পৃষ্ঠা:ভাষণ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২৮]

চিৰৰোগীয়ে ব্যাধিৰ সকাশ পোৱা যে কি আৰাম, এই পদফাঁকি পঢ়ি তাৰ ধাৰণা হয় কিছু! শ্ৰীকৃষ্ণৰ নেত্ৰৰ বৰ্ণনা নো কি ধুনীয়া।

“শৰত কালৰ বিকশ পদ্মৰ
উদৰৰ শ্ৰীক নিন্দে।
হেনয় নেত্ৰৰ কটাক্ষে আমাক
মাৰিছা তুমি গোবিন্দে॥” [ ৰাস ক্ৰীড়া।]

১১। শব্দৰ বিন্যাস:—

 কীৰ্ত্তনৰ কবিতাৰ সৌন্দৰ্যৰ বিষয়ে অলপ কথা কোৱা হল। ৰচনাত—

 বিশেষ অৰ্থ জ্ঞাপক শব্দ বিন্যাস কৰাও সুৰচকৰ এটা ডাঙৰ কীৰ্তি, এই সম্বন্ধেও শঙ্কৰদেৱৰ প্ৰতিভা কীৰ্ত্তনত যিমান দেখা যায় তাক অলপ আলোচনা নকৰিলে প্ৰৱন্ধ সম্পূৰ্ণ নহয়। হিৰণ্যকশিপুৱে তপ কৰে ব্ৰহ্মাক। ব্ৰহ্মা সন্তুষ্ট হৈ আহি কৈছে :—

“শৰীৰৰ মাংসক খাইলেক তোৰ উই।”

 এই “তোৰ” পদটোৰ দ্বাৰা হিৰণ্যকশিপুৰ প্ৰতি ব্ৰহ্মাৰ কিমান মৰম কিমান বেথা প্ৰকাশ পাইছে! সেইদেখিয়েই শেষত বৰ দিছে :—

“যদ্যপি দুৰ্লভ বাপ ইটো মহাবৰ।
তথাপিতো দিলে বৰ বাঞ্ছা হৌক সিদ্ধি॥”

 ইয়াত সেইদৰে “বাপ” কথাটিৰ কিমান আত্মীয়তা।