পৃষ্ঠা:ভাষণ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৭ ]

কেনে ভয়ঙ্কৰ ৰূপৰ বৰ্ণনা! নৰসিংহই যেন জিভা মেলি দাত নিকটাই খাবলৈহে উঠিছে! ইফালে আকৌ আন এটা ৰূপ :-

“হেন মহা দিব্যবন  দেখিলন্ত ত্ৰিনয়ণ।
দিব্য কন্যা এক আছে তাতে।
কোটি লক্ষ্মী সম নোহে  কটাক্ষে ত্ৰৈলোক্য মোহে
ভণ্টা খেৰি খেলে দুয়োহাতে॥
তপ্ত সুবৰ্ণৰ সম  জ্বলে দেহা নিৰুপম
ললিত বলিত হাত পাৱ।
চক্ষু কমলৰ পাসি  মুখে মনোহৰ হাসি
সঘনে দৰশৈ কাম ভাৱ॥
সোলকে উচ্ছল খোপা  খসে পৰিজাত থোপা
বামহাতে সম্বৰন্ত তাক।
উৰ্দ্ধক ক্ষেপন্ত ভণ্টা  কৰন্ত কটাক্ষ ছটা
লীলা গতি দেখাই ফুৰে পাক॥
কৰ্ণৰ কুণ্ডল দোলে  স্তন হলফল কৰে
গলে ৰত্নমালা জিকি পাৰে।
সুবৰ্ণ কঙ্কণ ধ্বনি  কৰে ৰুন ঝুন শুনি
প্ৰকাশে হৃদয় হেম হাৰে॥
দৰশান্ত কাষ পিঠি  খনো হাসে সমদিঠি
চাহি লাজে চান্ত চকু মুদি।
ভ্ৰমন্ত অনেক ভাৱে  উৰুৱাৱে বস্ত্ৰ বাৱে

ভাষণ⸺২