পৃষ্ঠা:ভাষণ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২]

 পুথিৰ কথাত মাধৱদেৱে কৈছে:—

“পায় সংসাৰক আমি পাহৰিলোঁ
ইটো মানে থানে গৈল।
আক একেখান কৰিবাক প্ৰতি
পূৰ্বে মোৰ মন ভৈল॥
এতেকে ই ৰাজ্যে আইলো, একেথান
কৰিবেক নাপাৰিলোঁ।
ৰাম চৰ্ণে আক একে ঠাই কৰি
মোৰ যে কাম কৰিল॥”

 পাছত ৰামচৰণে একে ঠাই কৰি যেতিয়া পুথিখন আনি মাধৱদেৱৰ হাতত দিলে, তেতিয়া তেওঁ—

“দেখি পুথিখান, আনন্দিত মন
তাক্ষণে উঠিলন্ত।
শিৰৰ উপৰ পুথিখান ধৰি
আনন্দতে নাচিলন্ত।”

 সেই সময়তে “কীৰ্ত্তন”ৰ কিমান আদৰ আছিল, ইয়াৰ পৰা আমি তাৰ অলপ আভাস পাওঁ। এনেস্থলত আজি যে অসমীয়াই “কীৰ্ত্তন”ত ধৰ্ম্মৰ থাপনা পাতিব তাত আচৰিত কি?

২। কীৰ্ত্তনৰ নাম আৰু তাৰ অৰ্থ:—

 “কীৰ্ত্তন” অসমীয়া বৈষ্ণৱসকলৰ প্ৰধান ধৰ্ম-পুথি। তেওঁবিলাকে কি কাৰণত ইয়াৰ নাম “কীৰ্ত্তন” দিলে তাক