোলাই কৰাহা চটি।
নোহিকা বৈষ্ণৰ দুয়ো কপটী॥

[ ২১ ]

বৈকুণ্ঠৰো আনা দুৰ্ষশ বৰ।
ঐৰ পৰা তোৰা দুহান্তো পৰ”।

সাধু মানুহৰ কেনে গভীৰ খং—জয় বিজয়ক “তই” বুলিও নকয়।

 ইফালে ষণ্ডামাৰ্কই ৰজা আৰু অনুদাতাৰ লৰা প্ৰহ্লাদক ঘৰলৈ মাতি আনি হাঁহি হাঁহি সুধিছে :-

“কোনে তোক হেন বিপৰ্যয় বুদ্ধি দিল”।

 প্ৰহ্লাদৰ উত্তৰৰ গভীৰতা এবাৰ উপলব্ধি কৰক—

“ব্ৰহ্মা আদি কৰি যত দেৱতা পণ্ডিত।
যাহাৰ পথত হোন্ত মায়ায়ে মোহিত
যাৰ মায়া বিভৱৰ নাহি পৰিচ্ছেদ।
হেন হৰি কৰন্ত আমাৰ বুদ্ধিভেদ।
চুম্বকৰ কাছে লোহা ভ্ৰমে যেন ঠানে।
ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু সন্নিধানে”।

 “হৰমোহন”ত বিষ্ণুৱে মহাদেৱক উপদেশ দিছে :—

“দৰশনে কৰে তপ জপ যোগ ভঙ্গ
সিটো স্ত্ৰীৰূপক দেখিবা কোন কাজে”।

তেতিয়া মহাদেৱে যিটো উত্তৰ দিলে তাত যেন তেওঁৰ মহা অহঙ্কাৰ ফাটি ফাটি পৰিছে :—

“মহা যোগ বলে শুদ্ধ কৰি আছোঁ কায়া।
ব্ৰহ্মময় দেখোঁ কি কৰিব পাৰে মায়া”।

 যেতিয়া এই অহঙ্কাৰৰ ফল হাতে হাতে পালে তেতিয়া [ ২২ ] আকৌ মহাদেৱে নিজক কিমান তাচ্ছিল্য কৰিছে:—

“কটাক্ষে সৃজন্ত ব্ৰহ্মাণ্ডকো কোটি কোটি।
এগোটা ডিমাৰ মই ৰুদ্ৰ এক গুটি”।

আকৌ ৰাসক্ৰীড়াৰ সময়ত গোপীসকলক এৰি কৃষ্ণ লুকাল। গোপীসকলৰ কাৰুণ্য শুনিব :-

“ব্ৰজ হন্তে ধেনু চাৰিবাক যাহা
 আমাৰ মন অসুখ।
জানো পাদ পদ্মে তৃণ শিলা লাগি
 প্ৰাণনাথে পান্ত দুখ॥
তোমাৰ চিন্তায়ে দিন বহি যায়
 গধূলি গোপাল আসি।
অলকা আবৃত গোৰজে ৰঞ্জিত
 দেখোৱা মুখ প্ৰকাশি”॥

ষ্ণ-বলৰামৰ বিক্ৰম দেখি হিতাহিত–জ্ঞান–শূন্য কংসৰ থা চাব:—

“কিনো অসজ্জন বসুদেৱ সুত দুই”
নগৰৰ বাজ কৰি খেদোৱা আমাৰ।
দুষ্ট বসুদেৱক সত্বৰ কৰিয়া মাৰ॥
গোৱালৰ ধনক আগ্ৰহি সৱে লবা।
দুৰ্ম্মতি নন্দক লোহা লগাই বান্ধি থৱা॥
পিতৃ উগ্ৰসেনক সত্বৰ মাৰা নিয়া।
নাৰাখিবি যত আৰ আছে লগৰীয়া॥

[ ২৩ ]  আন বিলাক সকলোকে কৰ, সকলোকে মাৰ, পিতৃ গ্ৰসেনকো একেলগে মাৰা।

 আনফালে দামোদৰ বিপ্ৰৰ :—

“আতি পতিব্ৰতা তাহান ব্ৰাহ্মণী
 দুখে দণ্ডে যুগ যায়।
কাম্পন্তে আসিয়া স্বামীক বুলিলা
 মুখৰ মাত নোলায়॥
শুনিয়োক স্বামী মন্দভাগী আমি
 সহিবো কত নিকাৰ”।

তিব্ৰতা গৃহিনীৰ এই কেইটা কথাত দাৰিদ্ৰৰ কিমান নিঠুৰ নিপীড়ন ফুটি ওলাইছে। এইদৰে আৰু কিমান যে অসংখ্য উদাহৰণ আছে, তাৰ সীমা নাই।

 কীৰ্ত্তনৰ স্তুতি:—

 আদিতে কৈ আহিছোঁ যে “কীৰ্ত্তন” প্ৰধানতঃ আৰু য়াৰ গ্ৰন্থকৰ্তাৰ উদ্দেশ্য আছিল মুখ্যতঃ লোকশিক্ষা-ধৰ্ম্ম বিষয়ত। সেই কাৰণে গোটাই কাব্যখনতে চাৰিওফালে নানাবিধ নানা প্ৰকাৰ স্তুতিৰে ভৰা। “নামাপৰাধ,” ‘পাষণ্ড ৰ্দ্দন’ আৰু “বেদস্তুতি”ৰ তিনটা অধ্যায় স্তুতি স্বৰূপেই লিখা; কিন্তু উপাখ্যান ভাগতো ইয়াৰ বাহুল্য কম নহয়। বৰঞ্চ উপাখ্যান ভাগৰ স্তুতিবিলাক যেন বেছ সজীৱ, আৰ্ত্ত মানুহহে কৰিছে। এই আটাইবিলাক স্তুতি এটা বিশেষত্ব এইবিলাক সকলো কেইটা অত্যন্ত উদাৰ আৰু সাৰ্ব্বজনীন [ ২৪ ] বশ্ব নিয়ান্তাৰ উদ্দেশে গীত। প্ৰহ্লাদ চৰিত্ৰৰ সেই বিখ্যাত স্তুতি:—

“ব্ৰহ্মা সিদ্ধ মুনি আদিয়ে নপাৱে
 পুজিবে তোমাৰ পাৱ।
কিবা স্তুতি নতি কৰিবোহোঁ আমি
 অমূঢ় ক্ৰূৰ স্বভাৱ॥

 ইয়াত যেন সকলো ভক্তৰ অন্তৰৰ বাণী প্ৰকাশিত হৈ পৰিছে। এই স্তুতিবিলাকৰ আৰু এটা প্ৰধান বিষয়⸺ দাৰ্শনিক তথ্যবোৰ। এই দুৰুহ দুৰ্বোধ্য তত্ব কিমান সহজ ভাষাত কি সুন্দৰ ৰূপে প্ৰকাশ কৰিছে। তাৰ দুটা এটা চানেকি ইয়াত তুলি দিলো :—

“সমন্তে ভুতৰে যদি তুমি হৃদিগত।
তথাপি কৰ্ম্মীৰ মান নুহিকা বেকত॥
তুমি পৰমাত্মা তত্ব জানিলো সম্প্ৰতি।
সত্য-মূৰ্ত্তি ধৰি সাধা অগতিৰ গতি॥
চৰণক চিন্তে চিত্তে বিঘ্নিকো নগণি।
নাৰকী জন্মত তেৱে আমাৰ বাঞ্ছনি"॥
 [প্ৰহলাদ চৰিত্ৰ]

এই ধৰণৰ আৰু এটা স্তুতি :—

“তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক॥
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ॥

[ ২৫ ]

তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।
অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন”॥ [ হৰমোহন ]
সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ব নাপাই তোমাক বিচাৰে বাহিৰত॥
নমাগোহো সুখ ভোগ নলাগে মুকুতি।
তোমাৰ চৰণ মাত্ৰ থাকোক ভকতি”॥

ৰাজত্যাগী সন্ন্যাসী মুচুকুন্দৰ স্তুতিৰ দৈন্য কেনে ফুটি ওলাইছে :—

“মায়ায়ে মোহিত হুয়া যিটো জন
 নভজে প্ৰভু তোমাক।
সুখক আশায়ে গৃহ বাসে থাকে
 দৈবে বঞ্চিলেক তাক॥
গৃহ ঘট সম দেহত নৃপতি
 বোলাওঁ কৰি মতি বটি।
তোমাক নগণি হয় হস্তী ৰথে
 পৃথিবী ফুৰো পৰ্য্যটি॥
সুবৰ্ণৰ ৰথে যিটো হস্তী স্কন্ধে
 ফুৰয় ৰাজা বোলায়।
কানে প্ৰাণে গৈল সেহিতো শৰীৰে
 হোৱে বিষ্ঠা পলু ছাই॥
সংসাৰ চক্ৰত চিৰকাল প্ৰমোদ
 তোমাত নভৈল বোধ।

[ ২৬ ]

একোৱে প্ৰকাৰে সুখ শান্তি নাই।
 নিজিনিলোঁ কাম ক্ৰোধ”॥

এই বিষয়ে বেচি কোৱা অনাৱশ্যক। যিহৰ মহিমাত শঙ্কৰ দেৱে “ভক্তিৰ হাটপাতি” গোটাই অসমবাসীক আজি প্ৰায় পাঁচ শ বছৰৰ ঈশ্বৰৰ প্ৰেমত মুগ্ধ ৰাখিছে, কীৰ্ত্তন সেই মহিমাৰ এক অপূৰ্ব্ব সৃষ্টি!

১০। অলঙ্কাৰ:—

 আৰু এটা লেখ কৰিবলগীয়া কথা অৰ্থালঙ্কাৰ আৰু শব্দালঙ্কাৰ। যিদৰে তিৰোতা মানুহে গোটাই শৰীৰতে অতি সুন্দৰ সুন্দৰ অলঙ্কাৰ আৰিলেও ভাল দেখা নহয়, অথচ সুৰুচি থকা তিৰোতাই ভালে-বেয়াই যেই সেই অলঙ্কাৰকে উপযুক্ত পৰিমানে পিন্ধিলে সৌন্দৰ্য ফুটি উঠে, কাব্য শাস্ত্ৰতো অলঙ্কাৰৰ ব্যৱহাৰ তেনেকুৱা। অৰ্থাৎ ভাল ভাল কবি সকলৰ কাব্য অলঙ্কাৰ গৌৰৱত কোনো অংশ নিকৃষ্ট নহয়; কিন্তু ভালকৈ গমি চালেহে অলঙ্কাৰ যে আছে তাক ধৰিব পাৰি। এনেই দেখোঁতে সুন্দৰী কামিনীৰ নিচিনা নিজৰ সৌন্দৰ্য্যতে আৰু নিজৰ সুষমাতে এই ধৰণৰ কাব্য বিলাক পৰিপূৰ্ণ। “কীৰ্তন”তো কোনো অলঙ্কাৰৰ অভাৱ নাই—অথচ অলঙ্কাৰৰ চাকচিক্যই তাৰ ভিতৰত কোনো কদৰ্য্যতা লুকাব- লগীয়া হোৱা নাই, স্বভাৱতে সুন্দৰ পদক ই সুন্দৰতৰ কৰিহে তুলিছে। লোহা, চিচা, ৰূপ, সোণ—যিহৰ তিহৰ অলঙ্কাৰেৰে পূৰ্ণ নগা বা গাৰো তিৰুতাৰ দৰে সংস্কৃতৰ [ ২৭ ]  এক কাব্য আছে—যেনে নলোদয়; কিন্তু এনেবোৰ ব্যৰ স্বাভাৱিক লাৱণ্য অতি কম! কীৰ্ত্তন পঢ়ি এই ষটো, কোনেও অলপো ধৰিব নোৱাৰে। অথচ ইয়াত নে সুন্দৰ সুন্দৰ অলঙ্কাৰৰ সমাবেশ! বাহুল্যৰ ভয়ত য়াত মুঠে “অনুপ্ৰাস” আৰু “উপমা” অলঙ্কাৰৰ দুটা বা টা উদাহৰণ দিয়া হল :—

“এড়াইলন্ত” নৰসিংহে কাতি কৰি কায়
পাজৰত ফুৰে দৈত্য পতঙ্গ পৰাই।”

দাবন বৰ্ণনাত:—

“দেখিলাহা ইটো বিকসিত বৃন্দাবন।
শশাঙ্কে ধৱল নৱ পল্লৱে শোভন॥
পুষ্পিত মন্দাৰ কুণ্ড গন্ধে হুয়া ভোল।
মধুমত্ত অনেক ভ্ৰমৰে কৰে ৰোল॥” [ৰাসক্ৰীড়া,]

নবোৰ অনুপ্ৰাসৰ জক্‌মকনি এঠাইত নহয়, গোটেইখন থত। ইফালে উপমাত—কৃষ্ণৰ ৰূপ বৰ্ণাইছে

“উৰস্থলে লক্ষ্মী দিলন্ত দেখা।
কষটিত যেন সোণাৰ ৰেখা॥
পীতবস্ত্ৰে শোভে শ্যামল কায়।
তড়িত জড়িত জলদ প্ৰায়॥

ৰমোহ”ত মহাদেৱৰ অৱস্থা বৰ্ণনা, যেনে :—

“মদনৰ পীড়াক এড়ায়া মহাযোগী।
ব্যধিৰ সকাশ পাইল যেন চিৰৰোগী॥”

[ ২৮ ] চিৰৰোগীয়ে ব্যাধিৰ সকাশ পোৱা যে কি আৰাম, এই পদফাঁকি পঢ়ি তাৰ ধাৰণা হয় কিছু! শ্ৰীকৃষ্ণৰ নেত্ৰৰ বৰ্ণনা নো কি ধুনীয়া।

“শৰত কালৰ বিকশ পদ্মৰ
উদৰৰ শ্ৰীক নিন্দে।
হেনয় নেত্ৰৰ কটাক্ষে আমাক
মাৰিছা তুমি গোবিন্দে॥” [ ৰাস ক্ৰীড়া।]

১১। শব্দৰ বিন্যাস:—

 কীৰ্ত্তনৰ কবিতাৰ সৌন্দৰ্যৰ বিষয়ে অলপ কথা কোৱা হল। ৰচনাত—

 বিশেষ অৰ্থ জ্ঞাপক শব্দ বিন্যাস কৰাও সুৰচকৰ এটা ডাঙৰ কীৰ্তি, এই সম্বন্ধেও শঙ্কৰদেৱৰ প্ৰতিভা কীৰ্ত্তনত যিমান দেখা যায় তাক অলপ আলোচনা নকৰিলে প্ৰৱন্ধ সম্পূৰ্ণ নহয়। হিৰণ্যকশিপুৱে তপ কৰে ব্ৰহ্মাক। ব্ৰহ্মা সন্তুষ্ট হৈ আহি কৈছে :—

“শৰীৰৰ মাংসক খাইলেক তোৰ উই।”

 এই “তোৰ” পদটোৰ দ্বাৰা হিৰণ্যকশিপুৰ প্ৰতি ব্ৰহ্মাৰ কিমান মৰম কিমান বেথা প্ৰকাশ পাইছে! সেইদেখিয়েই শেষত বৰ দিছে :—

“যদ্যপি দুৰ্লভ বাপ ইটো মহাবৰ।
তথাপিতো দিলে বৰ বাঞ্ছা হৌক সিদ্ধি॥”

 ইয়াত সেইদৰে “বাপ” কথাটিৰ কিমান আত্মীয়তা। [ ২৯ ] এনে আত্মীয়তা বুজাৱবৰ কাৰণে এই অন্তৰঙ্গ “তোৰ” শব্দটো আৰু ব্যৱহৃত হৈছে। হৰে মোহিণীক কৈছে :—

“যেহি লাগে বোল বান্ধৈ তাক মই কৰোঁ।
মুখ চাই নমাত আতেসে বৰ হাৰোঁ॥
কতনো কৰিলোঁ তোৰ ঘোৰ অপৰাধ।
এভু হেন কৰ বান্ধৈ বচন নবাধ॥”

অথচ আন অনেক ভাৱৰ অনেক অন্তৰঙ্গ কথা আছে; আন কতো তুচ্ছাৰ্থক সম্বোধনৰ ইমান সভ্ৰম নাই। সেইদৰে আন এটা শব্দ “বিপৰীত” :—

“বিপৰীত স্ত্ৰী মায়া দেখি মাধবৰ।
শুনা কেন মতে কামাতুৰ ভৈলা হৰ!”

ইয়াত ‘বিপৰীত শব্দটোৱে যেনেকৈ প্ৰথমতে প্ৰকাশ কৰিছে “অতি অদ্ভুত, অতি আচৰিত।” সেইদৰে সঙ্কেততে যেন পুৰুষৰূপী শ্ৰীকৃষ্ণই স্ত্ৰী মায়া ধৰা ওলোটো কথাটোকে কৈ দিছে। এনে দৰৰে প্ৰয়োগ :—

“গোপিকাৰ দেখি প্ৰেম ভাৱ বিপৰীত।
ভৈলন্ত গোপাল অতি ব্যাকুলিত চিত॥”

ইয়াত “বিপৰীত’ প্ৰেম দেখি গোপাল ( মাধৱ, কৃষ্ণ বা আন নাম দিয়া নাই) হে গোপিকাৰ কাৰণে ব্যাকুল হল।

 ‘হৰমোহন’ত হৰ-পাৰ্ব্বতী কৃষ্ণক দেখা কবিবৰ কাৰণে বৈকুণ্ঠলৈ আহিল। কৃষ্ণই—

শঙ্কৰক দেখি পাছে তুলিলন্ত হাসি।”

[ ৩০ ] এই “তুলিলন্ত হাসি” কথাটোৰ প্ৰয়োগৰ দ্বাৰা যেন অ ৰ্যামী হৰিয়ে “মহাদেৱৰ কি লটি ঘটি হবলৈ আছে।

জানিহে ৰহস্যৰ হাঁহি মাৰিছে—এই ভাৱটো কেনে সু ৰূপে প্ৰকাশ হৈছে!

 ৰাসংক্ৰীড়াৰ সময়ত গোপীসকলে নিশা বৃন্দাবনত যমু বালিত ক্ৰীড়া কৰে, আৰু দিনত যশোদাৰ আগত কৃ গুণ বখানে। এদিন কৈছিল—

“যেখনে বংশীক চুম্বি তোলে স্বৰজাতি।
ব্ৰহ্মা ৰুদ্ৰ আদি দেৱো হোৱে মোহ আতি॥”

ইয়াত “চুম্বি” শব্দৰ দ্বাৰা গত ৰজনী কাম ক্ৰীড়াৰ চু স্মৃতি কি সুমধুৰ ভাৱে প্ৰকাশ কৰা হৈছে। গোপী যেন পূব ৰজনীৰ স্মৃতিও গা শিহঁৰাই শিহঁৰাই হে কৈছে “যেখনে বংশীক চুম্বি তোলে স্বৰজাতি।” শ্ৰীকৃ মথুৰালৈ গৈ তাত কংসক মাৰিলে আৰু ৰাজ্যৰ লে পৰি বৃন্দাবনলৈ আহিব নোৱাৰি সখি উদ্ধৱক পঠালে গো সকলক সান্তনা দিবলৈ :—

“আমাৰ পৰম তুমি ভকত।
যায়ো গোকুলক চৰি ৰথত॥
বচন সন্দেশ গোপীক কই।
প্ৰবোধ দিবা কত দিন ৰই॥”

গোপক যি বচনৰ বাৰ্তা দিবা সি যেন সন্দেশ তুল্য অথবা গোপী সকলৰ মনত সেই বাৰতা সন্দেশ তুল্য [ ৩১ ]  এনেকুৱা ব্যৱহাৰ, শব্দৰ এনে বিচিত্ৰ বিন্যাস আৰু অলেখ, পাতে পাতে, ছত্ৰই ছত্ৰই, অৱশ্যে আমি ভাবিব নালাগে যে কবি সকলে ভাবি চিন্তি চাইহে এই শব্দবোৰ এইদৰে ব্যৱহাৰ কৰে। কবি প্ৰতিভাৰ ই এটা প্ৰধান অঙ্গ।

 শব্দ বিন্যাস প্ৰসঙ্গত আমি আৰু এটা কথা উনুকিয়াব লাগে। আমাৰ অনেক বিশ্বাস যে শঙ্কৰদেৱ প্ৰভৃতি “অপ্ৰমাদী পূৰ্ব কবি” সকলে সদাই কথা-বাৰ্ত্তা কোৱাত অসমীয়া শব্দবোৰ ব্যৱহাৰ নকৰিছিল। ই এটা আমাৰ ভূল ধাৰণা। কীৰ্ত্তনৰ ৰচনাৰ পৰা এনে দুটা মান শব্দৰ প্ৰয়োগ দেখুৱা হল:—

“কৃষ্ণৰ কীৰ্ত্তন, নকৰি থাকয়,
আনসে কথা চোবাই।”
“আনন্দে লোতক পৰে ঝৰি,
গেৰি পাৰি বোলে ৰাম হৰি।”
“হস্তি-হস্তিনীক কৰাৱে স্নান,
পীয়াৱে জল গৃহস্থৰ ঠান।”
“কতো উঠি কন্যাক কৰন্ত কাওবাও।”
থিয় দঙ্গা দিয়া পাছে তুমি দামোদৰ।
অনৰ্থ কৰি ফুৰা গোৱালীৰ ঘৰ॥”
“আখাতে থাকিল চৰু দুগ্ধ সৈতে পৰি।”

প্ৰতিটি শব্দৰ কেনে সুসঙ্গত ব্যৱহাৰ, তাকে লক্ষ্য কৰিব লগীয়া।

[ ৩২ ] ১২। শব্দৰ দ্বাৰা ছৱিৰ ভাৱ প্ৰকাশ-

 শব্দ-সমাবেশৰ এই কৌশলৰ লগত কেৱল শব্দৰ দ্বাৰা কেনে সুন্দৰ সুন্দৰ একোখন ছবি অঁকা হৈছে তাকো মন নকৰি নোৱাৰি। বোধকৰোঁ এনে যিবোৰ ছবি আছে, সুনিপুণ চিত্ৰকৰে তাৰ পৰা অতি সুন্দৰ চিত্ৰ আঁকি লব পাৰে। ব্ৰহ্মাৰ পুত্ৰ চাৰি সিদ্ধৰ বৰ্ণনা অতি সংক্ষেপ অথচ পঢ়িলেই যেন সিদ্ধ সকলক আগতে দেখিলোঁহে।

“ব্ৰহ্মাৰ মানস চাৰি তনয়।
ভ্ৰমন্ত আকাশে আনন্দ ময়॥
পঞ্চ বৰষীয়া শিশু সঙ্কাশ।
নাহিকে বস্ত্ৰ সবে দিগবাস॥

 শ্ৰীকৃষ্ণৰ দুটা ভঙ্গিমাৰ বৰ্ণনালৈ মন কৰক :-

‘বাম বাহুত বাম কপোল থাপিয়া।
মধুৰ বেনুক আনি অধৰে অৰ্পিয়া॥
ৰন্ধ্ৰমধ্যে কোমল আঙ্গুলীচয় চালি।
যেতিক্ষনে বংশী ডাক দেন্ত বনমালী॥”

তেতিয়া গোপীকাৰ নালাগে, সেই ভুবন মোহন ৰূপ আৰু প্ৰাণ উতলোৱা সুৰত কি জানি বৃন্দাবনখনেই শিহঁৰি উঠিছিল। যমুনাই আনন্দতে ওফন্দি পৰিছিল আৰু লীলা ৰহস্যময় ব্ৰজৰ চৰাই চিৰকিটিয়েও অৱশ হৈ আনন্দ উপভোগ

কৰিছিল। আকৌ— [ ৩৩ ]

“এক প্ৰিয় গোপৰ কান্ধত হস্ত থই।
গৰুক গণন্ত কদাচিত ননী লই॥
পিন্ধিয়া গলত গণ্ঠা তুলসী মালাক।
যেবে সেহি বেলাত বংশীৰ দেন্ত ডাক॥
শুনি কৃষ্ণসাৰ হৰিণাৰ ভাৰ্য্যাগণে।
কৃষ্ণৰ সমীপ চাপে উত্ৰাৱল মনে॥”

কৃষ্ণসাৰ মৃগাঙ্গনাসকলৰ এনে ভাৱত আচৰিত হোৱাৰ আৱশ্যক নাই। তেনে হেনে সুমধুৰ বংশীৰ নিঃস্বনত কি জানি সাধুকথাৰ ফকীৰৰ বীনাত গোটেই গাওঁ বিমুগ্ধ হোৱাৰ দৰে গোটেই বিশ্ব উত্ৰাবল হলহেতেন।

 এনে আবেগময় চিত্ৰৰ পাছতে মহাদেৱৰ এটা হাঁহিউঠা চিত্ৰলৈ চাই মনটো পাতলাবলৈ বোধকৰো বেয়া নহব :-

“বহ্নি সংযোগ যেন উথলিল ঘৃত।
দুঃসহ মদন শৰে জৰ্জৰিত চিত্ত॥
একো নেদেখন্ত কামাতুৰ ভৈলা হৰ।
কন্যাক ধৰিবে মন দিলেক লৱঁৰ॥
খটমট কৰি বাজে গলে মুণ্ডমাল।
কঙ্কালৰ সুলকি পৰিল বাঘ ছাল॥”

মহাদেৱৰ এনে হেন মূৰ্ত্তি দেখিতো সুৰাসুৰ সকলো অবাক! আশ্ৰমৰ মাজেদি লৰি যাওঁতে-

“দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰে।
কেহো মুখে বস্ত্ৰ দিয়া পশে অভ্যন্তৰে॥

[ ৩৪ ]

উন্মক্ত পাগল কিনো ভৈলা মহাদেৱ।
কেনমতে আঙ্ক সুৰাসুৰে কৰে সেৱ॥
উলঙ্গতে খেদন্ত কাহাৰ বউ জীউ॥
লাজ কাজ মৰ্য্যদা এৰিলা সদাশিউ।
এহি বুলি ঝুমা-ঝুমি হাসে সব সখী॥

যি হক, ঋযি পত্নী, সকলো পৃথিবীৰে তিৰুতা। তেওঁ বিলাকৰ হাঁহি দেখি আমাৰো বৰ হাঁহি উঠিব খোজে, বিশেষকৈ এই বুঢ়া যোগীটোৰ বুঢ়া বয়সৰ এনে লাঞ্ছনাত।

১৩ কীৰ্ত্তনৰ কবিতা (Lyrics of Ballads)

 এইখিনি গল সংক্ষেপতে ৰচনাৰ সৌন্দৰ্য্যৰ কথা। এই সৌন্দৰ্য্যখিনি চোৱাৰ চকু হৈছে সমালোচকৰ critics. কিন্তু সচৰাচৰ critic আৰু শৱব্যবচ্ছেদকৰ চকু একে, ভাঙি পাতি কাটি-মাৰি খণ্ড-বিখণ্ডকৈ চোৱাৰ সৌন্দৰ্য্য। Operation Room আৰু পৰীক্ষাৰ কাকতত বাদে এনে আলোচনাৰ বৰ মূল্য নাথাকে। গোট গোট হিচাবে কবিতাত চাবলৈ গলেও কিন্তু কীৰ্ত্তনখন কম সৌন্দৰ্য্যপূৰ্ণ নহয়। প্ৰহলাদ চৰিত্ৰ এখন নিজে সম্পূৰ্ণ কাব্য। সেইদৰে স্যমন্তক হৰণ এটি সুন্দৰ খণ্ড কবিতা যাক ইংৰাজীত বোলে ballad. বিপ্ৰপুত্ৰ আনয়নৰ দৰে Romantic কবিতা দুটা এটাহে সাহিত্যত পোৱা যায়। দামোদৰ বিপ্ৰোপাখ্যান এনে এটা সৰ্ব্বাঙ্গ সুন্দৰ Ballad যে কেৱল এই উপখ্যানটো ৰচনা কৰিয়েই আন এজন মানুহে “কবিযশঃ প্ৰাৰ্থী” হলে তাক “মন্দ” আখ্যান দিয়া টান হলহেতেঁন। [ ৩৫ ]  সেইদৰে Lyrical কবিতাত আৰু প্ৰেমৰ বা বিৰহৰ সঙ্গীতত শঙ্কৰ দেৱৰ মধুৰতো সুমধুৰ কবি প্ৰতিভা যেন কি ৰসত উচ্ছসিত হৈ উঠে! অথচ “কীৰ্ত্তন” এইজনা কবিৰ প্ৰথম ৰচনা আৰু মাজে সময়ে কৰা ৰচনাৰ এটি সংগ্ৰহ। শঙ্কৰদেৱৰ ৰচনাৰ মানত কীৰ্ত্তনৰ সাহিত্যিক ঠাই কিছু নামত। ইয়াৰে দুটা খণ্ড-কবিতা ইয়াত তুলি দিয়াৰ লোভ সামৰিব পৰা টান হল, ধৰ্ম্মৰ ভাৱত-

“অসাৰ সংসাৰ নাই ইহাত বিশ্বাস।
জানি হৰি ভকতিক কৰিয়ো অভ্যাস॥
মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত।
অৰ্দ্ধেক নিস্ফলে যায় জানিবা নিদ্ৰাত॥
বিংশতি বৰিষ আৰ যায় ওমলন্তে।
নেয় দশ বৰি, ধনক উপাৰ্জন্তে॥
বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি।
একো কাৰ্য্য সাধিবাক নাহিকে শকতি॥
শৰীৰকো পীড়ে ব্যাধি চক্ষুৱে নাকূলে।
আশা পাশে থাকিয়া গৃহত থাকি গলে॥
হেনজানি শিশুসৱ এৰা আন কৰ্ম।
কৰিয়ো কুমাৰ কালে ভাগবত ধৰ্ম॥”

এনে হেন গম্ভীৰ ধৰ্মোপদেষ্টাৰ এটা বিৰহ সঙ্গীতলৈ অলপ কান দিব যেন। ৰাসৰ সময়ত কৃষ্ণ লুকাই আছে;

গোপীসকলে বিচাৰি নাই পোৱা; বিৰহতে আকুল হৈ[ ৩৬ ]

“উচ্চ বৃক্ষ দেখি সোধে সাদৰি।
শুনিও অশ্বত্থ বট পাকৰি॥
যাহন্তে দেখিলা নন্দ কুমাৰ।
নেন্ত চুৰি কৰি চিত্ত আমাৰ॥
হে কুৰুবক অশোক চম্পা।
কহিয়া কথা কৰা অনুকম্পা॥
মানিনীৰ দৰ্প কৰিয়া চুৰ।
জানাহা কৃষ্ণ যান্ত কতদূৰ॥
ওবা তুলসী সমিধান দিয়া।
তুমি গোবিন্দৰ চৰণ প্ৰিয়া॥
যাহন্তে দেখিলা নন্দ কুমাৰ
প্ৰণাতো অধিক প্ৰিয় আমাৰ॥
হে জাতি যুতি সখী মালতী।
কৃষ্ণ পৰশে কি লভিলা গতি॥
সমস্তে গোপীৰ জীৱন ধন।
দেখিলা যাহন্তে নন্দ নন্দন॥
হে আম জাম বেল বকুল।
নাহি উপকাৰী তোমাৰ তুল॥
কৃষ্ণৰ বিৰহে দেখোঁ আন্ধাৰ।
কোৱা কৈক গৈলা প্ৰাণ আমাৰ
কিনে তপ ওবা কৰিলা ভূমি।
কৃষ্ণৰ চৰণ পৰশি তুমি॥

[ ৩৭ ]

মিলি আছে অতি আনন্দ ভাৱ।
দেখোঁ ৰোমাঞ্চিত তোমাৰ গাৱ॥
পূৰ্বতো বৰাহে আছে আলিঙ্গি।
তুমি সৰ্বকালে কৃষ্ণৰ সঙ্গী॥
দেখিছা কৃষ্ণক জানো নিশ্চয়।
কহিয়ো আমাত হুয়া সদয়॥
মৃগ পত্নী সখি দেখিলা হৰি।
তোমাৰ নেত্ৰৰ আনন্দকাৰী॥
যান্তে প্ৰিয়া সমে গতি বিলাসে।
হেৰা কুন্দ গন্ধ কুঙ্কুম বাসে॥
কতো গোপী বোলে শুনিয়ো বাণী।
লতাত কৃষ্ণৰ পুছা কাহিনী॥
কৃষ্ণৰ নখৰ পৰশ পাই।
দেখো পুলকিত সমস্ত কায়॥”

 এই সঙ্গীতটিৰ প্ৰতি শব্দত আৰু প্ৰতি শাৰীত কেনে বিষম বিৰহৰ ব্যাকুল ব্যথা বাজি উঠিছে! এনে নিখুত কবিতা জগতৰ যেই সেই সাহিত্যৰ আৰু পৃথিবীৰ যেই সেই ভাষাৰ গৌৰৱ বস্তু।

(অসম সাহিত্য সভা পত্ৰিকা।)

 ২৩।১২।১৭ তাৰিখে শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত পঠিত।