[৩১]
এনেকুৱা ব্যৱহাৰ, শব্দৰ এনে বিচিত্ৰ বিন্যাস আৰু অলেখ, পাতে পাতে, ছত্ৰই ছত্ৰই, অৱশ্যে আমি ভাবিব নালাগে যে কবি সকলে ভাবি চিন্তি চাইহে এই শব্দবোৰ এইদৰে ব্যৱহাৰ কৰে। কবি প্ৰতিভাৰ ই এটা প্ৰধান অঙ্গ।
শব্দ বিন্যাস প্ৰসঙ্গত আমি আৰু এটা কথা উনুকিয়াব লাগে। আমাৰ অনেক বিশ্বাস যে শঙ্কৰদেৱ প্ৰভৃতি “অপ্ৰমাদী পূৰ্ব কবি” সকলে সদাই কথা-বাৰ্ত্তা কোৱাত অসমীয়া শব্দবোৰ ব্যৱহাৰ নকৰিছিল। ই এটা আমাৰ ভূল ধাৰণা। কীৰ্ত্তনৰ ৰচনাৰ পৰা এনে দুটা মান শব্দৰ প্ৰয়োগ দেখুৱা হল:—
“কৃষ্ণৰ কীৰ্ত্তন, নকৰি থাকয়,
আনসে কথা চোবাই।”
“আনন্দে লোতক পৰে ঝৰি,
গেৰি পাৰি বোলে ৰাম হৰি।”
“হস্তি-হস্তিনীক কৰাৱে স্নান,
পীয়াৱে জল গৃহস্থৰ ঠান।”
“কতো উঠি কন্যাক কৰন্ত কাওবাও।”
থিয় দঙ্গা দিয়া পাছে তুমি দামোদৰ।
অনৰ্থ কৰি ফুৰা গোৱালীৰ ঘৰ॥”
“আখাতে থাকিল চৰু দুগ্ধ সৈতে পৰি।”
প্ৰতিটি শব্দৰ কেনে সুসঙ্গত ব্যৱহাৰ, তাকে লক্ষ্য কৰিব লগীয়া।