ভাষণ/আৰ্য্য ধৰ্ম্ম

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ // ৩৮ // ]
 

আৰ্য্য ধৰ্ম্ম


লোকণাথ ধৰাধীশ বেদ-বেদান্ত কীৰ্ত্তিত।
দেহি মে কৃপয়া শক্তি লোকানাসুপকাৰিনীম্॥
মযা নৰসেবাং কৃত্বা সৰ্বাবস্থাসু সৰ্ব্বদা।
সকলঃ জীৱিতাশ্চাহং কৃত কৃত্যশ্চ নম্মদঃ॥”

“উপজিলা ৰজা হৈয়া
 দৈত্য অসংখ্যাত।
বলৰ দৰ্পত কৰে
 সন্তক বিঘাত।
তাৰ ভাৰ সহিবে
 নপাৰী বসুন্ধৰী।
ব্ৰহ্মাণ্ড শৰণ লৈলা
 ধেনুৰূপ ধৰি॥

 শ্ৰীমদ্ভাগৱতৰ দশমস্কন্ধত কৃষ্ণঅৱতাৰ বৰ্ণনাৰ প্ৰসঙ্গত আদিতে কোৱা হৈছে যে ভগৱতী ধৰিত্ৰীয়ে অসুৰ বিলাকৰ অত্যাচাৰত নিপীড়িত হৈ ধেনুৰূপ ধৰি ব্ৰহ্মাত গোচৰ দিলে— তেওঁৰ ভূভাৰ হৰণ কৰিবলৈ। ব্ৰহ্মায়ো ধৰিত্ৰীক প্ৰবোধ দি পঠালে। আৰু তাৰ পাচত কৃষ্ণৰূপী ভগবান অৱতাৰ হৈ দুষ্টক দমন কৰি সন্তক পালন কৰিবলৈ দিহা লগাই থৈ গ’ল। সেই কথা এক অতীত যুগৰ।
[ ৩৯ ]  ছলিকালত এই কথা পঢ়ি সাধুকথা যেন লাগিছিল। মহাভাৰতৰ ৰামায়ণৰ কথাও কাল্পনিক উপন্যাস বুলি ভাৱ হৈছিল। এইবিলাক আখ্যানৰ ঐতিহাসিক ভেটি থাকক বা নাথাকক, যি যি অৱস্থাত সেই সেই ঘটনা ঘটিছিল সেইবোৰ অৱস্থাযে যুগে যুগে মানুহজাতিৰ ইতিহাসত ঘটি আহিছে তাক এতিয়া বুজিব পৰা অভিজ্ঞতা আমাৰ বয়সৰ মানুহৰ হৈছে।

 বৰ্ত্তমান সময় তেনে এটী যুগ পৰিবৰ্ত্তনৰ সময। বিংশ শতাব্দীৰ আগ ভাগৰ পৰা এই প্ৰায় অৰ্ধ শতাব্দীকাল মানবজাতিৰ ইতিহাসত এটা আমূল পৰিবৰ্ত্তন ঘটিব ধৰিছে, এই পৰিবৰ্ত্তনৰ শেষ ফল কি হয় কোনেও কব নোৱাৰে। অনেকে ভাবে যে এই মহাযুদ্ধৰ ফলত বৰ্ত্তমান প্ৰতীচ্য কৃষ্টিমূলক সভ্যতাৰ নাশ হব, আৰু মানব জাতি এটা ঘোৰ অন্ধকাৰ যুগৰ মাজত সোমাব লাগিব। আন কিছুমানে এই দুৰ্ব্বাৰ যুদ্ধ মহাধ্বংশৰ পাচত এটা শান্তি পূৰ্ণ আৰু সমৃদ্ধিশালী সময়ৰ আশা কৰে। এনে দুশ্চিন্তা আৰু অনিশ্চয়তা পূৰ্ণ সময়ত আমি সকলোৱে আমাৰ নিজৰ নিজৰ বুদ্ধি বৃত্তি অনুসাৰে আমাৰ কৰ্ত্তব্যাকৰ্ত্তব্য এবাৰ এবাৰ বিচাৰ কৰি চোৱা উচিত। কোৱা বাহুল্য যে আমি পাৰিলে সকলোৱে সুখ শান্তি আৰু স্বচ্ছন্দতাত পুত্ৰ পৰিবাৰ লৈ বহি থাকিবলৈ আকাঙ্খা আৰু আশা কৰোঁ।

 বৰ্ত্তমান এই মহাযুদ্ধৰ মূল কাৰণ ভাবিবলৈ গলে এটা কথাত ওলাব— অৰ্থলোভ। অৰ্থলোভ নিজৰ কৰণে, নিজৰ [ ৪০ ] বিলাসৰ কাৰণে, নিজৰ ভোগৰ কাৰণে। এই লোভৰ সীমা নাই। শ-পতিয়ে হাজাৰ আকাঙ্খা কৰে। হাজাৰ-পতিয়ে লক্ষ, লক্ষ-পতিয়ে কোটি ইত্যাদি। এই আকাঙ্খাৰ আগত ভাল-বেয়া, সৎ-অসৎ, নীতি-অনীতি— একোৰে স্থান নাই। এই দুপুৰ অনলৰ নিছিনা অৰ্থ তৃষ্ণাই মানুহৰ মনৰ উচ্ছ বৃত্তি সমুহক পুৰি ছাই কৰে; এই দুৰ্ব্বাৰ আকাঙ্খাৰ হেচাৰ তলত পৰি মানুহৰ সুকুমাৰ বৃত্তি সমূহ ভাঙি চুৰমাৰ হৈ যায়। ইয়াৰ শেষ নাই। এয়ে “দানবোশ্বা বাধা” ‘ধৰ্ম্মৰ গ্লানি, অধৰ্ম্মৰ অভ্যুত্থান। এই বাধা গুচাবলৈ এই গ্লানি দূৰ কৰিবলৈ আৰু ধৰ্ম সংস্থাপনৰ অৰ্থে আমাৰ শাস্ত্ৰমতে ভগবন্তৰ যুগে যুগে অৱতাৰ হয়। আন জাতিৰ শাস্ত্ৰতো এনে এটা আশীষ বাণী দেখা যায়। তেওঁলোকেও বিশ্বাস কৰে যে জগতত চিৰকাল দুৰ্নীতি আৰু দানৱতাৰ তাণ্ডব লীলা চলি থাকিব নোৱাৰে। প্ৰচণ্ড ধুমুহাৰ পাচত আকাশ মুকলি হোৱাৰ দৰে, নানা প্ৰকাৰ অনাচাৰ অত্যাচাৰৰ ক্ৰিয়াৰ পাছত জগতত ধৰ্মৰাজ্য বিস্তাৰ হয়।

 আমাৰ শাস্ত্ৰতনো মানৱ জাতিয়ে কি প্ৰকাৰে এনে অৱস্থাৰ পৰা মুক্ত হৈ থাকিব পাৰে তাৰ অৰ্থে কি উপদেশ দিছিল। আমাৰ ধৰ্মই নো এই জটিল সমাজ শৃঙ্খল হৈ চলিবলৈ কি উপায় উলিয়াইছিল, তাৰ আলোচনা আজিৰ এই সংকট সময়ত অতি উপযোগী বুলি মই ভাবোঁ।
[ ৪১ ]  আৰ্য্য শব্দৰ অৰ্থ শ্ৰেষ্ঠ; ব্যুৎপত্তিগত অৰ্থ মূলত যি কি নাথাকক। সেই দেখি আৰ্য্য ধৰ্ম হিন্দু ধৰ্ম বুলিলে সাধাৰণতে যি বুজা যায় অকল সেই কথাই নহয়। আৰ্য্য ধৰ্মৰ অৰ্থ এই— প্ৰাচীন কালত আৰ্য্যসকলে যি ধৰ্ম আচৰণ কৰি নিজৰ নিজৰ আৰু নিজৰ সমাজৰ সংৰক্ষণ আৰু উন্নতি কৰিছিল সেই বিলাক আচৰণ, সেই বিলাক অনুষ্ঠান। ধৰ্ম্ম শব্দটোৰ অৰ্থ মই অলপ পাছতেই কৈছোঁ। বুৰঞ্জীৰ মতে আৰ্য্যবিলাকৰ বাসস্থান কেৱল ভাৰততে আৱদ্ধ আছিল। কিন্তু পাচলৈ আৰ্য্য আৰু আৰ্য্যবৰ্ত্ত আদি শব্দই ভাৰতৰ অধিবাসী আৰু ভাৰতবৰ্ষ দেশকে প্ৰধানতঃ বুজাই আহিছে। ইয়াতো ভাৰতৰ প্ৰাচীন ঋষিমুনি সকলে সমাজ তথা ৰাজ্য শাসনৰ কি ব্যৱস্থা কৰি প্ৰজা পালনৰ কি দিহা দিছিল আৰু ব্যক্তিগত জীৱনৰ সুখ শান্তি বিধানৰ কাৰণে কি উপায় উলিয়াইছিল— এই কথা সংক্ষেপ কৰি আলোচনা কৰিব খুজিছোঁ।

 ইংৰাজী শিক্ষাৰ ফলত এটা কথা হৈছে যে আমি বিশেষ কৰি হিন্দুবিলাক “ধৰ্ম্ম” শব্দটো শুনা মাত্ৰকতে ভয় খাওঁ। আমি ভাবোঁ ধৰ্ম্ম, অৰ্থ, পূজা, শ্ৰাদ্ধ, ফুল নৈবেদ্য, কাপোৰ, দক্ষিণা আৰু শেষত অৰ্থ-গৃধু, চতুৰ বুদ্ধিৰ ব্ৰাহ্মণ। মুছলমান সমাজতো আৰু খৃষ্টান সকলৰ মাজতো গুৰু-পুৰোহিতৰ প্ৰতি এনে অৱজ্ঞা আৰু অসুয়া পূৰ্ণ ভাৱৰ অভাৱ নাই। এনে ভাৱৰ কাৰণ নাই বুলিও মই কব খোজা নাই। কিন্তু সেই কথা আজিৰ আলোচ্য নহয়। শাস্ত্ৰত ধৰ্ম্ম শব্দৰ অৰ্থ বৰ ব্যাপক।


[ ৪২ ]

“প্ৰভাবাৰ্থায় ভূতানাং ধৰ্ম্ম প্ৰবচনম্ কৃতম্।
যঃ স্যাৎ প্ৰভব-সংযুক্তঃ স ধৰ্ম্মৰিতি নিশ্চযঃ”'॥

[মহাভাৰত শান্তি পৰ্ব।

ভূতবিলাকৰ (of all beings) প্ৰভাৱ বা উন্নতিৰ অৰ্থে ধৰ্ম্ম এই কথা কোৱা হৈছে। যি প্ৰভৱ-সংযুক্ত সেয়ে ধৰ্ম্ম। ই নিশ্চয।

 এনে ধৰণৰ কথা আমাৰ শাস্ত্ৰত অলেখ। মহাভাৰত নিজেই অনেক শাস্ত্ৰ আৰু উপদেশৰ এখন মহাসাগৰ। তাৰ ভিতৰত শান্তি পৰ্বত নানা প্ৰকাৰ নীতি আৰু উপদেশৰ সাৰ সংকলন আছে।

 এই ধৰ্ম্মৰ সাধন প্ৰণালী সাধাৰণৰ পক্ষে আচাৰ-ব্যৱহাৰ। “আচাৰ প্ৰভৱো ধৰ্ম্মঃ আচাৰাৎ মুক্তি মাপ্লযাৎ”— এনেকুৱা বচনে অনুষ্ঠান আৰু ক্ৰিয়াৰ মূল্যৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষণ কৰে। এইটো হৈছে, সাধাৰণ লোকৰ পক্ষে। প্ৰতিজন মানুহে জ্ঞান বিজ্ঞান যুক্ত হৈ নিজৰ নিজৰ কাৰণে কোনো এটা মাৰ্গ বা পথ বিচাৰি উলিযাব নোৱাৰে। সমাজবিধি কৰ্ত্তাসকলে সকলো মানুহ কি অৱস্থাত থাকি কি আচাৰ ব্যৱহাৰ পালন কৰি কি খাদ্যাখাদ্য খাই প্ৰাণ-ধাৰণ কৰিব আৰু জীৱন স্বাস্থ্য আৰু শান্তি আৰু স্বচ্ছন্দতাৰ মাজত নিয়াব পাৰিব তাৰ ব্যৱস্থা কৰে। আজিকালিৰ সমাজতো কৰে আৰু পূৰ্ব্ব পূৰ্ব্ব সমাজতো কৰিছিল। সকলো সমাজব্যবস্থাপক তথা [ ৪৩ ] ৰাজ্য-পালসকলৰ মুখ্য উদ্দেশ্য হব লাগে প্ৰজা-পালন। প্ৰজা-পালন অৰ্থ দোৰ্দণ্ড প্ৰতাপেৰে শাসন কৰা বা মানুহক ভয় আৰু অভাৱৰ বলত ৰাখি নিৰ্জীৱ শান্ত অৱস্থাত ৰখাই নহয়। পালন অৰ্থে ৰক্ষণ। যাৰ যি ভাল আছে তাক ৰাখিব লাগে। যাৰ যি বেয়া আছে তাক গুচাব লাগে। যাৰ দৈন্য আছে তাৰ দৈন্য গুচাব লাগে। যাৰ প্ৰাচুৰ্য্য আছে তাৰ পৰা দীনক দিয়াবৰ উপায় কৰিব লাগে। জীৱনত আনন্দ লাগে, নিৰ্ভয়তা লাগে, উৎসাই লাগে, আকাঙ্ক্ষা লাগে। বলীয়ে নিৰ্ব্বলক সহায় কৰিব লাগে; উৎপীড়ন কৰিলে বলৰ অপব্যৱহাৰ হয়। বিজ্ঞজনে অজ্ঞজনক সজশিক্ষা দিব লাগে; বুদ্ধি ভ্ৰংশ কৰালে নিজৰ আৰু সমাজৰ অপকাৰ কৰা হয়। ধনবন্তই নিৰ্ধনীক উপাৰ্জনৰ বাট দেখুৱাই দিব লালে; শোষণ কৰিলে নিজ বুদ্ধিৰ নিজৰ সামৰ্থ্যৰ সদ্ ব্যৱহাৰ কৰা নহয়। এই প্ৰকাৰে সকলোৱে মিলি জুলি সংঘবদ্ধ হৈ পৰস্পৰে পৰস্পৰৰ হিতৰ অৰ্থে জগতৰ গতি নিয়ত কৰিব লাগে।

 ইয়াকে কৰিব নোৱাৰাৰ পৰা, অথবা এই লক্ষলৈ মন নকৰি নিজৰ নিজৰ সংকীৰ্ণ আৰু ক্ষুদ্ৰ স্বাৰ্থৰ অৰ্থে সকলোৱে যত্নপৰ হোৱাৰ পৰা সমাজত নানা প্ৰকাৰ দুৰ্গতি, দুৰ্নীতি, নিৰ্যাতন আৰু ভীতি সমূহৰ উৎপত্তি হৈছে। শৰীৰ ভালে থাকিবলৈ শৰীৰৰ প্ৰতি অঙ্গ ভালে থাকিব লাগে। সমাজ ভালে থাকিবলৈ সমাজৰ প্ৰতিজন লোক কুশল [ ৪৪ ] অৱস্থাত থাকিব লাগে। আৰু জগত ভালে থাকিবলৈকে প্ৰতি সমাজ, প্ৰতি জগৎবাসী পৰস্পৰে পৰস্পৰৰ প্ৰতি মৈত্ৰী, প্ৰীতি আৰু সহানুভূতিশীল হব লাগে।

 এনে সৰল, সুন্দৰ, স্নেহশীল জীৱন তথা সমাজ গঠনৰ কাৰণে আমি তলত দিয়া প্ৰশ্ন কেইটা গভীৰ ভাৱে বিবেচনা কৰি চোৱা আৱশ্যক।

 (১) জীৱনৰ লক্ষ্য কি অৰ্থাৎ আমি কি কৰিবলৈ জীয়াই আছো আৰু জী থাকিবলৈ ইচ্ছা কৰো। (২) ইয়াৰ বাবে আমাৰ জীৱনটোক কি প্ৰকাৰে নিয়ন্ত্ৰণ কৰা উচিত।

 আৰু [৩] প্ৰতিজন মানুহে কি প্ৰকাৰে চলিলে আমি নিজে আৰু আন সকলোৱে সুখ শান্তিত থাকি, অভাব আৰু ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰিমহঁক। প্ৰেসিডেণ্ট ৰুজভেল্টে তিনি প্ৰকাৰ মুক্তি কামনা কৰে— জগৎবাসী লোকৰ পক্ষে— তাৰে দুৰকম হৈছে ভয়ৰ পৰা মুক্তি, অভাৱৰ পৰা মুক্তি।

 আৰ্য্য ধৰ্ম্মৰ ব্যৱস্থাপক সকলে এই বিলাক সমস্যা-সাধনৰ কাৰণে তিনিটা উপায় বিধান কৰি গৈছে। প্ৰথম চতুবৰ্গ, দ্বিতীয়— চতুৰ্বৰ্ণ, আৰু তৃতীয় চতুৰাশ্ৰম। সংক্ষেপতে ইয়াক বৰ্ণাশ্ৰম ধৰ্ম্ম বোলা হয়। এই বৰ্ণাশ্ৰম ধৰ্ম্মৰ কথা মই যি বুজিব পাৰিছো তাৰে চমু আলোচনা ইয়াত কৰিব ইচ্ছা কৰিছো।
[ ৪৫ ]  চতুৰ্বৰ্গ হৈছে ধৰ্ম্ম,-অৰ্থ,-কাম-মোক্ষ। ধৰ্ম্ম শব্দৰ অৰ্থ আগত অলপ আলোচনা কৰা হৈছে। কৰ্ত্তব্য, সদাচাৰ, ক্ৰিয়াপতুতা, আদি কথাবিলাক এই অম্বয়ৰ ভিতৰত পৰে। অৰ্থ শব্দৰ অৰ্থ হৈছে জীবিকা নিৰ্ব্বাহ কৰিবৰ উপায় কৰি তাৰ পৰা ধনাদি সম্পত্তি সংগ্ৰহ আৰু তাৰ ভোগ। টকা কৰি, ঘৰদুৱাৰ, যান বাহন, মাটি-সম্পত্তি, পুত্ৰ-পৰিবাৰ, ভৃত্য-পোষ্য, বিলাসৰ উপকৰণ, ভোগৰ সামগ্ৰী— এই সকলো বিলাক অৰ্থ। আমি নানাজনে নানাৰকমে অৰ্থ উপাৰ্জ্জন কৰোঁ। কিন্তু অৰ্থৰ প্ৰকৃত ব্যৱহাৰ আমি খুব কমহে জানো। শাস্ত্ৰত আমি পাইছো

“আত্মানং ধৰ্ম্ম কৃত্যঞ্চ পুত্ৰ দাৰামাম্ চপীড়য়ম্।
মোহাদ্ মঃ প্ৰবিনোত্যৰ্থং সকদৰ্য্য ইতি স্মৃতঃ॥”

[শ্ৰীধৰ স্বামীৰ টীকা।

আকৌ “পঞ্চধা বিভজেৎ অৰ্থং যশায় চ সুখায় চ।
 ধৰ্ম্ম সঞ্চয় পৰেভ্যঃ তদৰ্থং সদুপাৰ্জিতম্॥”

[ভাগৱত ৭ম স্কন্ধ।

“ধৰ্মাৰ্থ কাম মোক্ষানাং প্ৰাণাঃ সংস্থিতি হে এব” কথাষাৰ আমাৰ সকলোৰে মুখে মুখে। ইয়াৰ বহল বাখ্যা নিস্প্ৰয়োজন।

 কাম শব্দেটোৰ অৰ্থ বিপৰ্য্যয় ঘটিছে। এতিয়া এই শব্দৰে আমি ভোগৰ আকাঙ্খা মাত্ৰ বুজো। কিন্তু কম্ ধাতুৰ মূলগত অৰ্থলৈ চালে কাম শব্দৰ প্ৰকৃত তাৎপৰ্য্য ধৰিব পাৰি। যিহক কামনা কৰা যায় সেয়ে কাম্য। যিয়েই কমনীয়, যিহে কান্তি দিয়ে সেই সকলোবিলাক “কাম”ৰ ভিতৰত পৰে। [ ৪৬ ] মুঠতে কলা বিদ্যা, সুকুমাৰ শিল্প আদি শব্দেৰে যি বুজা যায় “কাম” সমষ্টিগত সেই অৰ্থত ব্যৱহৃত হৈছে। বাৎস্যায়ণ প্ৰভৃতিৰ কাম সূত্ৰত এই কথাবিলাক স্পষ্ট ভাৱে উল্লেখ আছে। শেষত মোক্ষ হ’ল সকলো সাংসাৰিক চেষ্টাৰ পৰম ফল। সংসাৰ বন্ধনৰ পৰা, মোহ দ্বেষাদিৰ পৰা, সুখ দুখ জ্ঞান আদিৰ পৰা মুক্তি।

 এই চাৰিবিধ মানুহৰ পুৰুষাৰ্থ। ধৰ্ম-অৰ্থ-কাম-মোক্ষ এই পুৰুষাৰ্থৰ লাভৰ কাৰণে মানুহে মানুহৰ জীৱন আৰু সমাজ নিয়ন্ত্ৰিত কৰি চলিব লাগে। ধৰ্ম শাস্ত্ৰ বিলাকত আমাৰ জীৱন নিয়মিত ৰূপে চলাবলৈ উপযোগী উপদেশ দিয়া আছে। মনু সংহিতা মানব ধৰ্ম শাস্ত্ৰ; অৰ্থাৎ মানুহে কি প্ৰকাৰে চলিলে চতুৰ্বৰ্গ, চাৰি পুৰুষাৰ্থ লাভ কৰি জীৱন নিয়াব পাৰে তাৰ উপদেশ দিয়া আছে।

 চাৰি পুৰুষাৰ্থৰ অৰ্থ বুজি তাক লাভ কৰিবৰ উপায়— ব্যক্তিগত জীৱনৰ শিক্ষা আৰু সমাজ বন্ধন। শিক্ষা অৰ্থত বহল ভাৱে গোটাই জীৱনৰ সকলো কৰ্তব্য কাৰ্য্যকে বুজোৱা হৈছে। ইয়াৰ কাৰণে জীৱন কালক চাৰিটা আশ্ৰমত ভগোৱা হৈছে, ব্ৰহ্মচৰ্য্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস। এই চাৰি আশ্ৰমৰ কথা সকলোৱে কিছু নহয় কিছু জানে। প্ৰতি আশ্ৰমৰ কাল, কৰ্ত্তব্য আদি ধৰ্মশাস্ত্ৰবিলাকত বিশেষ ভাৱত দিয়া আছে। উপনয়ন অৰ্থ গুৰু-গৃহলৈ শিষ্যক বা ছাত্ৰক নিয়া। এই বিলাক সাধাৰণ সকলো মানুহেই জানে। অন্ততঃ বাৰ [ ৪৭ ] বছৰ কাল গুৰুৰ গৃহত থাকি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। গুৰুৰ ঘৰত গুৰুৰ গৃহস্থালীৰ সকলো কামকে কৰিব লাগে। তাত দেখি শুনি হাতে হাতে শিক্ষা হয়। সৰু বৰ নাই। সন্দীপনি মুনিৰ ঘৰত কৃষ্ণ আৰু সুদামৰ কথাই তাৰ জ্বলন্ত উদাহৰণ। গুৰুক সেই যুগত কেনেদৰে ভক্তি আৰু শ্ৰদ্ধা কৰিছিল আযুধৌম্য গুৰুৰ ঘৰত বেদ, আৰুণি আৰু উপমতাৰ উপখ্যানতে আমি বিচাৰি পাওঁ। শিক্ষাৰ উপায়— “হদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেবায”— গীতা ৪/৩৪। এই বিলাক কথা অলপ ভাবি চালেই স্তম্ভিত হব লাগে যে আজিকালিৰ কুৰি শতিকাৰ শিক্ষা বিজ্ঞানে যিবিলাক কথা কয় সেই বিলাক আচাৰ সেইবিলাক প্ৰনালী ব্ৰহ্মচৰ্য্যৰ কাৰণে মুনি ঋষি সকলে নিৰূপন কৰি থৈ গৈছিল। পাচৰ যুগত অৱশ্যে আন আন প্ৰকাৰৰ শিক্ষানুস্থান উদ্ভৱ হোৱা দেখা যায়। কিন্তু আৰ্য্য ধৰ্ম্মৰ ব্যৱস্থাপকসকলৰ মূল উদ্দেশ্য সেইটো নাছিল।

 প্ৰাচীন আৰ্য্য শাস্ত্ৰ বিহিত চাৰি পুৰুষাৰ্থ আৰু চাৰি আশ্ৰমৰ বিযয মতদ্বৈধ বৰ নাই। সকলোৱে স্বীকাৰ কৰে যে সময় চাই আৰু সমাজ চাই এই দুইবিধ চতুৰাশ্ৰয় কাৰ্য্যকৰী হোৱা সম্ভৱ। কিন্তু চতুবৰ্ণলৈ আজি কালিৰ বিশেষ পশ্চিমীয়া, শিক্ষিত লোকসকল প্ৰাযেই আৰ্য্য ধৰ্ম্মৰ ব্যৱস্থা নিন্দা কৰে। এই নিন্দাৰ মূলত বৰ্ণ শব্দটো আৰু পৰৰ্ব্বতী-যুগত কৰা তাৰ অৰ্থটো। চাৰিবৰ্ণ শব্দৰ পৰা আমি [ ৪৮ ] আজি কালি ব্ৰাহ্মণ-ক্ষত্ৰিয়, বৈশ্য-শূদ্ৰ এই চাৰি জাতি বুজো, আৰু এই জাতি জন্মগত অধিকাৰ বুলি ভাবো। ইয়াত মই জাতি ভেদৰ দোষ-গুণ বিচাৰ কৰিব খোজা নাই। কেৱল চাৰিবৰ্ণ শব্দ আৰ্য্য ধৰ্ম প্ৰতিষ্ঠাতাসকলে আদিতে যি অৰ্থত ব্যৱহাৰ কৰিছিল তাৰ কথাহে কব খুজিছোঁ।

“চাতুৰ্বন্যং ময়াসৃষ্টং গুণকৰ্ম বিভাগশঃ।
তথ্য কৰ্তাৰমপি মাং বিদ্ব্যকৰ্তাৰমব্যয়ম॥” ৪।১৩

তাৰ আগৰ পাছৰ শ্লোক দুটামান অলপ চাবলগীয়া।

যে যথা মাং প্ৰপদ্যন্তে তাংগুণৈব ভজাম্যহম্।
মম বৰ্ত্মানুবৰ্তন্তে মনুষ্যাং পাৰ্থ অৰ্বশঃ॥ ৪।১১
কাঙ্ক্ষন্তঃ কৰ্মণাং সিদ্ধিং যজন্ত ইহ দেবতাঃ॥
ক্ষিপ্ৰং হি মানুষে লোকে সিদ্ধিৰ্ভবতি কৰ্মৰ্জা॥ ৪।১২
ন মাং কৰ্মানি নিশান্তি নমে কৰ্মফলে স্পৃহা।
ইতি মাং যোহভিজাতি কৰ্মভিৰ্ন য বদ্ধ্যতি॥ ৪।১৪

ইয়াত ভগবানে কৈছে যে গুণ আৰু কৰ্মৰ বিভাগ অনুসৰি তেৱেই চাৰিবৰ্ণ সৃষ্টি কৰিলে। তাৰ পূৰ্ব্বে কলে যে যি যেনেকৈ মোক পাব খোজে তাক মই সেইদৰে ভজোঁ বা তাক সেইদৰেই মোৰ আৰধনা কৰিবলৈ দিওঁ। অৰ্থ এই যে এই চাৰিবৰ্ণ হ মই বিভাগ কৰি দিয়া গুণ কৰ্ম অনুসৰি কাৰ্য কৰিলেই মোক পাব পাৰে।

ন বিশেৰোহন্তি বৰ্ণামাং সৰ্বম্ ব্ৰহমমিদমজগৎ।
ব্ৰহমণা পূৰ্ব্ব সৃষ্টং হি কৰ্মভিৰ্বৰ্ণতাংগতঃ।

[মহাভাৰত শান্তিপৰ্ব্ব।

[ ৪৯ ]

এনেকুৱা শাস্ত্ৰ বচন ভূৰি ভূৰি পোৱা যায়। ইয়াৰ পৰা প্ৰতীতি হয় বৰ্ণ ধৰ্ম সঙ্কীৰ্ণ কৰি— “জাতি”ৰ অৰ্থত ব্যহৱাৰ হোৱা নাছিল। কৰ্ম্ম ব্যৱসায় জীৱিকাৰ্জনৰ উপায়— এনেকুৱা অৰ্থত হে বৰ্ণ শব্দ প্ৰথম ব্যৱহাৰ হয়। “জন্মনা জায়তে শূদ্ৰঃ সংস্কাৰাৎ দ্বিজ উচ্যতে।” ইত্যাদি শাস্ত্ৰ বাক্যয়ো বৰ্ণ শব্দৰ অৰ্থ যে জাতি নাছিল এই কথাকে সমৰ্থন কৰে। চাৰিবৰ্ণৰ কৰ্ত্তব্য বিলাক ভগাই দিয়া আছে। তাক সকলোৱে জানে। ব্ৰাহ্মণৰ অধ্যয়ন, অধ্যাপনা, দান, তপ-যজ্ঞ আদি কৰ্ত্তব্য। কিন্তু ধন ঘটা আৰু ধন সঞ্চয় কৰা তেওঁলোকৰ ধৰ্ম্ম বিৰোধী। ক্ষত্ৰিয়ৰ প্ৰজা পালন ধৰ্ম্ম। বৈশ্যৰ ধৰ্ম্ম ব্যৱসায় আৰু অৰ্থোপাজন। আৰু শূদ্ৰৰ কৰ্ত্তব্য সমাজ-ৰক্ষণৰ এইবোৰ অৱশ্য কৰ্ত্তব্য কৰ্ম্মত আন তিনি বৰ্ণক সহায় কৰা। অলপ বিবেচনা কৰিলেই বুজা যাব যে যদিহে বৰ্ণ বা জাতি জন্মগত নহই ব্যৱসায় আৰু গুণত হয়— গুণ কৰ্ম বিভাগশঃ— হয় তেনেহলে কোনো সমাজেই এই চাৰিবিধ লোক নোহোৱা কৰি তিস্থি থাকিব নোৱাৰে। আৰু সকলো সমাজ ব্যৱস্থাতে এই চাৰি শ্ৰেণীৰ লোক থাকিবই লাগিব।

 এয়ে সংক্ষেপতে বৰ্ণাশ্ৰম ধৰ্ম্ম।

 এতিয়া প্ৰশ্ন হৈছে,— প্ৰথম, এই বৰ্ণাশ্ৰম ধৰ্ম্ম আচৰণৰ পৰা প্ৰাচীন আৰ্য্য সমাজ কি ভাল হৈছিল, আৰু দ্বিতীয় যদি এই বৰ্ণাশ্ৰম প্ৰথা ইমানেই সমাজৰ উপযোগী আছিল, তেনেহলে আৰ্য্য-সমাজৰ বা হিন্দু-সমাজ আজি ইমান অনুন্নত হল কিয়?
[ ৫০ ]  চাৰি পুৰুষাৰ্থৰ কথা নকওঁ। জীৱনৰ উদ্দেশ্য লৈ এই চাৰিপুৰাষাৰ্থৰ বাহিৰেও আন আন কথা কব পাৰি; অথবা সকলো কথাকে এই চাৰিবৰ্গৰ ভিতৰত পেলাব পাৰি। বৰ্ণাশ্ৰম ধৰ্ম্মৰ দোষ গুণ উভয়ে আছে। আদিতে যে এই ধৰ্ম্মই প্ৰতিজন মানুহৰ জীৱন সুনিয়মিত কৰি দি জীৱনত সুশীলতা আৰু সমাজত সুশৃংখলতা ৰক্ষা কৰিছিল ইয়াক সহজতে বুজা যায়। ছলি এটা জন্মিলেই কেতিয়া কি কৰিব লাগিব, কোন সময়ত পঢ়িব, কোন বয়সত পঢ়া শেষ কৰিব লাগিব, কেতিয়া বিয়া কৰাব, গাৰ্হস্থ্য জীৱন অতিবাহিত কৰি কেতিয়া বানপ্ৰস্থ অৱলম্বন কৰিব ইত্যাদি কথাত কাৰো একো ভাবিবলগীয়া নাছিল। “পঞ্চাশোৰ্ধে বনং ব্ৰজেৎ”। আজিকালিৰ পেঞ্চন লোৱাৰ নিচিনা। তাৰ পাছত সন্ন্যাস। সকলো কাৰ্য্য পৰিত্যাগ কৰি ঈশ্বৰ চিন্তা।

 সেইদৰে বৰ্ণধৰ্ম্মতো শিক্ষা সাং কৰি কি কৰিব লাগিব বুলি কাৰো বিমোৰত পৰাৰ আৱশ্যক নাছিল। সকলোৰে কাৰণে বৰ্ণ বা ব্যৱসায় নিৰূপিত আছে। নিজে নিজৰ ব্যৱসায় লৈ থাকিলেই জীৱন যাত্ৰাৰ কাৰণে ভাবিবলগীয়া একো নাছিল। অৱশ্যে নানান কাৰণত পৰবৰ্তী সময়ত এই ব্যৱস্থা ভাল ভাৱত চলিব নোৱাৰা হ’ল; বিশেষকৈ বৰ্ণ যেতিয়া জাতি হ’ল আৰু ব্যৱসায় হিচাবত বৰ্ণ নহৈ জন্মৰ দ্বাৰা জাতি নিৰ্ণীত হবলৈ ধৰিলে। তেতিয়া বিশিষ্ট [ ৫১ ] বুদ্ধিমন্ত লোকৰ পক্ষে “বৰ্ণ” নিজৰ বৃত্তিৰ সহায়ক নহই, উন্নতিৰ বাধক হ’ল। কিন্তু যি সময়ত আৰু যেতিয়ালৈকে আৰ্য্য ধৰ্ম্ম বিহোঁতাসকলৰ উদ্দেশ্যলৈ মন ৰাখি এই ব্যৱস্থা বিলাক চলি আছিল, তেতিয়ালৈ এই ব্যৱস্থাবিলাক সমগ্ৰ সমাজৰ কাৰণে বিশেষ উপকাৰী আৰু উপযোগী আছিল।

 সকলো ব্যৱস্থাকে বলবৎ ৰাখিবৰ কাৰণে ৰাজশক্তিৰ আৱশ্যক। ৰাজশক্তিৰ ৰক্ষণ ব্যতিৰেকে কোনো ব্যৱস্থা বহুদিনলৈ থাকিব নোৱাৰে। ক্ৰমে ক্ৰমে ভাৰতভূমিত ৰাজশক্তি এনে লোকৰ হাতলৈ গ’ল যি সকলে পূৰ্বৰ বিধানত শ্ৰদ্ধা পোষণ কৰিবলৈ এৰিলে। ক্ৰমে ক্ৰমে আগৰ আচাৰ বিলাক নামত পালন কৰা হল। তাৰ অৰ্থ নুবুজা হল, প্ৰকৃত নিয়ম বোৰ শিথিল হৈ আছিল। উদাহৰণ স্বৰূপে ইয়াত উল্লেখ কৰিব পাৰি যে উপনয়ন বা ব্ৰাহ্মনৰ দ্বিজাতিৰ প্ৰধান অনুষ্ঠানটো আজি কালি মাত্ৰ লৌকিকতাত পৰিবৰ্ত্তন হৈছে। ঐতিহাসিক কাৰণতো আৰু আচৰণৰ শিথিলতাতো ৰাজশক্তিও আনৰ হাতত গল। জাতি তথা সমাজ ব্যবস্থাৰ অধঃপতন ঘটিল।

 আমাৰ সমাজত যিবিলাক দুখৰ উদ্ভৱ হৈছে তাৰ মূল কাৰণ দুটা বুলিব পাৰি— (১) কৰ্মহীন জীৱন আৰু (২) অৰ্থৰ বৈষম্য। আমাৰ মাজত এনে এক শ্ৰেণীৰ মানুহৰ উদ্ভৱ হৈছে যিবিলাকৰ নিৰ্দিষ্ট কাম নাই। তেওঁলোকে [ ৫২ ] কোনো প্ৰকাৰে খাই বৈ থাকে; কোনো এটা উদ্দেশ্যলৈ কোনো কামকে কৰিব নোৱাৰে বা কৰিবৰ দিহা নাপায়। তেওঁলোকৰ পৰা সমাজত অশান্তিৰ সৃষ্টি হয়। দ্বিতীয় কথাটো এই যে কোনো মানুহ বৰ ধনী বা সম্পত্তিশালী আৰু কোনো কোনোৱে দিন-ৰাতি খাটিও পেটৰ ভাতকে মুকলি কৰিব নোৱাৰে। এই দুয়োটা সমস্যাকে আৰ্য্য ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থাৰ দ্বাৰা সমাধান কৰা হৈছিল।

 কিন্তু সম্পূৰ্ণৰূপে আজি কালি বৰ্ণাশ্ৰম ধৰ্ম পুনৰ স্থাপন কৰিবলৈ গলে আমি এই কাৰ্য্যত কৃতকাৰ্য্য হব নোৱাৰিম। আজি কালিৰ সমাজৰ অৱস্থা আৰু এই পৰিবৰ্ত্তনৰ পাছত মানুহৰ ভাৱধাৰাই কি ৰূপ গ্ৰহণ কৰিব— এইবিলাক ভালদৰে ভাবিচিন্তি চাইহে আমাৰ কৰ্ত্তব্য নিৰ্ধাৰণ কৰিব লাগিব।

 আজিকালি স্থাপিত হোৱা অনুষ্ঠান বিলাকে কৰিব লগীয়া কণা অনেক আছে আৰু বহুত কাম ইতিমধ্যে আৰম্ভ কৰি দিছেও। মই ইয়াত মাত্ৰ সামান্যভাৱে কেইটিমান বিষয়হে আলোচনা কৰিব খুজিছোঁ।

 বিদ্যাৰ প্ৰতি আমাৰ দেশত বৰ আগ্ৰহ আছিল; আৰু বিদ্যাৰ পৰাই ধৰ্মাৰ্থ এই তিনি পুৰুষাৰ্থ সিদ্ধ হৈছিল।

“বিদ্যা দদাতি বিয়ং বিনয়াদ যাতি পাত্ৰতাম।
পাত্ৰতাদ্ ধনমাদপ্ৰাতি ধনাদ্‌ধৰ্মঃ ততঃ সুখম॥”

বিদ্যাই— “শ্ৰিয়ঃ প্ৰদুগ্‌ধে বিপদং ৰুণদ্ধি যশাংসি সুতে
মলিনং প্ৰমাৰ্ষ্টি।

[ ৫৩ ]

সংস্কাৰ শৌচেন নৰং পুণীতে শুদ্ধাহি ভূমিঃ ঝিল কল্মধেমঃ”—

আৰু মাতেব ৰক্ষতি পিতেব হিতে নিযুংক্তে
 কান্তেব চাপি ৰময়ত্যপমীয় খেদম্।
লক্ষ্মীং তনোতি বিতনোতি চদিক্ষু
 কীৰ্তিং কিং কিং ন সাধয়তি কল্পলতেৰ বিদ্যা।

বিদ্যাবিহীন পশু। কিন্তু—

যস্য নাস্তি বিবেকন্তু কেবলং যো বাহুশ্ৰুতঃ।
 ন স জানাতি শাস্ত্ৰাৰ্থাম্ দৰ্বী পাকৰ সানিব॥

সেই দেখি শাস্ত্ৰ পঢ়িও মানুহ মুৰ্খ হৈ থাকিব পাৰে। যি শাস্ত্ৰৰ উপদেশ কামত খটাই, যি ক্ৰিয়াবান সেয়েহে পুৰুষ।

পঠকঃ পাঠকশৈব যে চান্যে শাস্ত্ৰ পাঠকাঃ।
 সৰ্বে ব্যসনিনো জ্ঞেয়া যঃ ক্ৰিয়াবান্ স পণ্ডিতঃ॥

—মহাভাৰত তৃতীয়

সেইদেখি চৰিত্ৰ কৰ্ত্তব্য নিষ্ঠা গুণত আমাৰ শাস্ত্ৰই বিশেষ মন দিছিল—

“সাবিত্ৰীমাদ্ৰ সাৰোহপি বৰং বিপ্ৰঃ সুখং ত্ৰিতঃ॥
নায়ন্ত্ৰিতস্ত্ৰিবেদোহপি সৰ্বাশী সৰ্ববিক্ৰয়ী?

—মহাভাৰত

 আৰ্য্যধৰ্মৰ আৰু এটা বিশেষ মতৰ অলপ কথা কবলগীয়া আছে—

“জায়মানো বৈ ব্ৰাহ্মণং ত্ৰিভিঃ ঋণৈ জায়াতে।
যজ্ঞেন দেবেভ্যো ব্ৰহ্মচৰ্যেম ঋষিভ্যো প্ৰজয়া পিত্বভ্যঃ॥

[ ৫৪ ]

 এই তিনিঋণৰ অৰ্থ হল যে ষজ্ঞৰ দ্বাৰা অৰ্থাৎ পূৰ্ব্বাপৰ আচৰিত আচাৰ সমূহ পালনৰ দ্বাৰা দেৱ ঋণ শোধ কৰিব লাগে। তাৰ পৰা মানুহৰ আচাৰ ব্যৱহাৰ অভ্যাস, স্বভাৱ-চৰিত্ৰ নিৰূপিত হয়। ব্ৰহ্মচৰ্য্যৰ দ্বাৰা অৰ্থাৎ ঋষি মুনি সকলে যি বিলাক তত্ব কথা লিপিবদ্ধ কৰি থৈ গৈছে তাক পঢ়ি শুনি তাৰ কথা ভালদৰে জানিব লাগে। জানিলে ঋষি-ঋণ শোধ হয়। অৰ্থাৎ পূৰ্ব্ব পুৰুষৰ লগত আমাৰ কৃষ্টিগত সম্পৰ্ক স্থায়ী হয়। অতীত পাহৰিলে ভবিষ্যতে নাথাকে আৰু সন্তান উৎপাদন কৰি পিতৃঋণ শোধ কৰিব লাগে বা বংশ ৰক্ষা কৰি সমাজক স্থায়ী কৰিব লাগে।

 এতেকে আৰ্য্য ধৰ্ম্ম সংৰক্ষণ অৰ্থত সমাজক সুদৃঢ় ভেটিত স্থাপন কৰি যাতে সমাজৰ প্ৰতিজন লোকেই শান্তি পায়, সুখত থাকে, অভাৱত নপৰে, আৰু যাতে সমাজত বিশৃংখলা নঘটে, বিপ্লৱ নহয়, অসুয়া দ্বেষ আদি নাথাকে— এই বিলাক উদ্দেশ্য সিদ্ধিৰ কাৰণে প্ৰাচীন ঋষি-মুনি সকলে ত্ৰিবিধ চতুৰাশ্ৰয় আৰু ত্ৰিবিধ ঋণৰ শিক্ষা আমাক দি গৈছে। দেশ কাল পত্ৰ চাই আমি আমাৰ জীৱনত আৰু আমাৰ সময়ত খটাবৰ কাৰণে চেষ্টাৱান হব লাগে।

“ওঁ সৰ্ব্বস্তৰতু দুৰ্গাণি, সৰ্ব্বোভদ্ৰাণি পশ্যতু,
সৰ্ব্বঃ সদ্‌বুদ্ধি মাপ্ৰোতু, সৰ্ব্বঃ সৰ্ব্বত্ৰ নন্দতু”।

 

“কামৰূপ-আৰ্য্য-ধৰ্ম্ম-ৰক্ষিণী সভা”ত দিয়া সভাপতি অভিভাষণ

২৫।৩।৪৩