সমললৈ যাওক

পৃষ্ঠা:ভাষণ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে কৃষ্ণকথা।” ইত্যাদি এই ভনিতা সেই যুগৰ সকলো কবিৰ প্ৰধান আদৰ্শ। পদ, ঝমুৰি, কুসুমমালা, লেচাৰি দুলৰি আদি ছন্দৰ কথাই নাই। শঙ্কৰৰ সময়ত অসমীয়া সাহিত্যৰ যি সুৱৰ্ণময় যুগৰ অৱতাৰণা হল “কীৰ্ত্তন” আছলতে সেই যুগৰ উপযোগী আদি পুথি; আৰু ই অসমীয়া মানুহৰ গৌৰৱৰ কথা যে তেওঁবিলাকে এই পুথিৰ উপযুক্ত আদৰ কৰিব পাৰিছে।

৫। অলঙ্কাৰ শাস্ত্ৰৰ মানত “কীৰ্ত্তন এখন মহাকাব্য

 এই যুগ প্ৰৱৰ্ত্তক পুথিখন আছলতে এখন মহাকাব্য। উৎকৃষ্ট সাহিত্য কি ইয়াৰ এটা সুন্দৰ সমিধান দিয়া কঠিন। এদিন এজন বন্ধুৰ কৈছিল বোলে, “যি টিকি যায় বা যিহে সকলো মানুহৰ মুখে মুখে থাকে সাহিত্যৰ ভিতৰত সেয়ে উৎকৃষ্ট সাহিত্য।” এনে সাহিত্যৰ এটা লক্ষন যে ই মানুহৰ মনত নিভাজ আনন্দ দিব পাৰে। কি গুণত দিব পাৰে তাক বিচাৰি উলিৱা টান। সাধাৰণৰ এই মাপত চাব গলে যে কীৰ্ত্তনৰ পদবিলাক অতি উৎকৃষ্ট সাহিত্য তাক নকলেও চলে। অৱশ্যে সেইদৰে অনেক কুৰুচিপুৰ্ণ গ্ৰাম্য কথাও টিকি আছে। সাহিত্যৰ ফালৰ পৰা নিৰপক্ষ ভাৱে কব গলে, এইবিলাকো আছলতে সৌন্দৰ্য্য বিশিষ্ট— এইবিলাকেও মানব স্বভাৱৰ কোনো নিগুঢ় ভাৱ বা কোনো এটা সাৰ্বজনীন অনুভূতি প্ৰকাশ কৰে; কোনো এটা সত্যৰ আচল প্ৰাণখিনি খুলি দেখুৱায়, ইফালে সি বৰ্তমান