পৃষ্ঠা:ভাষণ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৬]

হোৱা বুলি প্ৰসিদ্ধ আছে। এই ফালে থাকোতেই পাটনা নগৰত গুৰু গোবিন্দ সিংহৰ জন্ম হয়। পূৰ্বে কোৱা হৈছে।

৫। গুৰু গোবিন্দ সিংহ।

 ১৬৭৫ খৃষ্টাব্দত তেগ বাহাদুৰ গুৰুজীৰ পৰলোক হয়। গুৰু গোবিন্দৰ সিংহৰ তেতিয়া পোন্ধৰ বছৰ বয়স। এই বয়সতে তেওঁ গুৰু পদৰ অধিকাৰী হয়। গুৰু গোবিন্দ সিংহৰ জীৱন নান প্ৰকাৰ বিচিত্ৰ আৰু ৰোমাঞ্চকৰ ঘটনাৰে পৰিপূৰ্ণ। তেওঁ শিখ সম্প্ৰদায়ক সকলো প্ৰকাৰ ত্যাগ, দৃঢ়মনা, সাহী আৰু বীৰ জাতি কৰি তুলিবলৈ সংকল্প কৰিছিল। আৰু সেই সাধনাত সিদ্ধি লাভ কৰিছিল। গুৰু গোবিন্দ সিংহৰ সংক্ষেপ জীৱনী এই— তেওঁৰ জন্ম হয় পাটনা নগৰত ১৬৬০ খৃঃত। ১৬৭৫ খৃঃত তেওঁ গুৰু পদ লাভ কৰে। তাৰ পাছত প্ৰায় কুৰি বছৰ কাল তেওঁ চাৰিওফালে শিখ সংগঠনৰ নানা প্ৰকাৰ কাৰ্য্যত ঘূৰি ফুৰে। গুৰুৱে একসমযত শিষ্য সকলৰ এখন দেৱান (সমাজ) পাতি শিষ্যসকলক কলে যে শিখ সম্প্ৰদায়ক গঢ়ি তুলিবলৈ নৰ-বলিৰ প্ৰয়োজন। শিষ্যসকলক প্ৰস্তুত হবলৈ কৈ গুৰুৱে মন্দিৰৰ অভ্যন্তৰত প্ৰবেশ কৰিলে! গুৰুৰ বাক্য শুনি তৎক্ষনাৎ এজন এজনকৈ পাঁচজন শিখ বলিৰ বাবে প্ৰস্তুত হৈ আহিল। এই উপায়েৰে গুৰুৱে শিষ্যসকলৰ সাহ, নিষ্ঠা আৰু দৃঢ় চিত্তৰ পৰীক্ষা কৰিলে মাত্ৰ। তেওঁ এই পাঁচজনকে মূল কৰি লৈ শিখৰ মাজত খালচা সম্প্ৰদায়ৰ আৰম্ভ কৰিলে। খালচা অৰ্থ সত্য, প্ৰকৃত।