পৃষ্ঠা:ভাষণ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৩৩]

“এক প্ৰিয় গোপৰ কান্ধত হস্ত থই।
গৰুক গণন্ত কদাচিত ননী লই॥
পিন্ধিয়া গলত গণ্ঠা তুলসী মালাক।
যেবে সেহি বেলাত বংশীৰ দেন্ত ডাক॥
শুনি কৃষ্ণসাৰ হৰিণাৰ ভাৰ্য্যাগণে।
কৃষ্ণৰ সমীপ চাপে উত্ৰাৱল মনে॥”

কৃষ্ণসাৰ মৃগাঙ্গনাসকলৰ এনে ভাৱত আচৰিত হোৱাৰ আৱশ্যক নাই। তেনে হেনে সুমধুৰ বংশীৰ নিঃস্বনত কি জানি সাধুকথাৰ ফকীৰৰ বীনাত গোটেই গাওঁ বিমুগ্ধ হোৱাৰ দৰে গোটেই বিশ্ব উত্ৰাবল হলহেতেন।

 এনে আবেগময় চিত্ৰৰ পাছতে মহাদেৱৰ এটা হাঁহিউঠা চিত্ৰলৈ চাই মনটো পাতলাবলৈ বোধকৰো বেয়া নহব :-

“বহ্নি সংযোগ যেন উথলিল ঘৃত।
দুঃসহ মদন শৰে জৰ্জৰিত চিত্ত॥
একো নেদেখন্ত কামাতুৰ ভৈলা হৰ।
কন্যাক ধৰিবে মন দিলেক লৱঁৰ॥
খটমট কৰি বাজে গলে মুণ্ডমাল।
কঙ্কালৰ সুলকি পৰিল বাঘ ছাল॥”

মহাদেৱৰ এনে হেন মূৰ্ত্তি দেখিতো সুৰাসুৰ সকলো অবাক! আশ্ৰমৰ মাজেদি লৰি যাওঁতে-

“দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰে।
কেহো মুখে বস্ত্ৰ দিয়া পশে অভ্যন্তৰে॥

ভাষণ-৩