পৃষ্ঠা:ভাষণ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৯]

Brevity is soul of wit. এই সম্বন্ধে গোটাইখন “কীৰ্ত্তনে”ই চিৰ কাললৈ সাহিত্যত আদৰ্শ হৈ থাকিব। দ্বাদশ স্কন্ধৰ ভাগৱতৰ জানিব লগীয়া আটাই খিনি কথা— তাৰ উপৰি ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ আৰু বিষ্ণুপুৰাণৰ কথা ‘কীৰ্ত্তন’ত আউটি যেন গোটা কৰি থৈ দিছে। নৰ নাৰায়ণৰ ৰজাৰ সভাত “হাতী মাৰী ভুৰুকাত ভৰাই” অৰ্থাৎ একে ৰাতিৰ ভিতৰতে “গুণমালা” ৰচনা কৰি যি জনা পণ্ডিতে খ্যাতিলাভ কৰিছিল এজন মহৎ সাহিত্যিকৰ কীৰ্ত্তি তেওঁৰহে সম্ভৱ।

 ৰামায়ণৰ ক্ষুদ্ৰ সংস্কৰণ এটাৰ নমুনা চাওঁক:—

“শ্ৰীৰাম ৰূপে কোশল্যাত অৱতৰী।
বনবাস খপিলা পিতৃৰ বাক্য ধৰি॥
বিৰাট কৱন্ধ মাৰীচৰ লৈলা প্ৰাণ।
খৰ-দূষণক তুমি কৰিলা নিৰ্বান॥
একপাট শৰে বালি সঙ্কলিলা জীৱ।
তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ॥
লঙ্কাত পশিলা সাগৰত বান্ধি সেতু।
বধিলা ৰাৱণ সীতা হৰণৰ হেতু॥
মাৰিলা বনত আৰো ৰাক্ষস অনেক।
ভক্ত বিভীষণক কৰিলা অভিষেক॥
অগ্নিত পৰীক্ষা আনি কৰিলা সীতাক।
ব্ৰহ্মদেৱে স্তুতি বাণী বুলিলা তোমাক॥