পৃষ্ঠা:ভাষণ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭১]

তেওঁলোকে পৰম আস্থা কৰি পান কৰে। এনেকৈ অমৃত পাঁচ বাৰ পান কৰোৱা হয়। পান কৰাৰ লগে লগে এইবচন শাৰী গায়, “ৱাহে গুৰুজীকা খালচা শ্ৰীৱাহে গুৰুজীকা ফতে।” তাৰ পাছত দীক্ষিত হোৱা সকলে প্ৰধান শিখজনৰ চকুৰ ফালে স্থিৰ দৃষ্টিৰে চাব লাগে; তেতিয়া তেওঁ কিছু অমৃত এওঁলোকৰ চকুলৈ ছটিয়াই দিয়ে। এই সময়ত চকু মুদ খাব নালাগে বা নিমিষ কৰিব নালাগে। এতিয়াও আগৰ বচন ফাকি গাব লাগে। তাৰ পাছত পাগুৰীৰ অলপ সোলোকাই মূৰত অমৃত সিঞ্চন কৰা হয়। তেতিয়াও বচন ফাকি গাব লাগে। এইদৰে এজন এজন কৰি দীক্ষা দিয়া হলে, পাত্ৰটোত যি অলপ অমৃত থাকে তাক সকলোৱে সেই একেটা পাত্ৰৰে পৰা খাব লাগে।

 তাৰ পাছত সকলোৱে আনন্দ চাহেব কীৰ্ত্তন কৰে; আৰু সমশেষত কাষা প্ৰসাদ[১] বিতৰণ হয়। আৰু সমাজৰ লোক সকল ঘৰঘৰি যায়।

 অমৃত সংস্কাৰৰ কথা বহলাই কোৱা হল, শিখৰ শিক্ষা আৰু আদৰ্শ কেনে তাক দেখুৱাবলৈ।

 শিখ সম্প্ৰদায়ক বীৰ, পৰাক্ৰমী আৰু এটা কৰ্মী জাতি কৰি তোলাত এই আদৰ্শ আৰু এনে শিক্ষাই কিমান সহায় কৰিছে তাক সহজতে বুজিব পাৰি।


  1. সমান পৰিমাণ আতা বা চুজি, ঘিউ আৰু চেনি লব। পানী ইয়াৰ তিনিগুণ লব লাগে। ঘিউত চুজি ৰঙা পৰি সুবাস ওলোৱাকৈ ভাজিব আৰু তাত চেনি আৰু পানী দিব। আমাৰ দেশত এই বস্তুকে মোহনভোগ বোলে।