পৃষ্ঠা:ভাষণ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭৩]

বহুমূলীয়া কাপোৰেৰে তাক মেৰাই বা ঢাকি থব লাগে। ওপৰত এখন চাঁদোৱা তৰিব লাগে। আমাৰ কীৰ্ত্তন পুথি থাপনা কৰা প্ৰনালীৰ লগত এই পদ্ধতিৰ হুবহু মিল আছে।

 যিজনে গ্ৰন্থ চাহেব পাঠ কৰে তেওঁক গ্ৰন্থী বোলে। পুৰুষ-তিৰোতা নিৰ্বিশেষে গ্ৰন্থী হব পাৰে। শিখৰ কোনো ধৰ্মানুষ্ঠান গ্ৰন্থ-চাহেবৰ সন্মুখত ব্যাতিৰেকে হব নোৱাৰে।

 “মচন্দ” বিলাকৰ বিষয় গুচাই ধৰ্মৰ নামত অন্যায় আচৰণ ৰোধ কৰাৰ কথা আগত কোৱা হৈছে। আদিগ্ৰন্থ চাহেবক গুৰু বুলি মানিবলৈ আদেশ দি গুৰু গোবিন্দ সিংহই শিখ সম্প্ৰদায়ৰ আন এটা কল্যান সাধন কৰিলে যে সিসকল, যিমানেই উচ্ছ নহক কোনো এজন মানুহৰ আদেশৰ তলত থাকিব লগীয়া হৈ নাথাকিল।

 এই দুই কথাৰে গুৰু গোবিন্দ সিংহই শিখ সম্প্ৰদায়ক বহুদিনলৈ এটা সংঘত দৃঢ়কৈ গঠন কৰিব পাৰিলে। গুৰুজীৰ এই কৰ্মৰ কাৰণে আমি সকলোৱে তেওঁৰ চৰণত প্ৰণতি কৰোঁ।

৯। অসমীয়া শিখ আৰু অসমীয়া জাতি গঠন:—

 অসমত বাস কৰা শিখসকলৰ অলপ বিশেষত্ব আছে। সেই বিষয়ে ইয়াত চমু আলোচনা কৰিবলৈ চেষ্টা কৰা হব।

 অসমদেশখন এক অপূৰ্ব দেশ। অসম বা আসাম বা অবম শব্দৰ প্ৰকৃত বাখ্যা যিয়েই নহক সেই দেশৰ সমান দেশ নাই বুলি কলে বৰ বঢ়াই কোৱা নহব।