পৃষ্ঠা:ভাষণ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২৬]

একোৱে প্ৰকাৰে সুখ শান্তি নাই।
 নিজিনিলোঁ কাম ক্ৰোধ”॥

এই বিষয়ে বেচি কোৱা অনাৱশ্যক। যিহৰ মহিমাত শঙ্কৰ দেৱে “ভক্তিৰ হাটপাতি” গোটাই অসমবাসীক আজি প্ৰায় পাঁচ শ বছৰৰ ঈশ্বৰৰ প্ৰেমত মুগ্ধ ৰাখিছে, কীৰ্ত্তন সেই মহিমাৰ এক অপূৰ্ব্ব সৃষ্টি!

১০। অলঙ্কাৰ:—

 আৰু এটা লেখ কৰিবলগীয়া কথা অৰ্থালঙ্কাৰ আৰু শব্দালঙ্কাৰ। যিদৰে তিৰোতা মানুহে গোটাই শৰীৰতে অতি সুন্দৰ সুন্দৰ অলঙ্কাৰ আৰিলেও ভাল দেখা নহয়, অথচ সুৰুচি থকা তিৰোতাই ভালে-বেয়াই যেই সেই অলঙ্কাৰকে উপযুক্ত পৰিমানে পিন্ধিলে সৌন্দৰ্য ফুটি উঠে, কাব্য শাস্ত্ৰতো অলঙ্কাৰৰ ব্যৱহাৰ তেনেকুৱা। অৰ্থাৎ ভাল ভাল কবি সকলৰ কাব্য অলঙ্কাৰ গৌৰৱত কোনো অংশ নিকৃষ্ট নহয়; কিন্তু ভালকৈ গমি চালেহে অলঙ্কাৰ যে আছে তাক ধৰিব পাৰি। এনেই দেখোঁতে সুন্দৰী কামিনীৰ নিচিনা নিজৰ সৌন্দৰ্য্যতে আৰু নিজৰ সুষমাতে এই ধৰণৰ কাব্য বিলাক পৰিপূৰ্ণ। “কীৰ্তন”তো কোনো অলঙ্কাৰৰ অভাৱ নাই—অথচ অলঙ্কাৰৰ চাকচিক্যই তাৰ ভিতৰত কোনো কদৰ্য্যতা লুকাব- লগীয়া হোৱা নাই, স্বভাৱতে সুন্দৰ পদক ই সুন্দৰতৰ কৰিহে তুলিছে। লোহা, চিচা, ৰূপ, সোণ—যিহৰ তিহৰ অলঙ্কাৰেৰে পূৰ্ণ নগা বা গাৰো তিৰুতাৰ দৰে সংস্কৃতৰ