[৭৫]
দেশলৈ আহিল। আহি ইয়াতে বসবাস কৰিবলৈ ললে। তেওঁলোকে নিজৰ ধৰ্মৰ সকলো প্ৰকাৰ আচাৰ অনুষ্ঠান পালন কৰিছে; এনেকি তেওঁলোকৰ সাজ-পাৰৰ বৈশিষ্ট্যও ৰক্ষা কৰি আছে। অথচ তেওঁলোক সৰ্বপ্ৰকাৰে অসমীয়া। অসম তেওঁলোকৰ জন্মভূমি, মাতৃভূমি। তেওঁলোকে অসমীয়া বুলি পৰিচয় দি গৌৰৱ কৰে, অসমীয়া ভাষা সাহিত্যক আদৰ কৰি আলোচনা কৰে, তাতে গৰ্ব অনুভৱ কৰে আৰু আনন্দ পায়। অসমীয়াৰ যিবিলাক সমস্যা তাৰ বাহিৰে তেওঁলোকৰ সুকীয়া সমস্যা নাই।
শিখ সম্প্ৰদায়ৰ এই উদাহৰণে আমাক জাতি গঠন বিষয়ত এটা ডাঙৰ শিক্ষা দিছে। সম্প্ৰতি আমাৰ মাজত আন আন ঠাইৰ পৰা নতুন মানুহ কিছুমান আহিছে। তেওঁলোকক আমি আদৰ কৰি আমাৰ মাজত ঠাই দিছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ এটা অনুৰোধ— তেওঁলোকৰ আৰু আমাৰ ভবিষ্যত কল্যাণ কামনা কৰি— যে তেওঁলোক আমাৰ মাজত সম্পূৰ্ণৰূপে মিলি যাক। তেওঁলোকে এই অসমকে নিজৰ জন্মভূমি-মাতৃভূমি বুলি নিসংকোচ চিত্তে গ্ৰহণ কৰক; তেওঁ লোকে অসমীয়া ভাষা গ্ৰহণ কৰক; অসমীয়া সাহিত্য আলোচনা আৰু চৰ্চা কৰক; তেওঁলোক সম্পূৰ্ণৰূপে অসমীয়া হক। আজি শিখ সম্প্ৰদায়ৰ এমুঠি লোক আমাৰ মাজত পাই আমি যেনে সন্তোষ পাইছো, তেওঁলোককো আমাৰ নিজা কৰি আমাৰ মাজত পালে আমাৰ সন্তোষ