[৫]
ইংৰাজী সাহিত্যৰ এলিজাবেথৰ যুগৰ লগত তুলনা কৰিব পাৰি; আৰু এই যুগৰ যিজনা গুৰিয়াল তেওঁৰ সাহিত্যকৃত্যৰ প্ৰথম কীৰ্ত্তি “কীৰ্ত্তন”। এইদৰে বুৰঞ্জীৰ মানত “কীৰ্ত্তন” অসমীয়া সাহিত্যৰ নতুন যুগ প্ৰৱৰ্ত্তক। সাহিত্যিক সৌন্দৰ্য্যত নিতান্ত নিঃকিন হোৱা হলেও এই কাৰণত ‘কীৰ্ত্তন’ৰ আদৰ চিৰকাল অসমীয়া সাহিত্যত থাকিলহেঁতেন। কিন্তু সৌন্দৰ্য্যতো “কীৰ্ত্তন” এনে এখন পুথি যি কাৰো আগত— কোনো সাহিত্যৰ কোনো পুথিৰ আগতে— মূৰ নমাব লগাত নপৰে। শঙ্কৰদেৱৰ দৰে মহাধী ব্যক্তিৰ এয়ে বিশেষ কীৰ্ত্তি। মহাকবি ৰাম সৰস্বতীয়ে যাৰ প্ৰখৰ কল্পনা-শক্তি, স্বভাৱৰ সত্যবৰ্ণনা আৰু অসমীয়া সমাজৰ চিত্ৰ অঙ্কণৰ অতুল ক্ষমতাৰ যথেষ্ট সন্মান কৰিবলৈ আজিও আমি শিকা নাই— তেওঁ নিজৰ পদ লিখোতে কৈ গৈছে:—
“কীৰ্ত্তনৰ ছন্দে আমি নিবন্ধিলো পদ।”
ৰাম সৰস্বতী শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক। ইয়াৰে পৰা পাচৰ কবিসকলৰ ওপৰত ‘কীৰ্ত্তনৰ’ৰ প্ৰভাৱ অনুমানকৰিব পাৰি, আৰু দুটা সাধাৰণ কথা:— ‘কীৰ্ত্তন’ৰ আৰম্ভ আৰু শেষ ভনিতা:—
“শুক নিগদতি শুনা কুৰুপতি” ইত্যাদি বা “শুকমুণি বদতি শুনিও পৰিক্ষীত।” আকৌ;
“কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভনে।
বোলা হৰি হৰি সমস্ত জনে॥”