ভাষণ/শিখ ধৰ্ম আৰু গুৰু গোবিন্দ সিংহ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ // ৬০ // ]
 

শিখ ধৰ্ম আৰু গুৰু গোবিন্দ সিংহ

১। জন্ম সপ্তমী

 ইংৰাজী ১৬৬০ খৃষ্টাব্দৰ অৰ্থাৎ ২৮১ বছৰ আগেয়ে, আজিৰ তিথিত পুণ্যশ্লোক গুৰু গোবিন্দ সিংহৰ আবিৰ্ভাৱ হয়। তেতিয়া তেওঁৰ পিতৃ গুৰু তেগ বাহাদূৰ পাটনাত— প্ৰায় পলৰীয়া অৱস্থাত। পাটনা নগৰতে পুহ মাহৰ শুক্লা সপ্তমী তিথিৰ শেষ নিশাত ধনিষ্ঠা নক্ষত্ৰত গুৰুদেৱৰ জন্ম লাভ হয়। শিখসকলে এই তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথিৰ নিচিনা পালন কৰে। কিয় কৰে তাক বুজিবলৈ হলে শিখ সম্প্ৰদায় সংগঠনত গুৰু গোবিন্দ সিংহৰ যি অমূল্যদান তাক বিচাৰ কৰি চাব লাগে। এই কথা পাছত বহলাই আলোচনা কৰা হব।

২। নগাৱঁৰ শিখ

 আমাৰ দেশত শিখ সম্প্ৰদায়ৰ কিছু লোক আছে। তেওঁলোক অনেকে বেলেগ বেলেগ ঠাইত থাকি পূত কৰ্ম কৰি জীৱিকা নিৰ্ব্বাহ কৰে। কিন্তু অনেকে পুৰুষানুক্ৰমে আমাৰ দেশতে বস বাস কৰি সম্পূৰ্ণৰূপ অসমীয়া জাতিৰ অঙ্গ আৰু শক্তি বৃদ্ধি কৰিছে। ১৯৪১ চনৰ চেঞ্চাচ অনুসৰি আমাৰ দেশত শিখ মানুহৰ সংখ্যা চাৰিহেজাৰ। ১৯৩১ চনৰ চেঞ্চাচ অনুসৰি নগাওঁ জিলাত ৬৩২ জন শিখৰ সংখ্যা দিয়া আছে। তাৰে ৩৩৯ জন মতা আৰু ২৯৩ জনী মাইকী। আন আন জিলাত পুৰুষৰ [ ৬১ ] অনুপাতত তিৰোতাৰ সংখ্যা তাকৰ। তাৰে পৰা অনুমান কৰিব পাৰি যে নগাৱঁত যেনেকৈ ঘৰ-বাৰী কৰি শিখসকলে অসমীয়া গাওঁ পাতি বাস কৰিছে, আন জিলাত তিমান দৰে থাকিবলৈ লোৱা নাই। সেইদেখি নগাৱঁৰ এই গাৱঁতে এই উৎসৱ বিশেষ প্ৰকাৰে পাতা হয়।

১৯৩১ চনৰ চেঞ্চাচ
Persons Males Females
Assam 2,729 1,918 811
British Territory 2,497 1,740 757
Assam Valley Division 2,242 1,563 678
Goalpara 36 24 12
Kamrup 89 66 28
Darrang 147 97 50
Nowgong 632 339 298
Sibsagar 304 221 88
Lakhimpur 1,025 810 215
Garo Hills 8 6 2
Sadiya Frontier Tract 34 15 19
Assam States 232 178 54

৩। শিখ ধৰ্ম্মৰ মূল শিক্ষা।

 শিখ ধৰ্ম্মৰ মূল কথা বুজিবলৈ অসমীয়া মানুহে বেচি প্ৰয়াস কৰিব নালাগে। কাৰণ মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰচাৰিত [ ৬২ ] বৈষ্ণৱ ধৰ্মৰ লগত শিখ ধৰ্ম্মৰ মূল তথ্য বিলাকৰ মিল দেখা যাব। গুৰু নানকৰ আবিৰ্ভাৱৰ কাল ১৪৬৯ খৃঃ আৰু তিৰোভাৱৰ কাল ১৫৩৯ খৃঃ— জীৱন কাল ৭০ বছৰ। গুৰু শঙ্কৰৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ এই সময়ৰে আগ পিছা। শঙ্কৰদেৱ গুৰু নানকতকৈ কিছু ডাঙৰ; কিন্তু তেৰাৰ পৰলোক হয় প্ৰায় ৩০ বছৰ পাছত। এই সময়ত গোটাই ভাৰত তথা— পৃথিবীজুৰি— ধৰ্ম বিষয়ক সংস্কাৰৰ যি এটা ঢৌ উঠে, গুৰু নানকে পশ্চিম ভাৰতত আৰু শঙ্কৰে পূব ভাৰতত সেই ধৰ্ম ভাবৰ আলম লৈ সেই সেই ঠাইৰ জাতীয় আৰু সামাজিক জীৱনত একোটা নতুন প্ৰেৰণা দিয়ে।

 শিখ শব্দৰ মূল অৰ্থ শিষ্য। শিখ ধৰ্মৰ কেইবাটিও বিশেষত্ব আছে। তাৰ ভিতৰত এই কেইটা প্ৰধান। ১। জাতিভেদ নামানে। হিন্দু মুচলমানৰো ভেদ নাই। ২। তেওঁলোক সম্পূৰ্ণ একেশ্বৰ বাদী। সকলে ধৰ্মৰে মূলতঃ মিল গুৰুৰ এই শিক্ষা আছিল। মুছলমান সম্প্ৰদায়ৰ লোক কিছুমানক উপদেশ দিওঁতে গুৰু নানকে কৈছিল—

“প্ৰেমৰ মচজিদত বিশ্বাসৰ দলিচা পাৰি প্ৰাৰ্থনা
কৰিবা। প্ৰথমে সত্যক আশ্ৰয় কৰিবা,
দ্বিতীয়তে সদুপায়েৰে জীবিকা অৰ্জ্জন কৰিবা;
তৃতীয়তে ঈশ্বৰৰ নামত ফল দিবা; চতুৰ্থতে
সদুদ্দেশ্যত স্থিৰ থাকিবা আৰু পঞ্চমত
ঈশ্বৰৰ নাম কীৰ্ত্তন কৰিবা। তুমি যদি
মুছলমান হোৱা কলমা অনুসৰি চলিবা”।

[ ৬৩ ] ৩। শিখ ধৰ্মৰ মতে জীৱাত্মা আৰু পৰমাত্মা একে বস্তু।

পৰমাত্মাৰ সন্ধান পালে জীৱ মুক্ত হয়। কিন্তু যেতিয়ালৈ জীবাত্মাই নিজক কৰ্মৰ কৰ্ত্তা বুলি জ্ঞান কৰি থাকে তেতিয়ালৈ জীৱাত্মাৰ পুনৰ্জন্ম হয়। মহাপুৰুষ মাধবদেৱৰ নাম ঘোষাৰ শিক্ষাও এনে।

“তিনি গুণময় যত জ্ঞান কৰ্ম
 কেৱল বদ্ধকাৰণ
জানি তাক ত্যজি একান্ত ভকতি
 ভজিয়ো কৃষ্ণ চৰণ। ২১২

কৰ্ম্মত বিশ্বাস যাৰ
 হিয়াত থাকন্তে হৰি
 অতিশয় দূৰহোন্ত তাৰ।
অহঙ্কাৰ থাকন্তেও
 সাক্ষাতে কৃষ্ণক পাৱে
 শ্ৰৱণ কীৰ্ত্তণ ধৰ্ম যাৰ।”

 ৪। শিখ ধৰ্মও মায়াবাদী। সৃষ্টি ঈশ্বৰৰ লীলা, এটা ছায়া মাত্ৰ, অস্থায়ী। ই মায়াৰ পৰা জন্মে। সত্ব, ৰজঃ আৰু তমঃ এই ত্ৰিগুণেৰে সৃষ্টি প্ৰকাশ পায়। গুৰু নানকে কৈছে—

 “বিশ্ব ব্ৰহ্মাণ্ড ঈশ্বৰৰ ছায়া মাত্ৰ; ত্ৰিগুণান্বিত মায়াৰ মাজত সৃষ্টিৰ প্ৰকাশ পাইছে। এই সৃষ্টি জন্ম-মৃত্যুৰ অধীন।”
[ ৬৪ ]  আমাৰ শাস্ত্ৰতে আছে—

“মায়া আদি কৰি
 সমস্ত অসত্য
জানিবা জড় নিশ্চয়
হৰিমাত্ৰ সত্য চৈতন্য ঈশ্বৰ
 পৰম তত্ব নিৰ্ণয়। ২০৫

 এনে বিলাক শিক্ষা শিখ ধৰ্ম্মৰ মূল ভেটি। ইয়াত আচাৰ বিচাৰৰ কটকটীয়া নিয়ম নাই। এনেকি সামাজিক অনুষ্ঠান বিলাকতো শিখ গুৰুসকলৰ আস্থা নাছিল। সামাজিক আচাৰ ৰীতি অনুসৰি বহুতো বস্তু অপৱিত্ৰ বুলি কোৱা হয়। গুৰু নানকে অপৱিত্ৰ বস্তুৰ বাখ্যা কৰিছে—

“মনৰ মলি লোভ; জিভাৰ মলি অসত্য;
চকুৰ মলি পৰস্ত্ৰীৰ আৰু পৰ ধনৰ প্ৰতি
আকাঙ্খা; কানৰ মলি পৰনিন্দা শ্ৰৱণ।
গুৰু নানকে কয়, যি হিংসা ভাৱ
পোষণ কৰে, সি মৃত্যু লোকলৈ যায়।

এনে বিলাক শিক্ষাৰ গুণত গুৰু নানকৰ মতত অনেক লোক দীক্ষিত হল।

৪। শিখ ধৰ্ম্মৰ ক্ৰম বিকাশ:—

 খৃষ্টাব্দ ১৫৮১ শকত অৰ্থাৎ গুৰু নানকৰ তিৰোভাৱৰ ৪২ বছৰ পাছত পঞ্চম গুৰু অৰ্জ্জুনদাস শিখ গুৰু হয়। এওঁ পূৰ্ব্ব পূৰ্ব্ব গুৰু সকলৰ বাণী বিলাক মনিবদ্ধ কৰি [ ৬৫ ] আৰু নিজৰো শিক্ষা লিপিবদ্ধ কৰি আদি গ্ৰন্থ চাহেব গুৰু গ্ৰন্থ চাহেব সংগ্ৰহ কৰে। এওঁৰ দিনত শিখ সম্প্ৰদায়ক কিছু পৰিমাণে সংঘ বদ্ধ কৰা হয়; আৰু যাতে সকলো শিষ্যই গুৰুক কৰ কাটাল দি সম্প্ৰদায় বল বৃদ্ধি কৰিবৰ উপায় কৰে তাৰ অৰ্থে এওঁ কিছুমান লোকক মচন্দ বিষয় দিয়ে। এওঁলোকৰ বাব আছিল আমাৰ দেশৰ সত্ৰবিলাকৰ মেধিৰ দৰে। এওঁলোকে শিষ্যৰ ঘৰে ঘৰে গৈ গুৰু কৰ গোটাইছিল। কালক্ৰমত এওঁবিলাকৰ এই বিষয়ত বহুতো ক্ৰুটি-বিচ্যুতি ঘটিল। এই কাৰণে গুৰু গোবিন্দ সিংহৰ দিনত এওঁলোকৰ বিষয় উঠাই দিয়া হ’ল। অৰ্জ্জুন দাসৰ পুত্ৰ হৰগোবিন্দজী। এওঁ লৰা কালতে গুৰু পদ লাভ কৰে। এওঁৰ দিনত দেখা গল যে কেবল সাত্বিক ভাৱক আশ্ৰয় কৰি ঈশ্বৰ আৰাধনা কৰি থাকিলেই এটা সম্প্ৰদায় ৰক্ষা নহয়। গতিকে পোনতে এওঁৰ দিনতেই শিখ বিলাকক যুদ্ধবিদ্যা শিকোৱাৰ দিহা কৰা হয়। এওঁ ধৰ্মগুৰু আৰু ৰাষ্ট্ৰ নায়ক দুয়ো ৰকমে থাকি শিখ সম্প্ৰদায়ক শাক্তিশালী কৰি তোলে। স্বভাৱতেই তেতিয়াৰ সাৰ্বভৌম লগত শিখ শক্তিৰ সংঘৰ্ষ হয়। নবম গুৰু তেগ বাহদূৰ। তেওঁ ৰাজৰোষত প্ৰাণ ত্যাগ কৰিবলগীয়া হয়। তেওঁ কিছুকাল পূব দেশত আছিল। ধুবুৰীত এটা শিখৰ মন্দিৰ আছে। সেই মন্দিৰ তেগ বাহাদূৰৰ দিনত স্থাপিত [ ৬৬ ] হোৱা বুলি প্ৰসিদ্ধ আছে। এই ফালে থাকোতেই পাটনা নগৰত গুৰু গোবিন্দ সিংহৰ জন্ম হয়। পূৰ্বে কোৱা হৈছে।

৫। গুৰু গোবিন্দ সিংহ।

 ১৬৭৫ খৃষ্টাব্দত তেগ বাহাদুৰ গুৰুজীৰ পৰলোক হয়। গুৰু গোবিন্দৰ সিংহৰ তেতিয়া পোন্ধৰ বছৰ বয়স। এই বয়সতে তেওঁ গুৰু পদৰ অধিকাৰী হয়। গুৰু গোবিন্দ সিংহৰ জীৱন নান প্ৰকাৰ বিচিত্ৰ আৰু ৰোমাঞ্চকৰ ঘটনাৰে পৰিপূৰ্ণ। তেওঁ শিখ সম্প্ৰদায়ক সকলো প্ৰকাৰ ত্যাগ, দৃঢ়মনা, সাহী আৰু বীৰ জাতি কৰি তুলিবলৈ সংকল্প কৰিছিল। আৰু সেই সাধনাত সিদ্ধি লাভ কৰিছিল। গুৰু গোবিন্দ সিংহৰ সংক্ষেপ জীৱনী এই— তেওঁৰ জন্ম হয় পাটনা নগৰত ১৬৬০ খৃঃত। ১৬৭৫ খৃঃত তেওঁ গুৰু পদ লাভ কৰে। তাৰ পাছত প্ৰায় কুৰি বছৰ কাল তেওঁ চাৰিওফালে শিখ সংগঠনৰ নানা প্ৰকাৰ কাৰ্য্যত ঘূৰি ফুৰে। গুৰুৱে একসমযত শিষ্য সকলৰ এখন দেৱান (সমাজ) পাতি শিষ্যসকলক কলে যে শিখ সম্প্ৰদায়ক গঢ়ি তুলিবলৈ নৰ-বলিৰ প্ৰয়োজন। শিষ্যসকলক প্ৰস্তুত হবলৈ কৈ গুৰুৱে মন্দিৰৰ অভ্যন্তৰত প্ৰবেশ কৰিলে! গুৰুৰ বাক্য শুনি তৎক্ষনাৎ এজন এজনকৈ পাঁচজন শিখ বলিৰ বাবে প্ৰস্তুত হৈ আহিল। এই উপায়েৰে গুৰুৱে শিষ্যসকলৰ সাহ, নিষ্ঠা আৰু দৃঢ় চিত্তৰ পৰীক্ষা কৰিলে মাত্ৰ। তেওঁ এই পাঁচজনকে মূল কৰি লৈ শিখৰ মাজত খালচা সম্প্ৰদায়ৰ আৰম্ভ কৰিলে। খালচা অৰ্থ সত্য, প্ৰকৃত।
[ ৬৭ ]  সংগঠন কাৰ্য্যত ঘূৰি ফুৰোতে গুৰুৱে অনেক যুদ্ধ বাগৰ কৰিব লগীয়া হয়। যুদ্ধতে তেওঁৰ চাৰিজন পুত্ৰ মৰা পৰে। শেষত মোগল সম্ৰাট বাহাদূৰ চাহৰ লগত মিত্ৰতা হয়। ১৭০৮ খৃষ্টাব্দত তেওঁৰ পালিত এজন পাঠান ভৃত্যই তেওঁক হত্যা কৰে।

৬। শিখ সম্প্ৰদায়।

 আজি কালি শিখৰ দুটা সম্প্ৰদায় আছে— কেশধাৰী আৰু সহজধাৰী। কেশধাৰী সকল খালচা; আৰু সহজধাৰী সকল সাধাৰণ গৃহস্থ। কেশধাৰীসকলে কেশ, কৃপান, কচ্ছ (কৱছ) কাংখা আৰু কাৰা ককাৰাদি এই পাঁচবিধ বস্তু ধাৰণ কৰিব লাগে। অৰ্থাৎ তেওঁলোকে চুলি ৰাখিব লাগে, এখন লোৰ অস্ত্ৰ লগত ৰাখিব লাগে, সদায় কৱচ বা তলত সৰু পায়জামা পিন্ধিব লাগে, চুলিত এখন ফণী ৰাখিব লাগে আৰু হাতত এপাত লোহাৰ বালা পিন্ধিব লাগে। এয়ে খালচা বা যুঁজাৰু শিখৰ পোছাক। কোনো এটা Uniform পিন্ধা অৰ্থাৎ একে প্ৰকাৰে সাজেৰে ভূষিত হৈ থকাটো যেই সেই সঙ্ঘৰ একতাৰ কাৰণে কিমান আৱশ্যক তাক গুৰুৱে ভাল কৰি জানিছিল। এই বীৰ-বেশেৰে সাজি পাৰি থকাত খালচা শিখ সকলৰ মনৰ গতি বীৰত্ব ভাৱেৰে কিমান দূৰ অনুপ্ৰানিত হৈ থাকে তাক অলপ ভাবি চালেই বুজিব পাৰি।

৭। অমৃত-সংস্কাৰ।

 এই বীৰত্বৰ আদৰ্শ যাতে ছলি অৱস্থাতে মটা-মাইকী নিৰ্বিশেষে শিখৰ মনত ভালদৰে সোমাই তাৰো দিহা কৰা [ ৬৮ ] হৈছিল। শিখ সকলৰ অমৃত সংস্কাৰ বুলি এটা অনুস্থান আছে। শিখ ধৰ্মত এই অনুষ্ঠান উপনয়ন’ আদি অনুস্থানৰ ঠাই অধিকাৰ কৰিছে।

 অমৃত প্ৰস্তুত কৰাৰ নিয়ম এনে। বিশ্বাসী, সত্যবাদী আৰু আন সকলো প্ৰকাৰে উপযুক্ত পাঁচজন খালচা শিখ বাচি উলিৱা হয়। এওঁলোেক অনুষ্ঠানৰ কৰ্ত্তা। এটা লোহাৰ পাত্ৰত পানী থোৱা হয়। তাতে বাতচা কিছুমান দিব লাগে। এই পাঁচজনৰ প্ৰত্যেকে এজন এজন কৰি বাটিতো বাওঁহাতেৰে ধৰি থাকে, আৰু সোহাতঁত এখন দুইমুখীয়া কৃপান লৈ তাৰে বাতচা খিনি লৰাই দিয়ে। তেওঁলোকৰ ভিতৰত যিজনা সকলোতকৈ ডাঙৰ তেওঁ এইদৰে পানী লৰাই দিয়াৰ লগে লগে জপজী চাহেবৰ মন্ত্ৰ খিনি সম্পূৰ্ণ কৰি গায়। আন কেইজনে বীৰ-আসন কৰি বহি একান্ত ভাবে ধ্যান কৰি মন্ত্ৰ শুনি থাকে আৰু অমৃত প্ৰস্তুত কাৰ্য্যত সমস্ত মনোযোগ নিক্ষেপ কৰে। প্ৰথমজনৰ জপজী গোৱা হলে দ্বিতীয় জনে অনুৰূপে জাপ চাহেব গায়। দ্বিতীয় জনৰ পিচত তৃতীয় জনে দশম গুৰুৰ (গোবিন্দ সিংহৰ) ৰচিত দহোটা চেৱৱা বা শ্লোক গায়। চতুৰ্থ জনে চৌপই আৰু পঞ্চম জনে আনন্দ চাহেব গায়। চেৱৱা, চৌপই আৰু আনন্দ চাহেব গাওঁতেও প্ৰথম আৰু দ্বিতীয় জনৰ অনুৰূপে গোৱাৰ লগে লগে পাত্ৰ পানী লৰাই থাকে। [১]এইদৰে গোৱা শেষ হলে [ ৬৯ ] অমৃত প্ৰস্তুত শেষ হল।

 লৰা-ছোৱালী উভয়কে দীক্ষা দিয়া হয়। শিখ-ধৰ্ম্মৰ সাধাৰণ কথা বুজিব পৰা হলে লৰা ছোৱালী বিলাকৰ দীক্ষাৰ কাৰণে উপস্থিত হয় আৰু দীক্ষা পাবলৈ প্ৰাৰ্থনা কৰে। যিন শিখ আগেয়ে বচা পাঁচজন দীক্ষাদাতাৰ ভিতৰত প্ৰৱল তেওঁ দীক্ষা লব খোজাসকলক তলত দিয়া উপদেশ দিয়ে।

 (১) গুৰু গ্ৰন্থ চাহেবক গুৰু বুলি বিশ্বাস কৰিবা আৰু দিনে শিখৰ প্ৰনালী মতে ঈশ্বৰ উপাসনা কৰিবা

 (২) শিখৰ পাঁচবিধ বস্তু লগত ৰাখিবা।

 (৩) সকলো শিখকে ভ্ৰাতৃ জ্ঞান কৰিবা।

 (৪) নিজৰ সমাজ আৰু দেশৰ প্ৰতি কৰ্ত্তব্য কৰিবা।

 (৫) যি গুৰুৰ মতে নচলে তাৰ সংগ নলবা।

 (৬) কোনো মাদক দ্ৰব্য, ব্যৱহাৰ নকৰিবা আৰু ধপাতোঁ নাখাবা।

 (৭) স্ত্ৰীলোকক সম্মান ৰাখিবা।

 (৮) নিজ পৰিশ্ৰমেৰে জীবিকা আৰ্জিবা।

 (৯) “অকাল” অৰ্থাৎ অনন্ত এক ঈশ্বৰক হে পূজা কৰিবা।

 (১০) গুণ-মন্ত্ৰত বিশ্বাস নকৰিবা। — অৰ্থাৎ কুসংস্কাৰৰ পৰা মুক্ত থাকিবা।

 (১১) জাঠা-বন্দী (শিখ-সংঘ)ৰ নিয়ম মানি চলিবা।

 (১২) শিক্ষা আৰু শিল্পৰ উন্নতি কৰিবলৈ যত্ন কৰিবা।
[ ৭০ ]  (১৩) গুৰু গোবিন্দ সিংহক পিতা আৰু মাতা চাহেব কুৱাৰক মাতা বুলি জ্ঞান কৰিবা, আৰু অমৃত সংস্কাৰ হোৱা লোকক নিজৰ ভ্ৰাতা বুলি ভাবিবা।

 (১৪) নিয়মৰ বাহিৰা কোনো কাম নকৰিবা।

 (১৫) যি টকা নিজে সঞ্চিত কৰিব পাৰা তাৰে দহভাগৰ এভাগ দান কৰিবা।

 (১৬) সদাই অস্ত্ৰ বিদ্যা চৰ্চ্চা কৰিবা; আৰু গুৰু মন্ত্ৰ (অৰ্থাৎ শিখ সম্প্ৰদায়) হকে প্ৰাণকো বিসৰ্জ্জন দিবলৈ প্ৰস্তুত থাকিবা।

 এইবিলাক প্ৰতিজ্ঞাই বয়-স্কাউটৰ আৰু মধ্য যুগৰ নাইট সকলৰ প্ৰতিজ্ঞা বিলাক মনত পেলাই দিয়ে। কোমল বয়সতে এনেবোৰ শিক্ষা মনৰ মাজত বদ্ধমূল কৰি দিলে যি জাতি গঠিত হব পাৰে তাৰ নমুনা আজি আমি শিখ যোদ্ধা, শিখ কৰ্মী, শিখ কৃষক এই সকলৰ মাজত দেখিছো। চুলি-দাৰি-গোফ-পাগুৰীৰে সুশোভিত শিখ এজনক দেখিলেও আমাৰ মনলৈ সাহ আহে। তাৰ মূলত গুৰু গোবিন্দসিংহৰ এনে শিক্ষা।

 ওপৰৰ কথাবিলাক ভালদৰে বুজাই দিয়াৰ পাছত দীক্ষা লব অহা লৰা ছোৱালী বিলাকে এই শিক্ষা বিলাক পালন কৰিব বুলি প্ৰতিজ্ঞা কৰে। তেওঁলোকে বীৰ-আসন পাতি বহে আৰু দীক্ষা দাতা পাঁচ জনৰ ভিতৰৰ প্ৰধানজনে তেওঁলোকে হাতৰ তলত অলুপ অলপ অমৃত ঢালি দিয়ে; আৰু [ ৭১ ] তেওঁলোকে পৰম আস্থা কৰি পান কৰে। এনেকৈ অমৃত পাঁচ বাৰ পান কৰোৱা হয়। পান কৰাৰ লগে লগে এইবচন শাৰী গায়, “ৱাহে গুৰুজীকা খালচা শ্ৰীৱাহে গুৰুজীকা ফতে।” তাৰ পাছত দীক্ষিত হোৱা সকলে প্ৰধান শিখজনৰ চকুৰ ফালে স্থিৰ দৃষ্টিৰে চাব লাগে; তেতিয়া তেওঁ কিছু অমৃত এওঁলোকৰ চকুলৈ ছটিয়াই দিয়ে। এই সময়ত চকু মুদ খাব নালাগে বা নিমিষ কৰিব নালাগে। এতিয়াও আগৰ বচন ফাকি গাব লাগে। তাৰ পাছত পাগুৰীৰ অলপ সোলোকাই মূৰত অমৃত সিঞ্চন কৰা হয়। তেতিয়াও বচন ফাকি গাব লাগে। এইদৰে এজন এজন কৰি দীক্ষা দিয়া হলে, পাত্ৰটোত যি অলপ অমৃত থাকে তাক সকলোৱে সেই একেটা পাত্ৰৰে পৰা খাব লাগে।

 তাৰ পাছত সকলোৱে আনন্দ চাহেব কীৰ্ত্তন কৰে; আৰু সমশেষত কাষা প্ৰসাদ[২] বিতৰণ হয়। আৰু সমাজৰ লোক সকল ঘৰঘৰি যায়।

 অমৃত সংস্কাৰৰ কথা বহলাই কোৱা হল, শিখৰ শিক্ষা আৰু আদৰ্শ কেনে তাক দেখুৱাবলৈ।

 শিখ সম্প্ৰদায়ক বীৰ, পৰাক্ৰমী আৰু এটা কৰ্মী জাতি কৰি তোলাত এই আদৰ্শ আৰু এনে শিক্ষাই কিমান সহায় কৰিছে তাক সহজতে বুজিব পাৰি।
[ ৭২ ] সৰ্বশেষ দশমগুৰু গোবিন্দ সিংহৰ শিখ ধৰ্মৰ প্ৰতি এইটিয়ে অপূৰ্ব্ব দান। এনে শিক্ষাৰ গুণত শিখ জাতি আজিও সংঙ্ঘবদ্ধ হৈ সংখ্যাত তাকৰ হৈয়ো পৃথিবীত লেখত লবলগীয়া হৈ আছে।

৮। আদি গ্ৰন্থ চাহেব।

 গুৰু গোবিন্দ সিংহৰ দ্বিতীয় দানটো হৈছে— শিখ ধৰ্ম আৰু জাতিক চিৰকাললৈ কোনো এজন মানুহৰ মতামতৰ অধীনতাৰ পৰা সম্পূৰ্ণৰূপে উদ্ধাৰ কৰি প্ৰকৃত জনমতৰ ওপৰত স্থাপন কৰা। গুৰু গোবিন্দ সিংহৰ অন্তিম কালত তেওঁক সোধা হল যে তেওঁৰ পাছত কোন গুৰু হব। তেওঁৰ উপদেশ হল যে তেওঁৰ পাছত আৰু কোনো মানুহ গুৰু হবৰ আৱশ্যক নাথাকিব, আদি গ্ৰন্থ চাহেবকে সকলোৱে গুৰু বুলি মানিব। এখন শাস্ত্ৰক দেৱতা আৰু গুৰুৰ স্থানত থাপনা কৰাৰ আৰু এটা উদাহৰণ আছে— সি হৈছে আমাৰ দেশত। কীৰ্ত্তন শাস্ত্ৰ বা ভাগবত শাস্ত্ৰ আজিকোপতি আমাৰ দেশত এইদৰে থাপনা কৰা হয়।

 গ্ৰন্থ চাহেব থাপনা কৰাৰ নিয়ম এনে। যেই সেই খোটালী বা ঘৰতে গ্ৰন্থ-চাহেব থাপনা কৰিব পাৰি; মুঠে ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্ন হব লাগে। তাক লেপি পুছিলৈ কঠ, পাট বা কাপোৰ পাৰিব লাগে। তাৰে একাষত এখন ছাল-পীৰাৰ ওপৰত এখন ঠগী বা তেনে পাত্ৰ থাকিব লাগে। তাতে গ্ৰন্থ চাহেবক থব লাগে। থওঁতে পাটৰ বা কিংখাপৰ [ ৭৩ ] বহুমূলীয়া কাপোৰেৰে তাক মেৰাই বা ঢাকি থব লাগে। ওপৰত এখন চাঁদোৱা তৰিব লাগে। আমাৰ কীৰ্ত্তন পুথি থাপনা কৰা প্ৰনালীৰ লগত এই পদ্ধতিৰ হুবহু মিল আছে।

 যিজনে গ্ৰন্থ চাহেব পাঠ কৰে তেওঁক গ্ৰন্থী বোলে। পুৰুষ-তিৰোতা নিৰ্বিশেষে গ্ৰন্থী হব পাৰে। শিখৰ কোনো ধৰ্মানুষ্ঠান গ্ৰন্থ-চাহেবৰ সন্মুখত ব্যাতিৰেকে হব নোৱাৰে।

 “মচন্দ” বিলাকৰ বিষয় গুচাই ধৰ্মৰ নামত অন্যায় আচৰণ ৰোধ কৰাৰ কথা আগত কোৱা হৈছে। আদিগ্ৰন্থ চাহেবক গুৰু বুলি মানিবলৈ আদেশ দি গুৰু গোবিন্দ সিংহই শিখ সম্প্ৰদায়ৰ আন এটা কল্যান সাধন কৰিলে যে সিসকল, যিমানেই উচ্ছ নহক কোনো এজন মানুহৰ আদেশৰ তলত থাকিব লগীয়া হৈ নাথাকিল।

 এই দুই কথাৰে গুৰু গোবিন্দ সিংহই শিখ সম্প্ৰদায়ক বহুদিনলৈ এটা সংঘত দৃঢ়কৈ গঠন কৰিব পাৰিলে। গুৰুজীৰ এই কৰ্মৰ কাৰণে আমি সকলোৱে তেওঁৰ চৰণত প্ৰণতি কৰোঁ।

৯। অসমীয়া শিখ আৰু অসমীয়া জাতি গঠন:—

 অসমত বাস কৰা শিখসকলৰ অলপ বিশেষত্ব আছে। সেই বিষয়ে ইয়াত চমু আলোচনা কৰিবলৈ চেষ্টা কৰা হব।

 অসমদেশখন এক অপূৰ্ব দেশ। অসম বা আসাম বা অবম শব্দৰ প্ৰকৃত বাখ্যা যিয়েই নহক সেই দেশৰ সমান দেশ নাই বুলি কলে বৰ বঢ়াই কোৱা নহব।
[ ৭৪ ]  অতীতৰ বুৰঞ্জী আলোচনা কৰিলে দেখা যায় যে বৈদিক যুগতো এই দেশখন সভ্য দেশ আছিল, ইয়াৰ এটা সংস্কৃতি আছিল। ৰামায়ণ মহাভাৰতৰ দিনত এই খ্যাতি গোটাই ভাৰত বিয়পি পৰিছিল। বৌদ্ধ যুগৰ অসমৰ বিষয়ে বৰ বেছি আলোচনা এতিয়াও হোৱা নাই। তথাপিতে এইটো সিদ্ধান্ত হৈছে যে সেই দিনতো এই দেশ শিক্ষা-শিল্প ধৰ্মালোচনাত এখন উন্নত দেশ আছিল। ভাস্কৰবৰ্মা আৰু তেওঁৰ পূৰ্ব পুৰুষৰ দিনত এই দেশৰ সভ্যতা আৰু সংস্কৃতি ভাৰতবৰ্ষৰ কোনো ঠাইতকৈ কম নাছিল। তাৰ পাচত ৰজাসকলৰ দিনতো এই দেশৰ সভ্যতা-বৈভৱ কম বেছি হৈ আছিল যদিও কেতিয়াও লোপ পোৱা নাছিল।

 এই প্ৰায় আঢ়ৈ হাজাৰ বছৰ একে মানুহেই বা একে জাতিৰ মানুহেই এই দেশত বাস কৰি থাকা নাই। যুগে যুগে নতুন নতুন মানুহ আহি আছে; আৰু এই দেশত বসবাস কৰি থাকিছে। ৬০/৭০/১০০ বছৰ আগেয়েও আন ঠাইৰ পৰা এই দেশলৈ মানুহ আহি সম্পূৰ্ণৰূপে অসমীয়া মানুহ হৈ যোৱাৰ লেখ আমাৰ চকুত আৰু মনত অনেক পৰিব। প্ৰৱাদ আছে বোলে কামৰূপ কামাখ্যাৰ দেশ। ইয়ালৈ আহিলে ইয়াৰ প্ৰাকৃতিক সম্পদত মানুহ ইমান মুগ্ধ হৈ যায়, যে সি ইয়াতে থাকিয়েই যায়, নিজৰ আগৰ ঠাইলৈ পাহৰে।

 আমাৰ শিখ ভাইসকলো ইয়াৰে এটা উদাহৰণ। তেওঁলোক নানা প্ৰকাৰ ব্যৱসায় উপলক্ষ কৰি আমাৰ [ ৭৫ ] দেশলৈ আহিল। আহি ইয়াতে বসবাস কৰিবলৈ ললে। তেওঁলোকে নিজৰ ধৰ্মৰ সকলো প্ৰকাৰ আচাৰ অনুষ্ঠান পালন কৰিছে; এনেকি তেওঁলোকৰ সাজ-পাৰৰ বৈশিষ্ট্যও ৰক্ষা কৰি আছে। অথচ তেওঁলোক সৰ্বপ্ৰকাৰে অসমীয়া। অসম তেওঁলোকৰ জন্মভূমি, মাতৃভূমি। তেওঁলোকে অসমীয়া বুলি পৰিচয় দি গৌৰৱ কৰে, অসমীয়া ভাষা সাহিত্যক আদৰ কৰি আলোচনা কৰে, তাতে গৰ্ব অনুভৱ কৰে আৰু আনন্দ পায়। অসমীয়াৰ যিবিলাক সমস্যা তাৰ বাহিৰে তেওঁলোকৰ সুকীয়া সমস্যা নাই।

 শিখ সম্প্ৰদায়ৰ এই উদাহৰণে আমাক জাতি গঠন বিষয়ত এটা ডাঙৰ শিক্ষা দিছে। সম্প্ৰতি আমাৰ মাজত আন আন ঠাইৰ পৰা নতুন মানুহ কিছুমান আহিছে। তেওঁলোকক আমি আদৰ কৰি আমাৰ মাজত ঠাই দিছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ এটা অনুৰোধ— তেওঁলোকৰ আৰু আমাৰ ভবিষ্যত কল্যাণ কামনা কৰি— যে তেওঁলোক আমাৰ মাজত সম্পূৰ্ণৰূপে মিলি যাক। তেওঁলোকে এই অসমকে নিজৰ জন্মভূমি-মাতৃভূমি বুলি নিসংকোচ চিত্তে গ্ৰহণ কৰক; তেওঁ লোকে অসমীয়া ভাষা গ্ৰহণ কৰক; অসমীয়া সাহিত্য আলোচনা আৰু চৰ্চা কৰক; তেওঁলোক সম্পূৰ্ণৰূপে অসমীয়া হক। আজি শিখ সম্প্ৰদায়ৰ এমুঠি লোক আমাৰ মাজত পাই আমি যেনে সন্তোষ পাইছো, তেওঁলোককো আমাৰ নিজা কৰি আমাৰ মাজত পালে আমাৰ সন্তোষ [ ৭৬ ] সেই পৰিমাণে বাঢ়িব; আৰু অসম মাতৃয়ে এই সকলোকে নিজৰ বিস্তীৰ্ণ কোলাত সামৰি লৈ গৌৰৱ আৰু আনন্দ পাব।

 মই আগতে কৈছো যে আমাৰ মাজত শিখ সম্প্ৰদায়ৰ লোক ১৯৩১ চনত ৩০০০ (তিনি) হাজাৰৰো কম আছিল। সেই সংখ্যা এতিয়া বাঢ়ি চাৰি হাজাৰৰ অধিক হোৱা নাই, সংখ্যাত তাকৰ হৈয়ো আমাৰ জাতি গঠনত তেওঁলোকে যি বিশিষ্ট দান দিছে তাৰে এটা মাত্ৰ উল্লেখ কৰিলোঁ। তেওঁলোকৰ দ্বিতীয় দানো তেনেকুৱা বহুমূলীয়া। সেইটো হৈছে দক্ষতাৰ উদাহৰণ। মই জনাত কোনো শিখ ডেকা কাম নোহোৱা কৰি থাকিব লগীয়া হোৱা নাই। কিবা নে কিবা প্ৰকাৰে তেওঁলোকে নিজে নিজৰ জীবিকা আৰ্জে। এইটোওঁ তেওঁলোকৰ শিক্ষাৰ এটা আদৰ্শ। আশাকৰোঁ আন অসমীয়া ডেকায়ো এই আদৰ্শ অনুসৰণ কৰিবলৈ যত্ন কৰিব।

১০। সাধাৰণ শিক্ষা।

 এটা ডাঙৰ কথা কব থাকিল। সেইটো শিক্ষাৰ কথা, আমাৰ মাজত শিক্ষাৰ প্ৰচাৰ যথেষ্ট হোৱা নাই— সকলোৱে জানে। শিখ সকলৰ মাজতো শিক্ষাৰ যথেষ্ট প্ৰচাৰ হোৱা নাই— বিশেষ কৰি ছোৱালী শিক্ষাৰ। তাৰ কাৰণে চৰকাৰে কিছু যত্ন কৰিছে। কিন্তু চৰকাৰ যত্নৰ পৰাই সকলো কাম হব নোৱাৰে।
[ ৭৭ ]  আমাৰ সকলো প্ৰকাৰ অপায় অমঙ্গলৰ প্ৰতিবিধান কৰ্ত্তা আমি নিজে হব লাগে। আত্মবলেই হে পৰম বল। এতেকে অকল চৰকাৰ বা যাৰে তাৰে মুখলৈ নাচাই আমি নিজে নিজে যত্ন কৰিব লাগে যাতে আমাৰ মাজৰ পৰা অজ্ঞতা দোষ দূৰ হয়। কুৰি বছৰ আগলৈকে সৰ্ব্ব সাধাৰণৰ মাজত কানি খোৱা এটা দোষৰ বা পাপৰ কথা বুলি ভাৱ হোৱা নাছিল। এনেকি কানীয়া বিলাকে কানীয়া ভকত বুলি অনেকৰ পৰা দয়া মৰম পাইছিল আৰু মাজে মাজে মানুহে কানীয়া সেৱা পাতি ধৰ্ম্ম আৰ্জ্জিছে বুলি ভাবিছিলি। এই কুৰি বছৰৰ ভিতৰত কানি যে বৰ বিহ, আৰু সকলোৱে বৰ্জ্জন কৰিব লাগে এই কথা জনাজাত হল; আৰু গৱৰ্ণমেণ্টে সম্পূৰ্ণৰূপে কানি বন্ধ কৰিলে অজ্ঞতা, আখৰ নিচিনা এইবিলাক কথাতো আমাৰ তেনে জনমত হব লাগে। তেতিয়া আমাৰ মাজৰ পৰা এইদোষ আতঁৰ হব। সংস্কাৰ বিষয়ত গুৰু গোবিন্দ সিংহৰ আদৰ্শ, দৃঢ় সংকল্প, শিক্ষা, সাধনা আৰু সিদ্ধি আমাৰ উদাহৰণ হক। তেওঁৰ আৰু তেওঁৰ দৰে গুৰু সকলৰ আশীৰ্ব্বাদত আৰু ভগৱন্তৰ কৃপাত আমি অসমীয়া মানুহ প্ৰকৃততে এটা অসম জাতি হৈ উঠো— এই মোৰ একান্ত প্ৰাৰ্থনা।

 
  1. জপজী চাহেব, জাপ চাহেব, চেৱৱা, চৌপই, আনন্দ চাহেব আদি গ্ৰন্থ চাহেবৰ বেলেগ বেলেগ আধ্যায়ৰ নাম।
  2. সমান পৰিমাণ আতা বা চুজি, ঘিউ আৰু চেনি লব। পানী ইয়াৰ তিনিগুণ লব লাগে। ঘিউত চুজি ৰঙা পৰি সুবাস ওলোৱাকৈ ভাজিব আৰু তাত চেনি আৰু পানী দিব। আমাৰ দেশত এই বস্তুকে মোহনভোগ বোলে।
 

 নগাওঁ, চাপৰমুখত গুৰু গোবিন্দ সিংহৰ জন্মোৎসৱত সভাপতি ৰূপে দিয়া ভাষণ।

২৫।১২।৪১