[৮]
কৰিলেক পৰিস্তুতি সুৰাসুৰ নাগে।
ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে॥
* * * * *
বামণ স্বৰূপে অদিতিৰ বাক্য পালি।
ইন্দ্ৰক থকিলা স্বৰ্গে বলিক নিকালি!
ত্ৰৈলোকক আক্ৰমিলা চৰণৰ গতি।
তযু পাদোদকে গঙ্গা ভৈলা উতপতি॥
আদি কৰি ৰচনা ভাষাৰ গৌৰৱত চিৰকাললৈ গৌৰৱাণ্বিত। সেইদৰে কৃষ্ণ জন্মৰ সেই সুপৰিচিত পদ:—
“কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥
পীত বস্ত্ৰে শোভে আদি শ্যাম কলেৱৰ।
কমল লোচন চাৰু অৰুণ অধৰ॥
* * * * *
ভাগিল নিহাল ভৈলা মেলাল কপাট।
দেখিয়ে যমুনা আপনি দিলা বাট॥
বৰিষে কণিকা মেঘে ওপৰত গাজে।
ফণাযে ধৰিলা ছত্ৰ আসি স্বৰ্পৰাজে॥”
এই বিলাক অতি সাধাৰণ কথা; অথচ বৰ্ণনাৰ মহিমাত কেনে মহিমান্বত, কেনে মধুময়। যেন কোনো পৰ্বতৰ পৰা, স্ফটিক জলৰ নিৰ্ঝৰ ঝৰ-ঝৰকৈ নামি আহিছে।
ভাষাৰ আৰু এটা প্ৰধান গুণ-চমুকৈ, সহজ কথাত কবলগীয়া কথা প্ৰকাশ কৰা, ইয়াকে ইংৰাজী প্ৰবাদত বোলে